ETV Bharat / bharat

চৰকাৰে কৃষকৰ লগত থিয় হোৱাৰ পৰিৱৰ্তে মন্ত্ৰীকহে কৰিছে সমৰ্থন: প্ৰিয়ংকা গান্ধী

author img

By

Published : May 10, 2022, 6:48 PM IST

Priyanka Gandhi on Lakhimpur
চৰকাৰে কৃষকসকলৰ সৈতে থিয় হোৱাৰ পৰিৱৰ্তে মন্ত্ৰীকহে সমৰ্থন আগবঢ়াইছে : প্ৰিয়ংকা গান্ধী

লখিমপুৰৰ কৃষক গণহত্যাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ ভাবুকিপূৰ্ণ ভাষণ । এই অভিযোগ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ (Priyanka Gandhi on Lakhimpur) ৷

নেশ্যনেল ডেক্স, 10 মে’ : উত্তৰ প্ৰদেশৰ লখিমপুৰৰ কৃষকৰ গণহত্যাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰৰ ভাবুকিপূৰ্ণ মন্তব্য (Priyanka on speech of Minister Ajay Mishra threatening farmers) ৷ এই ক্ষেত্ৰত বিজেপি চৰকাৰে কৃষকসকলৰ কাষত থিয় হোৱাৰ বিপৰীতে তেওঁলোকৰ বিৰুদ্ধেহে থিয় হৈছিল (Lakhimpur farmer massacre) ৷ মঙলবাৰে এই অভিযোগ উত্থাপন কৰিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই (Priyanka Gandhi on Lakhimpur) ৷

এলাহাবাদ উচ্চ ন্যায়ালয়ে গোচৰটোৰ সন্দৰ্ভত কয় যে, উচ্চ পদবীত থকা ৰাজনৈতিক ব্যক্তিসকলে দায়িত্বহীন মন্তব্য (Irresponsible statements from political people holding high position) দিয়াৰ পৰা বিৰত থাকিব লাগে আৰু তেওঁলোকৰ পদৰ মৰ্যাদাৰ কথা মনত ৰাখি সঠিক আচৰণ কৰিব লাগে) ৷ লখিমপুৰৰ খেৰী হিংসাৰ চাৰিজন অভিযুক্তৰ জামিন আবেদন খাৰিজ কৰি আদালতে এই পৰ্যৱেক্ষণ দাখিল কৰে ৷

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে কৰা পৰ্যৱেক্ষণৰ ওপৰত আলোকপাত কৰি প্ৰিয়ংকা গান্ধীয়ে নিজে টুইটত উল্লেখ কৰে, "লখিমপুৰত কৃষক হত্যাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল কৃষকসকলক ভাবুকি দিয়া কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ ভাষণ ৷ কৃষকসকলৰ হৈ থিয় দিয়াৰ পৰিৱৰ্তে বিজেপি চৰকাৰে তেওঁলোকৰ মন্ত্ৰীক শক্তিশালী সমৰ্থন আগবঢ়াইছে ৷ বৰ্তমান ন্যায়ৰ যুঁজ চলি আছে আৰু কৃষকসকলক একেলগে বাহিৰ লৈ যাবলৈ নিদিওঁ’’ ৷

তেওঁৰ পৰ্যৱেক্ষণত ন্যায়াধীশ দিনেশ কুমাৰ সিঙে কয়, ‘‘উচ্চ পদবীত থকা ৰাজনৈতিক ব্যক্তিসকলে সমাজৰ ওপৰত সেই বিবৃতিৰ প্ৰভাৱ সমাজৰ ওপৰত পৰিব পাৰে বুলি কোনো ৰাজহুৱা বিবৃতি দিয়াৰ আগতে মনত ৰাখিব লাগে ৷ তেওঁলোকে দায়িত্বহীন মন্তব্য কৰা উচিত নহয়’’ ।

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ আশীষৰ জামিন আবেদনৰ শুনানি হ’ব 25 মে'ত ৷ ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে আশীষৰ জামিন আবেদন খাৰিজ কৰিছিল ৷

লগতে পঢ়ক : Shaheen Bagh eviction : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে চি পি আই এমৰ আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.