ETV Bharat / state

সন্তান-পত্নীক ঘৰত এৰি আলফাত যোগদান কণ্ঠশিল্পীৰ

author img

By

Published : May 11, 2022, 11:05 AM IST

অসমৰ বহু যুৱক-যুৱতীয়ে এতিয়া যোগদান(Numbers of Assamese youth joined ULFA Independent) কৰা দেখা গৈছে নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বাধীন) ত ৷ পুনৰ মৰাণৰ এজন যুৱকে সংগঠনটোত যোগদান কৰাৰ খবৰ পোৱা গৈছে ৷ যুৱকজন মৰাণৰ ২ নং চৰাইহাবি গাঁৱৰ বাসিন্দা তথা উদীয়মান কণ্ঠশিল্পী(Singer abhilesh bora joins ulfa independentent) ।

ULFA
এইবাৰ আলফালৈ মৰাণৰ উদীয়মান কণ্ঠশিল্পী

মৰাণ, ১১ মে': শেহতীয়াকৈ অসমৰ বহু যুৱক-যুৱতীয়ে নিষিদ্ধ সংগঠন আলফা (স্বাধীন)ত যোগদান (Youth joining in ULFA Independent) কৰিছে । প্ৰায় প্ৰতিদিনে ৰাজ্যৰ কোনো এটা প্ৰান্তত যুৱক-যুৱতীয়ে আলফালৈ যোৱাৰ বাতৰি প্ৰকাশ পাইছে । কিন্তু অস্ত্ৰ বিৰতিত থকা সংগঠনটোত এনেদৰে সদস্য ভৰ্তিয়ে এতিয়া চিন্তিত কৰি তুলিছে ৰাইজক ।

এইবাৰ মৰাণৰ পৰা আহিল আন এক আলফা(স্বাধীন) ত যোগদানৰ খবৰ । জনপ্ৰিয় কণ্ঠশিল্পী তথা ২ নং চৰাইহাবি গাঁৱৰ বাসিন্দা অভিলেশ বৰাই যোগদান কৰিলে নিষিদ্ধ সংগঠনটোত (Singer abhilesh bora joins ulfa independentent) । সন্তান আৰু পত্নীক ঘৰতে এৰি থৈ গ'ল যুৱকজনে ।

৫ মে'ৰ পৰাই পৰিয়ালৰে যোগাযোগ বিচ্ছিন্ন হৈ আছিল অভিলেশ বৰাৰ । বন্ধুৰ জৰিয়তে পৰিয়ালৰ লোকে জানিব পাৰিছে যে তেওঁ আলফা(স্বা) ত যোগদান কৰিবলৈ গৈছে । ১৩ মে'ত ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া সোণোৱাল কছাৰী সাহিত্য সভাত গীত পৰিৱেশন কৰাৰো কথা আছিল অভিলেশৰ । কিন্তু কি পৰিস্থিতিত যুৱকজনে নিষিদ্ধ ঘোষিত সংগঠনটোলৈ ঢাপলি মেলিলে, সেই লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷

অভিলেশৰ পিতৃ-মাতৃ আৰু পত্নীয়ে তেওঁক ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে ৷ জানিব পৰা মতে ৰোগাক্ৰান্ত অভিলেশৰ চিকিৎসা চলি আছিল । সেয়ে অভিলেশক ঘৰলৈ ঘূৰাই পঠাবলৈ পৰেশ বৰুৱালৈ কাতৰ আহ্বান জনাইছে পিতৃ-মাতৃ আৰু পত্নীয়ে ৷

বিগত কেইটামান মাহত শ শ যুৱক-যুৱতীয়ে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিছে । কোনোৱে যদি পিতৃ-মাতৃক এৰি গৈছে কোনোৱে আকৌ নিজৰ সন্তানক এৰি আলফা(স্বা) ত যোগদান কৰিছে । আনকি শেহতীয়াকৈ কাকপথাৰত সন্তানক এৰি থৈ পিতৃ আৰু মাতৃয়ে আলফা(স্বা) ত যোগদান কৰিবলৈ গৈছে । ইয়াৰ মাজতে কোনো কোনো ঠাইত আলফা(স্বা)ত যোগদান কৰিবলৈ যোৱা যুৱক-যুৱতীক আৰক্ষীয়ে আটকো কৰিছে ।

লগতে পঢ়ক : ৪ বছৰীয়া সন্তানক ঘৰতে এৰি থৈ আলফালৈ পিতৃ-মাতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.