ETV Bharat / city

দিল্লীলৈ ওভতাৰ পূৰ্বে গুৱাহাটীত পাঁচটাকৈ নতুন আধাৰশিলা অমিত শ্বাহৰ

author img

By

Published : May 10, 2022, 10:10 PM IST

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে সামৰণি পৰিল হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰথমটো বৰ্ষপূৰ্তিৰ অনুষ্ঠান ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৫ টাকৈ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে এই অনুষ্ঠানত (Amit Shah lays foundation stone of five development project) ৷ সামৰণি অনুষ্ঠানত ডাঙি ধৰা হ’ল ৰাজ্য চৰকাৰৰ এবছৰীয়া কাম-কাজৰ খতিয়ান ৷

First anniversary of Himannta Biswa government
First anniversary of Himannta Biswa government

গুৱাহাটী, ১০ মে’: ড৹ হিমন্তবিশ্ব শৰ্মা চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানৰ সামৰণি (First anniversary of Himannta Biswa government) । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৫ টাকৈ প্ৰকল্পৰ আধাৰশিলা স্থাপনেৰে সামৰণি পৰে বৰ্ষপূৰ্তিৰ অনুষ্ঠান । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত নতুনকৈ নিৰ্মাণ হ'বলগীয়া পাঁচ হাজাৰ আসনযুক্ত ৰাজহুৱা প্ৰেক্ষাগৃহ, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় ভৱন, গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভ ভৱন, গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ নতুন ভৱন আৰু সঞ্চালকালয়সমূহৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে । লগতে অসম চৰকাৰৰ মাহেকীয়া বাৰ্তালোচনী ‘অসম বাৰ্তা’ আৰু চৰকাৰৰ ৩৬৫ দিনীয়া বুকলেট মুকলি কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৷

First anniversary of Himannta Biswa government
ড৹ হিমন্তবিশ্ব শৰ্মা চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানৰ সামৰণি

সফলতাৰে এবছৰ সম্পন্ন কৰাৰ বাবে অসম চৰকাৰক অভিনন্দন জ্ঞাপন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, সংকল্প পত্ৰৰ আধাৰত বিজেপি নিৰ্বাচনত অৱতীৰ্ণ হয় । পূৰ্বতে সংকল্প পত্ৰক গুৰুত্ব সকলোৱে দিয়া নাছিল যদিও এতিয়া সকলোৱে উপলব্ধি কৰিবলৈ লৈছে । বিজেপি চৰকাৰে কি কি কৰিলে সদায় জনতাক অৱগত কৰি আহিছে । নিউজ লেটাৰ প্ৰকাশৰ সাহস কেৱল বিজেপিয়েহে কৰিব পাৰে ৷ যদি একো কামেই নকৰে তেন্তে নিউজ লেটাৰত কি প্ৰকাশ পাব বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে (Amit Shah on Himanta govt)।

First anniversary of Himannta Biswa government
দিল্লীলৈ ওভতাৰ পূৰ্বে গুৱাহাটীত পাঁচটাকৈ নতুন আধাৰশিলা অমিত শ্বাহৰ

‘‘এবছৰৰ ভিতৰত অসমত কি পৰিৱৰ্তন আহিল সেয়া ৩৬৫ দিনৰ হিচাপ কৰিলে সকলো ওলাই পৰিব । জনতাক উত্তৰ দিয়াটো আমাৰ দায়িত্ব হোৱা উচিত । ২০১৫-১৬ত যেতিয়া বিজেপিয়ে কাম কৰিবলৈ আহিছিল তেতিয়া তৰুণ গগৈয়ে বিজেপি ক'ত আছে বুলি হাঁহিছিল ৷ কংগ্ৰেছক ক’ব বিচাৰিছোঁ, বিজেপি এতিয়া ইয়াত আছে । অসমৰ সমস্যা, উত্তৰ-পূৱৰ সমস্যা আমি সমাধান কৰিব বিচাৰিছিলোঁ । কংগ্ৰেছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক নিজৰ স্বাৰ্থৰ বাবে খণ্ডিত কৰি ৰাখিছিল ৷’’

লগতে পঢ়ক : তৰুণ গগৈ ছাৰ, ৰাহুল বাবা আৰু অমিত শ্বাহ...

তেওঁ আৰু কয়, ‘‘প্ৰধানমন্ত্ৰীয়ে আজি বড়ো শান্তি চুক্তিও কৰিছে (Bodo peace accord), কাৰ্বি চুক্তিও কৰিছে । আজি অসমত গুলীৰ শব্দ শুনা নাযায় । অসমৰ যুৱকে বন্দুক নহয়, লেপটপ লৈ ষ্টাৰ্টআপত ব্যস্ত আছে । অসম বানমুক্ত হোৱাৰ দিন এতিয়া বেছি দূৰত নাই । ৩ হাজাৰ ডাঙৰ পুখুৰী নিৰ্মাণৰ পদক্ষেপ হাতত লৈছে অসম চৰকাৰে । অসম মহান হ'লেহে ভাৰত মহান হ'ব, ভাৰত মহান হ'লেহে অসম মহান হ'ব । প্ৰতিৰক্ষা বিশ্ববিদ্যালয় অসমত স্থাপন হ'ব ৷ জুন মাহত ইয়াৰ কাম আগবাঢ়িব’’ ।

First anniversary of Himannta Biswa government
দিল্লীলৈ ওভতাৰ পূৰ্বে গুৱাহাটীত পাঁচটাকৈ নতুন আধাৰশিলা অমিত শ্বাহৰ

অসম চৰকাৰে সফলতাৰে গো-সৰবৰাহ ৰোধ, ড্ৰাগছ মুক্তৰ ক্ষেত্ৰতো কাম কৰিছে বুলি মন্তব্য কৰি অমিত শ্বাহে কয় যে, কংগ্ৰেছৰ কাম জনতাৰ সেৱা নহয়, পৰিয়ালৰ সেৱাহে । তেওঁ কয়, ‘‘ৰাহুল বাবাই 2019 চনত AFSPA লাঘৱ কৰিম বুলি কৈছিল ৷ কিন্তু আমি AFSPA দিব লগা পৰিবেশেই নোহোৱা কৰিলোঁ । এই দেশৰ মাতি বেদখল কৰিবলৈ দিয়া নহ’ব । লাচিত বৰফুকনক কেৱল অসমে নহয়, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে জানিব লাগিব । সেই কামো হাতত লৈছোঁ । হিমন্তই যথেষ্ট কাম কৰি গৈছে । আগষ্টৰ ভিতৰত অসম-অৰুণাচলৰ সীমা সমস্যা সমাধান হোৱাৰ আশা কৰিছোঁ’’ ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসমত দুগ্ধ বিপ্লৱ (Milk revolution in Assam) আৰম্ভ কৰাৰ বিষয়ে মন্তব্য কৰি কয় যে, আমুল মডেল অসমত প্ৰতিষ্ঠা কৰাৰ বাবে ৩৬ কোটিৰ আৱন্টন দিয়া হৈছে । আনহাতে, অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কয়, ‘‘অসমৰ ৰাইজৰ আশীষ লৈ আমি আমাৰ কাম আৰম্ভ কৰিছিলোঁ ৷ প্ৰতিটো পল সমৰ্পিত মনোভাৱেৰে কাম কৰিছিলোঁ ৷ মই প্ৰতিশ্ৰুতি দিছোঁ মোৰ লগতে মোৰ সকলো সতীৰ্থই অনাগত দিনত একাগ্ৰতাৰে কাম কৰি যাব ৷ প্ৰতিটো প্ৰকল্পৰ সেৱা আমি ৰাইজৰ দুৱাৰ দলিলৈ লৈ যোৱাৰ চেষ্টা কৰিছিলোঁ’’ ৷

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, ‘‘ অহা ১২ মে’ৰ পৰা মিছন ভূমিপুত্ৰ সেৱা আৰম্ভ কৰিম ৷ ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়তে জাতিগত প্ৰমাণপত্ৰ পাব ৷ ৪০০০ কোটি টকা ব্যয়ৰে গুৱাহাটী আৰু উত্তৰ-গুৱাহাটী সংযোগী পথ আৰু ৬০০০ কোটি টকীয়া কাজিৰঙাৰ এলিভেটৰ কৰিড’ৰৰ কাম আৰম্ভ কৰিছোঁ ৷ প্ৰথম বাৰৰ বাবে ১০০ খন হাইস্কুল চাহ বাগানৰ ল’ৰাছোৱালীৰ বাবে আৰম্ভ কৰিছোঁ ৷ কাজিৰঙা, মানাহৰ লগত ৰায়মনা, দিহিং পাটকাইৰ সম্পদ সংৰক্ষণৰ কাম আৰম্ভ কৰিছিলোঁ’’ ৷

‘‘সমগ্ৰ অসমত চান্দা সংস্কৃতি কমি আহিছে ৷ ড্ৰাগছ আৰু অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছোঁ । বানমুক্ত কৰিবৰ বাবে নতুন আঁচনি লৈছোঁ ৷ এই আঁচনিৰ জৰিয়তে বান সমস্যা ৫০% কমাই আনিব ৷ অসম আৰু মেঘালয়ৰ সীমা সমস্যা নিৰ্মূল কৰাৰ পিছত অসম আৰু অৰুণাচলৰ সীমা সমস্যা নাইকিয়া কৰাৰ চেষ্টা কৰিছোঁ ৷ আমি এনেধৰণৰ কাম কৰিছো অসমৰ GDPয়ে ৫ লাখ কোটি টকাত ভৰি দিব ৷ ইয়াৰ পৰা মধ্যবিত্তীয় শ্ৰেণীৰ ৰাজ্যৰ ভিতৰত থিয় দিম’’ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ৷

তেওঁ লগতে উল্লেখ কৰে, ‘‘আমি কেন্দ্ৰৰ গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ সাক্ষাৎৰ বাবে দিল্লীত ৰৈ থাকিব নালাগে । প্ৰতি সপ্তাহত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ পৰা টেলিফোন আহে’’ ।

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বান্দ সণোৱালেও চৰকাৰে কৰি থকা কামৰ চমু আভাস দাঙি ধৰে । অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী অতুল বৰা, অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিটিচি মুৰব্বী প্ৰমোদ বড়োকে ধৰি কেইবাগৰাকীও মন্ত্রী-বিধায়ক-সাংসদ উপস্থিত থাকে ।

লগতে পঢ়ক : হিমন্ত চৰকাৰৰ বৰ্ষপূৰ্তিৰ বিশাল ৰাজহুৱা সভাত ভাগ ল’লে অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.