ETV Bharat / entertainment

অনন্ত-ৰাধিকাৰ দ্বিতীয় প্ৰি-ৱেডিং : বিমানবন্দৰত ভিৰ অভিনয়-ক্ৰীড়া জগতৰ তাৰকাৰ - anant radhika pre wedding fest

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 2:14 PM IST

Anant Radhika pre wedding fest : ইটালীৰ পৰা ফ্ৰান্সলৈ এখন বিলাসী ক্ৰুজত তিনিদিনীয়া এক্সট্ৰাভাগাঞ্জাৰ বাবে সাজু হৈছে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট । এই বিশেষ অনুষ্ঠানৰ বাবে ইটালীলৈ ৰাওনা হৈছে বহু তাৰকা ৷ বিমানবন্দৰত দেখা গৈছে ৰণবীৰ কাপুৰ, আলিয়া ভাট, ছলমান খান, ৰণবীৰ সিঙকে ধৰি চেলেব্ৰিটীক ।

anant radhika pre wedding fest
বিমানবন্দৰত ভিৰ তাৰকাৰ (etv bharat)

চিটাৰা ডেস্ক, 27 মে’ : মাৰ্চ মাহত জামনগৰত আড়ম্বৰপূৰ্ণ প্ৰাক-বিবাহ অনুষ্ঠান উদযাপনৰ পিচত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে ইটালীৰ পৰা ফ্ৰান্সলৈ যাত্ৰা কৰিব লগা এখন জাহাজত তিনিদিনীয়া পাৰ্টীৰ আয়োজন কৰিছে ৷ এই অনুষ্ঠানৰ বাবে চেলেব্ৰিটীসকলক মুম্বাই বিমানবন্দৰত ভিৰ কৰা দেখা গৈছে ৷ ইটালীলৈ বুলি বিমানত উঠিবলৈ তেওঁলোক বিমানবন্দৰত উপস্থিত হয় । ব্যৱসায়ী মুকেশ আৰু নীতা আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব ।

বিমানবন্দৰত ভিৰ তাৰকাৰ ((Video source: ANI))

ক্ৰুজত তিনিদিনীয়া পাৰ্টী দিয়াৰ কৰাৰ পৰিকল্পনা কৰিছে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে ৷ মাৰ্চ মাহত জামনগৰত উদযাপন কৰাৰ পিচত এই অনুষ্ঠান আৰু অধিৰ জোৰদাৰ হ’ব বুলি অনুমান কৰা হৈছে ৷

আনহাতে জুলাই মাহত অনুষ্ঠিত হ’ব বিয়াখন । ক্ৰুজ চলিব ইটালীৰ পৰা ফ্ৰান্সলৈ ৷ সোমবাৰে পুৱাই ইটালীলৈ বিমান যাত্ৰা কৰিছে অসংখ্য চেলেব্ৰিটীয়ে । বিমানবন্দৰত দেখা পোৱা প্ৰথম দম্পতী হ’ল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট ৷ কন্যা ৰাহাও তেওঁলোকৰ সৈতে ইটালীলৈ গৈছে । বি-টাউনৰ দম্পতীটোক মুম্বাইৰ ব্যক্তিগত কলিনা বিমানবন্দৰত পাপাৰাজ্জীয়ে প্ৰত্যক্ষ কৰে ৷

ছলমান খানকো বিমানবন্দৰত দেখা পোৱা যায় । তেওঁক সুৰক্ষা কৰ্মীৰ দল এটাই আগবঢ়াই নিছিল । ইয়াৰ উপৰিও, ৰণবীৰ সিঙকো বিমানবন্দৰত উপস্থিত হোৱা দেখা গৈছিল । অভিনেতাজনে টুপী, চুৱেটাৰ আৰু আৰামদায়ক ট্ৰেক পেণ্ট পিন্ধি বিমানবন্দৰত ফটোগ্ৰাফাৰসকলৰ বাবে প’জ দিয়ে ।

হ’বলগীয়া কইনা ৰাধিকা মাৰ্চেণ্টকো পৰিয়ালৰ সৈতে বিমানবন্দৰত উপস্থিত হোৱা দেখা গৈছিল । তদুপৰি বিমানবন্দৰত মুকেশ আৰু নীতা আম্বানীকো দেখা গ’ল । পত্নী সাক্ষী আৰু কন্যা জিভাৰ সৈতে দেখা গ’ল এম এছ ধোনীক । ধোনীয়ে হাঁহি এটা মাৰি বিমানবন্দৰত থকা ফটোগ্ৰাফাৰসকলক সম্ভাষণ জনায় ।

ক্ৰুজত বিয়াৰ প্ৰাক-উৎসৱ ২৮–৩০ মে’ত অনুষ্ঠিত হ’ব । ইটালীৰ পৰা এই ক্ৰুজে ফ্ৰান্সৰ দক্ষিণ অঞ্চললৈ যাত্ৰা কৰিব । বি-টাউনৰ পৰা মাত্ৰ কেইজনমান এ-লিষ্ট চেলেব্ৰিটীহে এই অনুষ্ঠানত উপস্থিত থাকিব কাৰণ এই অনুষ্ঠান এটা সৰু-ব্যক্তিগত সমাৱেশ ।

লগতে পঢ়ক : সুহানা-শ্বানায়া-অনন্যাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীয়ে দেখুৱাইছে শ্বাহৰুখৰ সুখী চেহেৰা - IPL 2024 FINAL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.