ETV Bharat / entertainment

সুহানা-শ্বানায়া-অনন্যাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীয়ে দেখুৱাইছে শ্বাহৰুখৰ সুখী চেহেৰা - IPL 2024 FINAL

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 1:22 PM IST

IPL 2024 FINAL: শ্বাহৰুখ খানৰ দল কলকাতা নাইট ৰাইডাৰ্ছে এই বছৰ আই পি এল চেম্পিয়নশ্বিপৰ খিতাপ দাখিল কৰাৰ লগে লগে তেওঁৰ জীয়ৰী সুহানা খানা, সুহানাৰ বান্ধৱী শ্বানায়া কাপুৰ আৰু অনন্যা পাণ্ডেই তেওঁলোকৰ আনন্দ ইনষ্টাগ্ৰাম ষ্ট’ৰীজৰ জৰিয়তে শ্বেয়াৰ কৰে ৷

Glance at SRK's IPL victory through Suhana, Shanaya, Ananya's Instagram Stories
জয়ৰ উল্লাস (etv bharat)

চিটাৰা ডেস্ক, 27 মে’ : শ্বাহৰুখ খান আৰু জুহি চাওলাৰ আই পি এল দল কলকাতা নাইট ৰাইডাৰ্ছে দেওবাৰে ফাইনেলত হায়দৰাবাদ ছানৰাইজাৰ্ছক ৮ উইকেটত পৰাস্ত কৰি বিজয়ী খিতাপ দখল কৰে । এই ঐতিহাসিক জয়ৰ পিচত শ্বাহৰুখৰ কন্যা সুহানা খান, শ্বানায়া কাপুৰ আৰু অনন্যা পাণ্ডেই ইনষ্টাগ্ৰামৰ জৰিয়তে এই জয়ৰ প্ৰতি থকা উত্তেজনা শ্বেয়াৰ কৰে । তদুপৰি বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখৰ পত্নী গৌৰী খান আৰু অন্যান্য চেলেব্ৰিটীসকলে নিজৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেলৰ জৰিয়তে দলটোক শুভেচ্ছা আৰু অভিনন্দন জনায় ।

ইনষ্টাগ্ৰাম ষ্ট’ৰী (etv bharat)

কে কে আৰে আই পি এলত জয়লাভ কৰাৰ পিচত শ্বাহৰুখ খানে পত্নী গৌৰী খান, কন্যা সুহানা খান, পুত্ৰ আৰিয়ান আৰু আব্ৰামৰ সৈতে পাৰিবাৰিক ফটোৰ বাবে পোজ দিয়ে । নিজৰ দল বিজয়ী হোৱাৰ সুখত শ্বাহৰুখে পত্নী গৌৰীক আলিংগন কৰি কপালত চুমা যাচে লগতে সুহানা, আৰিয়ান আৰু আব্ৰামকো উষ্ম আলিংগন দিয়া পৰিলক্ষিত হয় ।

আনহাতে, কলকাতা নাইট ৰাইডাৰ্ছে ট্ৰফী হাতত তুলি লোৱাৰ লগে লগে সুহানা, শ্বানায়া কাপুৰ আৰু অনন্যা পাণ্ডেই নিজৰ আনন্দৰ ছবি শ্বেয়াৰ কৰে ৷

আৰ্চিছৰ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত বিশাল পৰ্দাৰ এখন ফটো পোষ্ট কৰে য’ত লিখা আছিল “কে কে আৰ ৮ উইকেটত জয়ী”। এই ছবিখনৰ লগতে সুহানাই লিখিছে, "কোনোবাই মোক চিকুটি দিয়ক" ৷ দেউতাকৰ পুৰণি ফটো এখনো শ্বেয়াৰ কৰে সুহানাই ৷

সুহানাৰ বান্ধৱী শ্বানায়া কাপুৰে আৰম্ভণিৰে পৰা কে কে আৰক সমৰ্থন কৰি আহিছে । দলটোৱে প্ৰতিযোগিতাত জয়লাভ কৰাৰ কিছু সময়ৰ পিচতে শ্বানায়াই ষ্টেডিয়ামৰ পৰা অসংখ্য ফটো ছ’চিয়েল মিডিয়াত পোষ্ট কৰে ।

দলৰ জয়ৰ পিচত আনন্দত আত্মহাৰা হৈ শ্বানায়াই গোটেই দলটোৱে ফ্লাইং কিছ দিয়াৰ ফটো পোষ্ট কৰে । ইয়াৰ উপৰিও কাপুৰে নিজৰ, সুহানা, অনন্যা আৰু আৰিয়ান খানৰ ধাৰাবাহিক ফটো পোষ্ট কৰে ।

এখন ছবিত শ্বানায়াক অনন্যা আৰু তেওঁৰ মাতৃ ভাৱনা পাণ্ডেৰ লগতে তেওঁৰ মাতৃ মহিপ কাপুৰৰ সৈতে দেখা গৈছে । স্ক্ৰু ধিলাৰ অভিনেত্ৰীগৰাকীয়ে পিছফালৰ পৰা শ্বাহৰুখ খানৰ এখন ফটো পোষ্ট কৰিছে য’ত তেওঁক ষ্টেডিয়ামত থকা অনুৰাগীসকলৰ ফালে হাত জোকাৰি থকা দেখা গৈছে ।

শিৰোনামটোত শ্বানায়াই লিখিছে, "চেম্পিয়ন" ৷ তদুপৰি, এছ আৰ কেৰ পত্নী গৌৰী খানে ইনষ্টাগ্ৰামত আই পি এলৰ ট্ৰফীটো দাঙি লৈ থকা এখন ফটো পোষ্ট কৰিছে ।

লগতে পঢ়ক : গৌৰীৰ সৈতে গৌৰৱেৰে আইপিএল ট্ৰফী তুলি ল’লে শ্বাহৰুখে - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.