ETV Bharat / entertainment

গৌৰীৰ সৈতে গৌৰৱেৰে আইপিএল ট্ৰফী তুলি ল’লে শ্বাহৰুখে - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 11:09 AM IST

KOLKATA KNIGHT RIDERS : চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত পৰিয়ালৰ সৈতে কলকাতা নাইট ৰাইডাৰ্ছৰ আই পি এল জয় উদযাপন কৰে শ্বাহৰুখ খানে । তেওঁ নিজৰ দলটোক জয়ৰ বাবে উৎসাহিত কৰা পৰিলক্ষিত হয় ৷

Shah Rukh Khan Lifts IPL Trophy with Wife Gauri, Locks Suhana, AbRam, Aryan in Tight Embrace
পৰিয়ালৰ সৈতে শ্বাহৰুখ (IANS images)

চিটাৰা ডেস্ক, 27 মে’ : চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই পি এলৰ ফাইনেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ(এছ আৰ এইচ) ৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিচত কলকাতা নাইট ৰাইডাৰ্ছে (কে কে আৰ) প্ৰাণভৰি জয়ৰ আনন্দ উপভোগ কৰে ৷

পত্নী গৌৰী খানৰ সৈতে ট্ৰফী তুলি লোৱাৰ সময়ত কে কে আৰৰ অন্যতম স্বত্বাধিকাৰী শ্বাহৰুখ খানে নিজৰ দলটোক অসাধাৰণ জয়ৰ বাবে অভিনন্দন জনায় । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত কে কে আৰৰ এয়া তৃতীয়টো জয় ।

জয়ৰ পিচত পত্নী গৌৰী খানক সাৱটি ধৰি চুমা যাচে কিং খানে আৰু সন্তান সুহানা, আব্ৰাম, আৰিয়ানক সাৱটি ধৰি নিজৰ সুখৰ মূহুৰ্তটো উপভোগ কৰে । এছ আৰ কে-এ কে কে আৰৰ পৰামৰ্শদাতা গৌতম গম্ভীৰ আৰু দলৰ অন্যান্য সদস্যসকলৰ সৈতেও মৰমলগা মূহুৰ্ত শ্বেয়াৰ কৰে ৷ হৰ্ষিত ৰাণাই উইকেট লোৱাৰ পিচত ফিল্ডত যচা ফ্লাইং কিছৰো অনুকৰণ কৰে শ্বাহৰুখে ৷

ফাইনেলত জোৱান অভিনেতাজনৰ সৈতে সুহানা, অনন্যা আৰু শ্বানায়াই একেলগে খেল উপভোগ কৰে ৷ গুৰুত্বপূৰ্ণ বিজয়ৰ সাক্ষী হয় তেওঁলোক । কে কে আৰে ট্ৰফী উত্তোলন কৰা মুহূৰ্তৰ সাক্ষী হ’বলৈ অভিনেতাজন আৰু তেওঁৰ গোটেই পৰিয়ালটো ষ্টেডিয়ামত উপস্থিত আছিল ।

খেলখনৰ পৰা প্ৰচাৰ হোৱা ভিডিঅ' আৰু ছবিবোৰে দেখুৱাইছে যে কেনেকৈ এছ আৰ কে আৰু তেওঁৰ পৰিয়ালে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ ৰ ফাইনেলত দলটোৰ বিজয় উদযাপন কৰিছিল ।

খেলপথাৰৰ পৰা বহুলভাৱে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দেখা গৈছে যে উল্লাসিত শ্বাহৰুখ খানে পত্নী গৌৰী খানক সাৱটি ধৰিছে । দলটোৱে দহ বছৰৰ পাচত ট্ৰফী জয় কৰিছে, গতিকে দলটোৰ সমৰ্থকসকলৰ পৰা আৰম্ভ কৰি শ্বাহৰুখ খানলৈকে সকলোৱে এই জয় বাৰুকৈয়ে উদযাপন কৰা পৰিলক্ষিত হয় ।

আন এটা ভিডিঅ’ত পাঠান অভিনেতাজনে নিজৰ সন্তান সুহানা খান, আব্ৰাম, আৰু আৰিয়ান খানক আলিংগন কৰি জয়ৰ আনন্দ লোৱা দেখা গৈছে ।

শ্বাহৰুখ খানে বিজয় উদযাপনৰ সময়ত দলীয় ফটো এখনৰ বাবে সকলোকে একত্ৰিত হ’বলৈ কয় ৷ সকলোকে হৰ্ষিত ৰাণাৰ দ্বাৰা কৰা বিখ্যাত ফ্লাইং কিছ পুনৰ দিবলৈ কয় । গোটেই কেকেআৰ দলটো, এছআৰকেৰ পৰিয়াল, জুহি চাওলা,শ্বানায়া কাপুৰ আৰু অনন্যা পাণ্ডে সকলোৱে উৎসাহেৰে ফ্লাইং কিছেৰে ফটোৰ বাবে প’জ দিয়ে ৷

খেলপথাৰত এছ আৰ এইচক ৮ উইকেটত পৰাস্ত কৰি দলটোৱে উদযাপন কৰাৰ সময়ত কেকেআৰৰ প্ৰশিক্ষক গৌতম গম্ভীৰৰ কপালত চুমা খোৱাও দেখা যায় শ্বাহৰুখ খানক । এইবোৰ এছ আৰ কেৰ কেইটামান উক্ত স্থানৰ পৰা স্মৰণীয় মুহূৰ্ত য’ত তেওঁ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল । কেকেআৰে ১১৩ ৰান সংগ্ৰহ কৰি এছ আৰ এইচক পৰাস্ত কৰি আই পি এল ২০২৪ৰ চেম্পিয়নৰ খিতাপ দখল কৰে ।

লগতে পঢ়ক : কে কে আৰৰ বৃহৎ জয়ৰ পিচতে শ্বাহৰুখ খানৰ গ্ৰেণ্ড পাৰ্টী - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.