ETV Bharat / city

তৰুণ গগৈ ছাৰ, ৰাহুল বাবা আৰু অমিত শ্বাহ...

author img

By

Published : May 10, 2022, 8:59 PM IST

Updated : May 10, 2022, 9:46 PM IST

তৰুণ গগৈ "ছাৰ", "ৰাহুল বাবা" আদি সম্বোধনেৰে মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভাষণ ৰাখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah at Srimanta Sankardeva Kalakshetra) ৷ অসমত বিজেপিৰ জনপ্ৰিয়তা আৰু সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ প্ৰসংগত বক্তব্য় ৰাখিবলৈ গৈ এইদৰে মন্তব্য় কৰে গৃহমন্ত্ৰীগৰাকীয়ে ৷

amit-shah-targeted-tarun-gogoi-rahul-gandhi-while-addressing-public-meeting-in-guwahati
তৰুণ গগৈ ছাৰ, ৰাহুল বাবা আৰু অমিত শ্বাহ...

নিউজ ডেস্ক, ১০ মে': প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীৰ্যক সমালোচনাৰে মঙলবাৰে আক্ৰমণৰ লক্ষ্য কৰি লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মঙলবাৰে এক অনুষ্ঠানত ভাগ লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, " প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ "ছাৰ" এ এবাৰ কৈছিল বিজেপি ক'ত আছে দেখুৱাই দিয়ক । আজি মই কৈছো বিজেপি ইয়াত আছে । চাওক (Amit Shah targeted Tarun Gogoi) । "

প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীক এইদৰে সমালোচনা কৰাতেই ক্ষান্ত নাথাকি গৃহমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো আক্ৰমণৰ লক্ষ্য কৰি লয় । সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন সন্দৰ্ভত বক্তব্য আগবঢ়াবলৈ গৈ ৰাহুল গান্ধীক "ৰাহুল বাবা" বুলি সম্বোধন কৰি গৃহমন্ত্ৰী শ্বাহে কয় - " ৰাহুল বাবাক মই ক’ব খুজিছো যে তেওঁলোকে ২০১৯ ৰ নিৰ্বাচনত কেৱল অসমৰ জনতাক সন্তুষ্ট কৰিবলৈকে ইস্তাহাৰত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন (Withdrawal of AFSPA) প্ৰত্যাহাৰ কৰাৰ কথা উল্লেখ কৰিছিল ।''

তেওঁ পুনৰ কয়, " আমি সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনখনতো প্ৰত্যাহাৰ কৰিলোৱেই, লগতে এনে এখন আইন প্ৰয়োগ কৰিবলগীয়া পৰিবেশেই এই অঞ্চলৰ পৰা নোহোৱা কৰিলো ।"

লগতে পঢ়ক : হিমন্ত চৰকাৰৰ বৰ্ষপুৰ্তিৰ বিশাল ৰাজহুৱা সভাত ভাগ ল’লে অমিত শ্বাহে

Last Updated : May 10, 2022, 9:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.