লাংৱকু জলপ্ৰপাতস্থলী পৰিদৰ্শন বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ - Langvoku Waterfall

By ETV Bharat Assamese Team

Published : May 27, 2024, 2:15 PM IST

thumbnail
লাংৱকু জলপ্ৰপাত (ETV BHARAT ASSAM)

ডিফু, ২৭ মে': লাংৱকু জলপ্ৰপাতৰ নয়নাভিৰাম প্ৰাকৃতিত সৌন্দৰ্যই সকলোকে হাতবাউলি মাতে । সেয়েহে ইয়াৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ঢাপলি মেলে । দেওবাৰে কাৰ্বি আংলং জিলাৰ লাংৱকু জলপ্ৰপাতস্থলীৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে পৰিদৰ্শন কৰিবলৈ আহে বন বিভাগৰ কেইবাগৰাকী উচ্চ পদস্থ বিষয়াই ৷ এই দলটোৱে প্ৰথমতে তাৰালাংচস্থিত কাৰ্বি সাংস্কৃতিক প্ৰকল্প পৰিদৰ্শন কৰি লাংৱকুৰ নয়নাভিৰাম প্ৰাকৃতিত সৌন্দৰ্য পৰিয়ালসহ উপভোগ কৰে ৷ কাৰ্বি আংলং ৱেষ্ট ডিভিজনৰ সহকাকাৰী বন সংৰক্ষক বিভিষণ টকবীয়ে উচ্চ পদস্থ দলটোক আদৰণি জনায় ৷  

এই সৌন্দৰ্য উপভোগ কৰি অসম ফৰেষ্ট স্কুলৰ সঞ্চালক মনোজ কুমাৰ গোস্বামীয়ে কয় যে গৰমৰ দিনতো লাংৱকু জলপ্ৰপাতত দৰ্শনাৰ্থীয়ে জলকেলি কৰি মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছে ৷ পৰ্যটকক আকৰ্ষণৰ বাবে পৰ্যাপ্ত শৌচালয়, স্নানাগাৰ আৰু পৰিস্কাৰ পৰিশ্ছন্নতা বনভোজ থলীৰ বাবে আৱশ্যক বুলি উল্লেখ কৰি জনজাতীয় লোকসকলক ঝুম খেতিৰ পৰা আঁতৰি আহি গছ গছনি সংৰক্ষণত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় ।

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.