ETV Bharat / bharat

তেলেংগানাত প্ৰচণ্ড বতাহ-বৰষুণত 13 জনৰ কৰুণ মৃত্যু - Storm and heavy rain

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 2:24 PM IST

13 people killed in Telangana : তেলেংগানাত দেওবাৰে প্ৰচণ্ড ধুমুহা-বতাহ আৰু ধাৰাসাৰ বৰষুণৰ 13 গৰাকী লোকৰ মৃত্যু ঘটে ৷ এই প্ৰচণ্ড ধুমুহাত বহুতো গছ আৰু বৈদ্যুতিক খুঁটা খহি পৰিছিল, যাৰ ফলত জিলাখনৰ বহু অঞ্চলত দীৰ্ঘসময়ৰ বাবে কৰ্তন কৰা হয় বিদ্যুৎ ৷

13 people killed in Telangana
তেলেংগানাত প্ৰচণ্ড বতাহ-বৰষুণত 13 জনৰ কৰুণ মৃত্যু (Etv Bharat ASSAM)

নেশ্যনেল ডেস্ক, 27 মে’ : দক্ষিণৰ ৰাজ্য তেলেংগানাত দেওবাৰে অপ্ৰত্যাশিত প্ৰচণ্ড বতাহ আৰু বৰষুণে ভয়ংকৰ ৰূপ লয় ৷ এই প্ৰচণ্ড বৰষুণে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰে । বংগোপ সাগৰত সৃষ্টি হোৱা নিম্নচাপৰ ফলত এইদৰে বতৰ সলনি হৈছে বুলি অনুমান প্ৰকাশ কৰা হৈছে ৷ ইফালে দেওবাৰে বিয়লি অহা এই ধুমুহাৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত দুৰ্ঘটনাৰ ফলত 13 গৰাকী লোকৰ মৃত্যু ঘটে ৷

এই বৰষুণ আৰু তীব্ৰ বতাহৰ ফলত হায়দৰাবাদৰ বনস্থলীপুৰমস্থিত গণেশ মন্দিৰ অঞ্চলৰ কানাড়া বেংক ৰোডত এখন গাড়ী আৰু এখন অট’ৰ ওপৰত গছ বাগৰি পৰে । এই অপ্ৰত্যাশিত বতৰৰ পৰিস্থিতিয়ে ৰাজ্যখনত বিশৃংখলতাৰ সৃষ্টি কৰে ।

নগৰকুৰনুল জিলাত ঘটা পৃথক পৃথক ঘটনাত সাতজন লোকৰ মৃত্যু হৈছিল । শ্বেড খহি পৰাৰ ফলত পিতৃ আৰু কন্যাকে ধৰি চাৰিজন লোকৰ মৃত্যু হয় ৷ আনহাতে বজ্ৰৰ ফলত দুজন লোকৰ মৃত্যু ঘটে ৷

হায়দৰাবাদৰ চাৰিজন আৰু মেডকত পৃথক দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছিল । আনকি ৰাজ্যখনৰ বহু জিলাত, গছ আৰু বিদ্যুতৰ খুটা ভাঙি পৰিছিল আৰু বহু ঠাইত যান-বাহন চলাচল ব্যাহত হৈছিল । ফলত বহু ঠাইত বিদ্যুৎ ব্যাহত হৈছিল ৷

আনহাতে প্ৰচণ্ড বতাহৰ বাবে ঘৰ আৰু ৰাস্তাত থকা সামগ্ৰীবোৰ সিঁচৰতি হৈ পৰিছিল । ৰাংগাৰেড্ডী আৰু মেদচল মালকাজগিৰি জিলাৰ বহু ঠাইত প্ৰচণ্ড বতাহে কোবাই গৈছিল ৷ নলগোণ্ডা জিলাৰ ঘানপুৰ, ইব্ৰাহিমপেট আৰু গুৰ্ৰামপোডু মণ্ডল কেন্দ্ৰতো দবাপিতা বৰষুণ দিয়ে ৷

প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ হৈছে হায়াত নগৰ, বনস্থলীপুৰম, এল বি নগৰ, মালকাজগিৰি, মেডচল, শ্বামিৰপেট, কীচাৰা, ঘাটকেচৰ, কুকাটপল্লী, মিয়াপুৰ, চেৰিলিংগাম্পল্লী আৰু আইটি কৰিডৰ ।

আনহাতে, দেওবাৰে ৰাজ্যখনত তাপমাত্ৰাই 46.5 ডিগ্ৰীলৈ অভিলেখ গঢ়ে । জগতিলা জিলাৰ ধৰ্মপুৰী মণ্ডলৰ জৈনত 46.5 ডিগ্ৰী চেলচিয়াছ, বুদ্দেপল্লী মণ্ডলত 46.1 ডিগ্ৰী, বেলামপল্লী জিলাত 45.8 ডিগ্ৰী, পেড্ডাপল্লী জিলাত 45.8, কোৰুতলা মণ্ডল আইলাপুৰত 45.6, ধৰ্মপুৰী মণ্ডল নেৰেলাত 45.6, মানচিৰিয়ালা জিলাৰ ভীমপুৰ মণ্ডল আৰ্লিত 45.2, পেড্ডাপল্লী জিলা লাপাল্লি মণ্ডল কেন্দ্ৰত লিংগপুৰত 45.2 ডিগ্ৰী, মঞ্চিয়ালা জিলা জননাৰাম মণ্ডল কেন্দ্ৰত 45 ডিগ্ৰী, নিৰ্মল জিলা কেন্দ্ৰত 45 ডিগ্ৰী ৷ আন কিছু জিলাত তাপমাত্ৰা 44.8 ডিগ্ৰীৰ পৰা 44.9 ডিগ্ৰীলৈ তাপমাত্ৰা বৃদ্ধি হৈছিল । বতৰ বিজ্ঞান বিভাগৰ মতে, সোমবাৰে আৰু মঙলবাৰে ৰাজ্যখনত বতৰ ফৰকাল হৈ থাকিব ৷

লগতে পঢ়ক: তেলেংগানাত প্ৰচণ্ড বৰষুণ, শিশুসহ ১৬ জনৰ মৃত্যু - Heavy Rain Hit Telangana

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.