ETV Bharat / bharat

তেলেংগানাত প্ৰচণ্ড বৰষুণ, শিশুসহ ১৬ জনৰ মৃত্যু - Heavy Rain Hit Telangana

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 10:26 PM IST

HEAVY RAINS LASH TELANGANA : মঙলবাৰে বিশেষকৈ সন্ধিয়াৰ সময়ত তেলেংগানাৰ বেছিভাগ অঞ্চলত প্ৰচণ্ড বৰষুণে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰে। বৰষুণ সম্পৰ্কীয় কেইবাটাও ঘটনাত ৰাজ্যখনত ১৬ জন লোকৰ মৃত্যু হৈছে ৷

HEAVY RAINS LASH TELANGANA
প্ৰচণ্ড বৰষুণে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰে (ETV BHARAT ENGLISH DESK)

নেশ্যনেল ডেস্ক, 8 মে’ : দক্ষিণৰ ৰাজ্য তেলেংগানাত প্ৰচণ্ড বৰষুণৰ ফলত সংঘটিত হোৱা পৃথক পৃথক ঘটনাত এটি চাৰি বছৰীয়া শিশুকে ধৰি 16 জন লোকৰ মৃত্যু হয় ৷ হায়দৰাবাদৰ বাচুপল্লী অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত নিৰ্মাণাধীন অট্টালিকাৰ ৰিটেইনিং ৱাল বাগৰি পৰাৰ ফলত শিশুটিৰ লগতে আন 7 জন লোকৰ মৃত্যু হয় ৷

বাচুপল্লী আৰক্ষীয়ে জনোৱা মতে, নিহত লোকসকল ওড়িশা আৰু ছত্তীশগড়ৰ প্ৰব্ৰজিত শ্ৰমিক আৰু মঙলবাৰে সন্ধিয়া এই ঘটনা সংঘটিত হয় ৷ আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে পুৱাই ধ্বংসাৱশেষৰ তলৰ পৰা এক্সকেভেটৰ ব্যৱহাৰ কৰি তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ বাচুপল্লী আৰক্ষীয়ে মৃত লোক কেইজনক তিৰুপতী (22), শংকৰ (22), ৰাজু (25) খুশী (25), ৰাম যাদৱ (34), গীতা (32) আৰু হিমাংশু (4) বুলি চিনাক্ত কৰিছে ৷

আন এটা কাণ্ডত বেগম্পেট আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে পুৱা এটা নলাৰ পৰা 35ৰ পৰা 40 বছৰৰ ভিতৰৰ দুজন লোকৰ মৃতদেহ উলিয়াই অনা হৈছে ৷ বেগম্পেট আৰক্ষী পৰিদৰ্শক চি ৰমাইয়াই জনোৱা মতে, নিহত লোকসকল ওড়িশাৰ মূল বাসিন্দা আৰু তেওঁলোক এছ আৰ নগৰৰ নলাত পৰি যোৱাৰ সন্দেহ কৰা হৈছে ৷ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহকেইটা চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ৷ এই বাতৰি প্ৰকাশৰ সময়লৈকে আৰক্ষীয়ে মৃত ব্যক্তিৰ কোনো পৰিচয় প্ৰদান কৰা নাছিল ৷

আনহাতে মেডাক জিলাৰ কৌদিপল্লী মণ্ডলত আৰু দুজন লোক- যাক মাদাসু নাগাবালা গংগাধৰা ৰাও (38) আৰু চিন্তাপল্লী সুব্ৰমণিয়াম (40) বুলি চিনাক্ত কৰা হৈছে ৷ ৰাইলাপুৰত নিৰ্মাণৰত দেৱাল বাগৰি পৰি তেওঁলোকৰ মৃত্যু হয় ৷ ইফালে বজ্ৰপাতৰ ফলত মৃত্যু হোৱা দুজন কৃষক- ছিদ্দিপেট জিলাৰ কুকুনুৰুপল্লী অঞ্চলৰ কুমাৰি মালেশ্বাম (36) আৰু চাংগাৰেড্ডী জিলাৰ আন্দোলু মণ্ডলৰ এৰাৰাম গাঁৱৰ বয়নি পাপিয়া (52) বুলি চিনাক্ত কৰা হৈছে ৷

বৰ্ধনপেট মণ্ডলৰ কাটিৰালা গাঁৱৰ উপকণ্ঠ অঞ্চলত ট্ৰেক্টৰত গৈ থকা অৱস্থাত এজোপা শুকান গছ পৰি মৃত্যু হয় অবৰলা দয়াকৰ (22) আৰু নবীন (বয়স অজ্ঞাত) নামৰ আৰু দুজন লোকৰ ৷ লগতে হায়দৰাবাদৰ পুৰণি টাউনৰ বাহাদুৰপুৰা অঞ্চলত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকে প্ৰাণ হেৰুৱাই ৷

গৰমৰ ঢৌৰ পিচত ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ-

মঙলবাৰে চহৰখনৰ লগতে তেলেংগানাৰ কেইবাটাও অঞ্চলত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত একাংশ অঞ্চলৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হয় ৷ মহানগৰীৰ বহু ঠাইত পানী জমা হোৱাৰ ফলত যান-বাহন বন্ধ হৈ পৰে ৷ বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগমৰ বিষয়াসকলে জনোৱা মতে, ডি আৰ এফ (দুৰ্যোগ সাহাৰ্য বাহিনী)ৰ দল মোতায়েন কৰি মহানগৰীৰ বিভিন্ন স্থানত পানী জমা হৈ থকা আৰু বাগৰি পৰা গছবোৰ পৰিষ্কাৰ কৰা হয় ৷

জি এইচ এম চিৰ আয়ুক্ত ৰ’নাল্ড ৰোজৰ সৈতে প্ৰধান সচিব (পৌৰ প্ৰশাসন আৰু নগৰ উন্নয়ন) ডানাকিশোৰে বিভিন্ন পানী জমা হোৱা স্থান পৰিদৰ্শন কৰি মহানগৰীৰ ডি আৰ এফৰ দলসমূহক নিৰ্দেশনা দিয়ে ৷ মিয়াপুৰ, কে পি এইচ বি, চন্দনগৰ, ছেকেণ্ডৰাবাদ, লিংগাম্পলী, কুঠবুল্লাপুৰ, বালানগৰ, চেৰিলিংগমপল্লী, খৈৰাতাবাদ, আমিৰপেট আৰু কুকটপল্লী অঞ্চলত ধাৰাসাৰ বৰষুণ হয় ৷ বাট-পথত জমা হোৱা পানীৰ বাবে যাতায়ত বন্ধ হৈ পৰে ৷ বিভিন্ন কাৰ্যালয়ৰ কৰ্মচাৰীসকল আৱদ্ধ হৈ পৰে আৰু সন্ধিয়া কাৰ্যালয়ৰ পৰা ঘৰলৈ ঘূৰি যাব পৰা নাছিল ৷

আদিলাবাদ, আছিফাবাদ, মানচিৰিয়ালা, সংযুক্ত কৰিমনগৰ আৰু সংযুক্ত ৱাৰংগল জিলাত শিলাবৃষ্টি-ধুমুহাই আঘাত হানে ৷ ঘৰবোৰৰ চালৰ পৰা টাইলছবোৰ খহি পৰে ৷ বিদ্যুতৰ খুঁটা বাগৰি পৰে ৷ চৰঘম, মাটিমাহ, কুঁহিয়াৰৰ শস্যৰ ব্যাপক ক্ষতিসাধন হয় ৷ ক্ৰয় কেন্দ্ৰসমূহত শস্যৰ বস্তা বৰষুণৰ পানীয়ে তিয়াই পেলোৱাত কৃষকসকল আতংকিত হৈ পৰে ৷ প্ৰচণ্ড বতাহৰ বাবে যাদগিৰিগুট্টাত নতুনকৈ নিৰ্মাণ কৰা এটা ছাত্ৰাবাস ভাঙি দুচকীয়া বাহনৰ ওপৰত বাগৰি পৰে ৷

নলগোণ্ডা, সংগৰেড্ডী, মেডাক, পেড্ডাপল্লী, ছিদ্দিপেট আৰু ভদ্ৰাদ্ৰি জিলাত হঠাৎ হোৱা বৰষুণৰ বাবে আৱদ্ধ হৈ পৰে কৃষকসকল ৷ বহু অঞ্চলত ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে ৷ ফিডাৰৰ বৃহৎ পৰিসৰৰ ট্ৰিপিঙৰ বাবে যোগান পুনৰুদ্ধাৰ কৰাত পলম হৈছিল।

লগতে পঢ়ক : বন্যহস্তীৰ আক্ৰমণত নিহত মালয়ালম নিউজ চেনেলৰ কেমেৰামেন - Wild Elephant Attack

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.