ETV Bharat / bharat

বন্যহস্তীৰ আক্ৰমণত নিহত মালয়ালম নিউজ চেনেলৰ কেমেৰামেন - Wild Elephant Attack

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 7:02 PM IST

বুধবাৰে কেৰালাৰ পালাক্কাড জিলাত দৃশ্যগ্ৰহণ কৰি থকা অৱস্থাত বন্যহস্তীৰ আক্ৰমণত নিহত হয় মালয়ালমৰ আগশাৰীৰ নিউজ চেনেলৰ ৩৪ বছৰীয়া কেমেৰামেন। চেনেলৰ সূত্ৰই জনোৱা মতে, কেমেৰামেনজনে হাতীৰ জাকটোৰ গতিবিধিৰ ভিজুৱেল বন্দী কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হয় ৷

WILD ELEPHANT ATTACK
বন্যহস্তীৰ আক্ৰমণত নিহত নিউজ চেনেলৰ কেমেৰামেন (ETV BHARAT KERALA)

নেশ্যনেল ডেস্ক, 8 মে’ : বন্যহস্তীৰ আক্ৰমণত নিহত নিউজ চেনেলৰ কেমেৰামেন ৷ কেৰালাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷ দৃশ্যগ্ৰহণৰ সময়ত সংঘটিত হয় এই শোকাৱহ ঘটনা ৷

জানিব পৰা মতে শোকাৱহ ঘটনাত, বুধবাৰে পুৱা বনৰীয়া হাতীৰ আক্ৰমণত এটা মালায়ালম নিউজ চেনেলৰ কেমেৰামেন এ ভি মুকেশ (34) নিহত হয় ৷ কেৰালাৰ পালাক্কাডৰ কোট্টেকাডত বনৰীয়া হাতীৰ দৃশ্যগ্ৰহণ কৰি থকাৰ সময়ত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ৷ উল্লেখ্য যে, ঘটনা সংঘটিত হোৱা এই স্থান বন্য জন্তুৰ আক্ৰমণৰ বাবে জনাজাত ৷

তেওঁ নদী পাৰ হৈ যোৱা বনৰীয়া হাতীৰ দৃশ্যগ্ৰহণ কৰি আছিল ৷ কিন্তু হঠাতে এটা হাতী তেওঁৰ ফালে ঘূৰি আক্ৰমণ কৰিবলৈ খেদি আহে ৷ কেমেৰামেনজন পলাই যাবলৈ চেষ্টা কৰোঁতেই পৰি যায় আৰু বনৰীয়া হাতীটোৱে 34 বছৰীয়া যুৱকজনক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে ৷ লগে লগে তেওঁক পালাক্কাড জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়, কিন্তু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এ ভি মুকেশে চিকিৎসালয়ত মৃত্যুবৰণ কৰে ৷

ইফালে কেমেৰামনজনৰ সৈতে থকা ৰিপ’ৰ্টাৰ আৰু গাড়ীচালকজনে এই আক্ৰমণৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় ৷ মুকেশ আছিল মালাপ্পুৰম পৰপ্পানংগাদী চেট্টিপ্পাদিৰ স্থানীয় উন্নী আৰু দেৱীৰ পুত্ৰ ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী তিছাক এৰি থৈ যায় ৷ তেওঁৰ নশ্বৰদেহ পলাক্কাড জিলা চিকিৎসালয়ৰ শৱগৃহত ৰখা হৈছে ৷

দিল্লী ব্যুৰোত দীৰ্ঘদিন ধৰি কাৰ্যনিৰ্বাহ কৰাৰ পিচত তেওঁ কেৰালালৈ উভতি আহি যোৱা বছৰ পলাক্কাড ব্যুৰোত যোগদান কৰিছিল ৷ তেওঁ ‘ছাৰভাইভেল’ নামৰ স্তম্ভটোত এশৰো অধিক প্ৰবন্ধ প্ৰকাশ কৰিছিল যিয়ে প্ৰান্তীয় লোকসকলক কৰিছিল ৷

লগতে পঢ়ক : ধাৰলৈ দিয়া টকা বিচৰাৰ বাবেই সংঘটিত হত্যাকাণ্ড : ঘাতক ভাতৃক গ্ৰেপ্তাৰ - Brother Killed Sister

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.