ETV Bharat / international

Journalist killed in Jenin : ইজৰাইলী সেনাৰ অভিযানৰ মাজতে পুনৰ সাংবাদিক নিহত

author img

By

Published : May 11, 2022, 12:46 PM IST

জেনিনত ইজৰাইলী সেনাই চলোৱা এক অভিযানৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওতে মৃত্যু ঘটে পেলেষ্টাইনৰ এগৰাকী সাংবাদিকৰ(Palestinian reporter killed during Israeli raid) । এই ঘটনাত জেৰুজালেমৰ আল-কুদছ নামৰ বাতৰি কাকতখনৰ আন এগৰাকী সাংবাদিকো আহত হয় ৷ পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি, ইজৰাইলৰ পক্ষৰ পৰা চলোৱা গুলীত আঘাতপ্ৰাপ্ত হৈছে সাংবাদিক কেইগৰাকী ।

Israeli raid
ইজৰাইলী সেনাৰ অভিযানৰ মাজতে পুনৰ সাংবাদিক নিহত

ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ মে' : পুনৰ সাংবাদিকক হত্যা । ইজৰাইলৰ এক অভিযানৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা আল-জাজিৰাৰ এগৰাকী সাংবাদিক গুলীবিদ্ধ । পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, বুধবাৰে পুৱতি নিশা জেনিনত ইজৰাইলী সেনাই চলোৱা এক অভিযানৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওতে নিহত হয় সাংবাদিকগৰাকী (Al Jazeera journalist killed in Jenin) । সাংবাদিকগৰাকী পেলেষ্টাইনৰ প্ৰতিবেদক শ্ৰীন আবু আক্লেহ বুলি জানিব পৰা গৈছে ।

ইফালে জেৰুজালেমৰ আল-কুদছ নামৰ বাতৰি কাকতখনৰ আন এগৰাকী সাংবাদিক এই ঘটনাত আঘাতপ্ৰাপ্ত হয় (Another Palestinian journalist was wounded) । স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, সাংবাদিক কেইগৰাকী ইজৰাইলৰ পক্ষৰ গুলীত আঘাতপ্ৰাপ্ত হৈছে । ঘটনাটোৰ ভিডিঅ' ফুটেজত আবু আক্লেহক "প্ৰেছ" শব্দ লিখা থকা নীলা ফ্লেক জেকেট পিন্ধি থকা দেখা গৈছে ।

আনহাতে, ইজৰাইলৰ সামৰিক বাহিনীয়ে দাবী কৰা মতে, তেওঁলোকে জেনিনত অভিযান চলাই থকাৰ সময়ত প্ৰচণ্ড গুলীবৰ্ষণ আৰু বিস্ফোৰণৰ সন্মুখীন হৈছিল ৷ যাৰ প্ৰত্যুত্তৰত তেওঁলোকেও গুলীচালনা কৰিছিল । সামৰিক বাহিনীয়ে জনোৱা মতে, তেওঁলোকে ঘটনাটোৰ তদন্ত কৰি আছে ৷ সাংবাদিকসকলক পেলেষ্টাইনৰ বন্দুকধাৰীয়ে আক্ৰমণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে সামৰিক বাহিনীয়ে ।

উল্লেখ্য যে, শেহতীয়াকৈ কেইবাসপ্তাহ ধৰি ইজৰাইলৰ সেনাই পশ্চিম তীৰত প্ৰায় দৈনিক অভিযান চলাইছে । চহৰখন আৰু বিশেষকৈ শৰণাৰ্থী শিবিৰসমূহ দীৰ্ঘদিন ধৰি উগ্ৰপন্থীৰ দুৰ্গ হিচাপে পৰিচিত হৈছিল । ইফালে ১৯৬৭ চনৰ মিড ইষ্ট যুদ্ধত ইজৰাইলে পশ্চিম তীৰ দখল কৰে ৷ কিন্তু পেলেষ্টাইনীসকলে বিচাৰে যে অঞ্চলটো তেওঁলোকৰ হওঁক । ইজৰাইলী সামৰিক শাসনৰ অধীনত সেই অঞ্চলটোত প্ৰায় ৩ মিলিয়ন পেলেষ্টাইনীয়ে বাস কৰে ।

ইজৰাইলে পশ্চিম তীৰত ১৩০ টাতকৈও অধিক ঘৰ নিৰ্মাণ কৰিছে, য'ত প্ৰায় ৫ লাখ ইহুদীয়ে বাস কৰে । তেওঁলোকৰ সম্পূৰ্ণ ইজৰাইলী নাগৰিকত্ব আছে । ইজৰাইলীসকলে দীৰ্ঘদিন ধৰি আল-জাজিৰাৰ বাতৰিক লৈ সমালোচনা কৰি আহিছে । কিন্তু কৰ্তৃপক্ষই সাংবাদিকসকলক মুক্তভাৱে কাম কৰিবলৈ অনুমতি দিছে ।

আল-জাজিৰাৰ আন এগৰাকী সাংবাদিক গিভাৰা বুদেইৰীক যোৱা বছৰ জেৰুজালেমত এক প্ৰতিবাদৰ সময়ত আটক হৈছিল । আনকি আৰক্ষীয়ে তেওঁক প্ৰহাৰ কৰাৰো অভিযোগ উঠিছিল ।

লগতে পঢ়ক : Sri Lanka crisis: চুবুৰীয়া ৰাষ্ট্ৰ হিচাবে শ্ৰীলংকাক পূৰ্ণ সহযোগিতা আগবঢ়াব ভাৰতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.