ETV Bharat / bharat

Sri Lanka crisis: চুবুৰীয়া ৰাষ্ট্ৰ হিচাবে শ্ৰীলংকাক পূৰ্ণ সহযোগিতা আগবঢ়াব ভাৰতে

author img

By

Published : May 10, 2022, 7:46 PM IST

শ্ৰীলংকাৰ নিকটতম দেশ হিচাবে ভাৰতে সম্পূৰ্ণভাৱে দ্বীপ ৰাষ্ট্ৰখনৰ গণতন্ত্ৰ, সুস্থিৰতা আৰু অৰ্থনৈতিক পুনৰুত্থানৰ বাবে সহযোগিতা আগবঢ়াব (Sri lanka crisis) ৷ দ্বীপ ৰাষ্ট্ৰখনত দেখা দিয়া ব্যাপক অৰ্থনৈতিক সংকটৰ ফলত সৃষ্টি হোৱা গণআন্দোলনৰ পাচতে সোমবাৰে পদত্যাগ কৰে প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকচাই (Resignation of Sri lankan prime minister) ৷

india-fully-supportive-of-sri-lankas-democracy-stability-and-economic-recovery
Sri Lanka crisis: চুবুৰীয়া ৰাষ্ট্ৰ হিচাবে শ্ৰীলংকাক পূৰ্ণ সহযোগিতা আগবঢ়াব ভাৰতে

নিউজ ডেস্ক, 10 মে’: সংকটত অস্থিৰ দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকা ৷ ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে মঙলবাৰে কয় যে, শ্ৰীলংকাৰ গণতন্ত্ৰ, সুস্থিৰতা তথা অৰ্থনৈতিক পুনৰুত্থানৰ বাবে ভাৰতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব (India on sri lanka crisis) ৷ দ্বীপ ৰাষ্ট্ৰখনত দেখা দিয়া ব্যাপক অৰ্থনৈতিক সংকটৰ ফলত সৃষ্টি হোৱা গণআন্দোলনৰ পাচতে সোমবাৰে পদত্যাগ কৰে প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকচাই ৷

শ্ৰীলংকাৰ অৰ্থনৈতিক উত্থান সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰি ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগছীয়ে কয় যে, শ্ৰীলংকাৰ নিকটতম দেশ হিচাবে ভাৰতে সম্পূৰ্ণভাৱে দ্বীপ ৰাষ্ট্ৰখনৰ গণতন্ত্ৰ, সুস্থিৰতা আৰু অৰ্থনৈতিক পুনৰুত্থানৰ বাবে সহযোগিতা আগবঢ়াব (Anidam bagchi on Sri lanka issue) ৷ বাগছীয়ে লগতে কয় যে, শ্ৰীলংকাৰ লোকসকলে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আগবঢ়োৱা সৰ্বশ্ৰেষ্ঠ স্বাৰ্থ সমূহৰ দ্বাৰা পৰিচালিত হ’ব ভাৰত ৷

অৰ্থনৈতিক সংকটৰ সৈতে যুঁজ দিবলৈ শ্ৰীলংকাক ভাৰতে আগবঢ়োৱা সহায় সন্দৰ্ভতো তথ্য প্ৰকাশ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ গৰাকীয়ে ৷

তেওঁ কয় যে, Neighborhood First policy ৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে অকলেই 3.5 বিলিয়ন মাৰ্কিন ডলাৰৰ আৰ্থিক সাহায্য আগবঢ়াইছে শ্ৰীলংকাক ৷ যাতে তেওঁলোকে এই আৰ্থিক সংকটৰ পৰা নিজকে মুক্ত কৰিব পাৰে ৷ ভাৰতৰ লোকসকলে শ্ৰীলংকাৰ প্ৰৱজনকাৰীসকলক খাদ্য, চিকিৎসা আদি প্ৰয়োজনীয় সহায় আগবঢ়াইছে বুলিও উল্লেখ কৰে বাগছীয়ে ৷ দ্বীপ ৰাষ্ট্ৰখনৰ জনসাধাৰণ বিগত কেইটামান দিনত সংঘটিত হোৱা ব্যাপক প্ৰতিবাদৰ সাক্ষী হৈ ৰৈছে (Sri Lanka latest update) ৷

উন্মত্ত প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ লগতে কলম্বো চহৰৰ ভিন্ন স্থানত হিংসাত্মক কাৰ্য সংঘটিত কৰিছে ৷ প্ৰধানমন্ত্ৰী ৰাজাপাকচাৰ পৰিয়ালৰ হাম্বানটোটাত থকা এটা ঘৰ জ্বলাই দিয়ে প্ৰতিবাদকাৰী দলে ৷ তাৰোপৰি ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকচাৰ মেডামমোলানাত থকা বাসগৃহটোও জ্বলাই দিয়াৰ খবৰ পোৱা গৈছে ৷

লগতে পঢ়ক : Hijab Decree: আফগান মহিলাৰ বাবে চিন্তিত নোবেল বিজয়ী মালালা ইউচুফজাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.