ETV Bharat / entertainment

কথিত প্ৰেমিকৰ ভায়েকে সুধিলে প্ৰিয় অভিনেতা কোন: মুখত এমোকোৰা হাঁহি বিৰিঙি পৰিল ৰশ্মিকাৰ - Rashmika Mandanna fav co star

author img

By ETV Bharat Entertainment Team

Published : May 28, 2024, 1:31 PM IST

Rashmika Mandanna fav co star: বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকাৰ মান্দান্নাৰ মাজৰ প্ৰেমৰ বাতৰি বহু দিনীয়া ৷ দুয়োৱে কোনো দিনে মুকলিকৈ না এই কথা অস্বীকাৰ কৰিছে না সন্মতি প্ৰদান কৰিছে ৷ কিন্তু মাজে মাজে দুয়োৰে কথা-কাম-ইনষ্টাগ্ৰাম ষ্ট’ৰীয়ে সকলোকে বিবুধিত পেলায় ৷ শেহতীয়াকৈ এটা ইভেণ্টত ৰশ্মিকাই কি কৰিলে জানো আহক-

Rashmika Mandanna Can't Stop Blushing as She Calls Vijay Deverakonda Her Favourite Co star
বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকাৰ মান্দান্না (etv bharat)

চিটাৰা ডেস্ক, 28 মে’ : ৰশ্মিকা মান্দন্নাই মুক্তি পাবলগীয়া তেলুগু চলচ্চিত্ৰ গাম গাম গণেশৰ মুক্তিৰ পূৰ্বৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ এই ছবিখনত বিজয় দেৱেৰাকোণ্ডাৰ ভাতৃ আনন্দ দেৱেৰাকোণ্ডাই অভিনয় কৰিছে ৷ এইখন এখন একশ্যন কমেডি ছবি । ২৭ মে'ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ৰশ্মিকাই ব্যস্ত সময়সূচীৰ পৰা সময় উলিয়াই অংশ লয় ৷

আনন্দৰ আহিবলগীয়া চলচ্চিত্ৰখনৰ প্ৰতি সমৰ্থন দেখুৱাই অভিনেত্ৰীগৰাকীয়ে । এই অনুষ্ঠানটোত আনন্দে ঘোষকৰ চৰিত্ৰত অভিনয় কৰি তেওঁৰ কৌতুকপূৰ্ণ ধেমালিৰে পৰিৱেশটো মনোগ্ৰাহী কৰি তোলে ৷ নিজৰ ককায়েকৰ সৈতে প্ৰেমৰ বাতৰিৰে চৰ্চাত থকা ৰশ্মিকাক প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি তোলে তেওঁ ।

যেতিয়া আনন্দে ৰশ্মিকাক তেওঁৰ প্ৰিয় অভিনেতাৰ কথা সোধে, ৰশ্মিকা তেতিয়া লাজত ৰঙা-চিঙা পৰি যায় ৷ প্ৰথমাৱস্থাত ৰশ্মিকাই প্ৰশ্নটো এৰাই চলি আনন্দক ঘৰৰ মানুহ বুলি উল্লেখ কৰি তেনে পৰিস্থিতিত নেপেলাবলৈ অনুৰোধ কৰে ৷ কিন্তু আনন্দে এৰি নিদিয়ে ৷ দৰ্শকৰ পৰা অহা ‘ৰাউদি বয়’ শুনি শুনি অৱশেষত ৰশ্মিকাই নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ৷ বিজয় দেৱেৰাকোণ্ডা যি অনুৰাগীসকলৰ মাজত ‘ৰাউদি বয়’ বুলিয়ে জনাজাত, তেওঁৰেই নাম ল’লে ৰশ্মিকাই ৷ তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে উৰাবাতৰি কিছু সময়ৰ ধৰি প্ৰচাৰ হৈ আছে, অৱশ্যে দুয়োজনে কেতিয়াও এই বিষয়ে নিশ্চিত কৰা নাই ।

অনুষ্ঠানটোত ৰশ্মিকাই প্ৰশংসিত পৰিচালক সাই ৰাজেশ নীলমৰ সৈতে সহযোগিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে । তেওঁৰ চলচ্চিত্ৰ বেবীয়ে তেওঁৰ হৃদয়ক স্পৰ্শ কৰে বুলি কৈ তেওঁৰ সৈতে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে । তেওঁৰ উল্লেখনীয় নিৰ্দেশনাৰ প্ৰশংসা কৰি, ৰশ্মিকাই তেওঁৰ নিৰ্দেশনাত এক জটিল চৰিত্ৰ চিত্ৰিত কৰাৰ তীব্ৰ ইচ্ছা প্ৰকাশ কৰে । সাই ৰাজেশে তেওঁৰ ইচ্ছা পূৰণ কৰিব নে নাই সেয়াহে লক্ষণীয় হ’ব ৷

ইফালে ৰশ্মিকাৰ এক আকৰ্ষণীয় লাইনআপ আছে য’ত নাৰীকেন্দ্ৰিক ছবিৰ পৰা পিৰিয়ড ড্ৰামা আৰু পান ইণ্ডিয়া ছবি অন্তৰ্ভুক্ত হৈ আছে । ১৫ আগষ্টত মুক্তি পাব পুষ্পা ২: দ্য ৰুল । ৰেইনবো, দ্য গাৰ্লফ্ৰেণ্ড আৰু চাভাৰ শ্বুটিং সমাপ্ত কৰিছে ৰশ্মিকাই ৷ ইয়াৰ উপৰিও ধনুষৰ সৈতে তেওঁৰ হাতত কুবেৰা আছে ৷ শেহতীয়াকৈ ছলমান খানৰ সৈতে ঘোষণা কৰা চিকন্দৰে তেওঁৰ কিটিত ডাঙৰ বাজেটৰ ছবি যোগ দিছে ।

লগতে পঢ়ক : পুষ্পা-২ ৰ বিশেষ নৃত্যত দেখা যাবনে ৰশ্মিকাক ? - Pushpa 2 The Rule

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.