ETV Bharat / state

নিয়মীয়া পাঠ্যপুথি যোগানৰ দাবীত আছুৰ গৰ্জন - AASU Protest

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 4:38 PM IST

Free textbook for students : চৰাইদেউ আৰু ডিব্ৰুগড়ৰ আছু কৰ্মীসকলে চৰকাৰৰ বিৰুদ্ধে মঙলবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ পাঠ্যপুথিৰ অনিয়মীয়া যোগানৰ বিৰুদ্ধে আছুৱে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

AASU protest
চৰাইদেউ আৰু ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ (Source : ETV Bharat Assam)

মৰাণ, 28 মে’: বিভিন্ন সময়ত বিভিন্ন দাবীৰে ৰাজপথ কঁপাই তোলে সদৌ অসম ছাত্ৰ সন্থাই ৷ পুনৰ এবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকল ওলাই আহিল ৰাজপথলৈ ৷ এইবাৰৰ বিষয়- পাঠ্যপুথিৰ অনিয়মীয়া যোগান ৷

আছুৰ প্ৰতিবাদী কাৰ্যসূচী (Source : ETV Bharat Assam)

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে মঙলবাৰে চৰাইদেউ আৰু ডিব্ৰুগড়ৰ আছু কৰ্মীসকলে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ দুটাকৈ মাহ উকলি যোৱাৰ পিচতো ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আজিও শিক্ষাৰ্থীসকলক সময়মতে যোগান ধৰিব নোৱাৰিলে পাঠ্যপুথি ৷ ভাষণৰ ফুলজাৰি মৰা ৰাজ্য চৰকাৰে বিনামূলীয়া পাঠ্যপুথি যোগানত ব্যৰ্থ হোৱাৰ কথাটোতে আছুৱে মঙলবাৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

ডিব্ৰুগড়ত আছুৱে বিক্ষোভ কাৰ্যসূচীৰে ফুলবাগানস্থিত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷ এই কাৰ্যসূচীত জিলাখনৰ শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ ডিব্ৰুগড়ৰ সমান্তৰালকৈ চৰাইদেউতো একে পৰিৱেশ দেখা যায় ৷ অনিয়মীয়া পাঠ্যপুথি যোগানৰ বিপৰীতে অতি শীঘ্ৰে পাঠ্যপুথিসমূহ যোগানৰ দাবীত আছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

লগতে পঢ়ক: Govt Free Textbook Distribution: উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীৰ বাবে 7 খন জিলালৈ প্ৰেৰণ প্ৰায় 2 লাখ পাঠ্যপুথি

সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল হৈ পৰে সোণাৰিস্থিত বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয় ৷ জিলাখনৰ ছাত্ৰ সন্থাৰ বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হোৱা বুলি আছু নেতৃত্বই জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীক যোগান ধৰি আহিছে বিনামূলীয়া পাঠ্যপুথি ৷ অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত 2024-25 শিক্ষাবর্ষৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ 54,67,731 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে 3,14,70,129 খন বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয় ৷ পিছে দুৰ্ভাগ্যৰ বিষয় এয়ে যে, শিক্ষা বিভাগৰ এই পদক্ষেপৰ পিচতো কিন্তু ৰাজ্যৰ সকলো প্ৰান্ততে সময়মতে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা নাই বিনামূলীয়া পাঠ্যপুথি ৷

লগতে পঢ়ক: লাহোৱালত চৰকাৰী বিনামূলীয়া পাঠ্যপুথি ওজনত বিক্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.