ETV Bharat / state

লাহোৱালত চৰকাৰী বিনামূলীয়া পাঠ্যপুথি ওজনত বিক্ৰী

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 1:11 PM IST

Headmistress Sells free textbooks : ছাত্ৰ-ছাত্ৰীক চৰকাৰে প্ৰদান কৰা বিনামূলীয়া পাঠ্যপুথি বিতৰণ নকৰি ওজনৰ হিচাপত বিক্ৰী কৰিলে প্ৰধান শিক্ষয়িত্ৰীয়ে ৷ ঘটনা পোহৰলৈ অহাৰ পাচতেই লাহোৱাল আৰক্ষীয়ে জব্দ কৰিলে পাঠ্যপুথিখিনি ৷

headmistress of a school at lahowal sells free textbooks provided for students
বিনামূলীয়া পাঠ্যপুথি বিক্ৰীৰ বাতৰি
পাঠ্যপুথি ওজনত বিক্ৰীৰ বিৰুদ্ধে ক্ষোভ জনতাৰ

ডিব্ৰুগড়, 25 জানুৱাৰী : চৰকাৰী বিদ্যালয়ৰ লগতে বিদ্যালয়ৰ লগত জড়িতসকলৰ সংস্কাৰ কৰাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়াও সংস্কাৰমুখী হোৱা নাই একাংশ শিক্ষক-শিক্ষয়িত্ৰী । এইবাৰ ছাত্ৰ-ছাত্ৰীক চৰকাৰে প্ৰদান কৰা বিনামূলীয়া পাঠ্যপুথি বিতৰণ নকৰি ওজনৰ হিচাপত বিক্ৰী কৰিলে এগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে । এই ঘটনা সংঘটিত হ’ল ডিব্ৰুগড় জিলাৰ লাহোৱাল প্ৰাথমিক বিদ্যালয়ত ।

লাহোৱালত চৰকাৰী বিনামূলীয়া পাঠ্যপুথি ওজনত বিক্ৰী কৰিলে লাহোৱাল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে ৷ প্ৰতি কেজিত ১৫ টকাকৈ । বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী দীপালী দাসে গুণোৎসৱ পাতিবৰ বাবে বিদ্যালয় পৰিষ্কাৰ কৰাৰ নামত এইদৰে বস্তাই বস্তাই বিনামূলীয়া পাঠ্যপুথি বিক্ৰী কৰে গেলামালৰ দোকানীক । প্ৰতি কেজিত 15 টকা দৰত এইদৰে প্ৰায় এক কুইণ্টল বিনামূলীয়া পাঠ্যপুথি বিক্ৰী কৰে দীপালী দাসে ।

সদৌ অসম ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৎপৰতাত এখন স্কুটীত কিতাপখিনি নি থকা সময়তে পোহৰলৈ আহে সমগ্ৰ ঘটনাটো । যিসময়ত বহু ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰৰ বিনামূলীয়া পাঠ্যপুথি লাভ নকৰাৰ অভিযোগ প্ৰায়ে উত্থাপিত হৈ আহিছে, সেই সময়তে এইদৰে বস্তাই বস্তাই পাঠ্যপুথি ওজনত বিক্ৰী কৰা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে ।

এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে ছাত্ৰ সংগঠনৰ সদস্যৰ লগতে স্থানীয় ৰাইজে । ঘটনা পোহৰলৈ অহা পাচতেই লাহোৱাল আৰক্ষীয়ে পাঠ্যপুথিখিনি জব্দ কৰে । আনকি ঘটনাস্থলীত উপস্থিত হয় লাহোৱাল খণ্ড প্ৰাথমিক শিক্ষা বিষয়া । ছাত্ৰ-ছাত্ৰীক বিতৰণ নকৰাকৈ কেনেকৈ এখন প্ৰাথমিক বিদ্যালয়ত দমে দমে কিতাপ থাকি গ’ল তাকো লৈ সৃষ্টি হৈছে ৰসহ্যৰ । এতিয়া সমগ্ৰ ঘটনা পোহৰলৈ অহাত শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : ধ্বংসস্তূপত পৰিণত হোৱাৰ দিশে ঐতিহ্যমণ্ডিত হৰেঘাট দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.