ETV Bharat / state

ধ্বংসস্তূপত পৰিণত হোৱাৰ দিশে ঐতিহ্যমণ্ডিত হৰেঘাট দলং

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 4:26 PM IST

Illegal sand and land mining in Dibrugarh
বালি পলসৰ অবাধ খনন

ডিব্ৰুগড়ৰ জকাই হৰেঘাট, খামটিঘাটত বালি পলসৰ অবাধ খননে দিহিংপৰীয়া ৩০খন গাঁৱলৈ কঢ়িয়াই আনিছে ভাবুকি ৷ মন্ত্ৰী বিমল বৰাক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান ভুক্তভোগী ৰাইজৰ ৷

বালি পলসৰ অবাধ খনন

ডিব্ৰুগড়, 9 জানুৱাৰী : মন্ত্ৰী বিমল বৰাৰ সমষ্টি টিংখাঙৰ বুঢ়ীদিহিঙত দিনে নিশাই চলিছে অবৈধ বালি পলস খনন । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাচতো মুখ্যমন্ত্ৰীৰ নিৰ্দেশক গুৰুত্বহীন কৰি ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীদিহিঙত চলিছে লাখ লাখ টকাৰ কৰ ফাঁকি দি অবৈধ বালি, পলস আৰু মাটি খনন ।

সচেতন ৰাইজ আৰু দল-সংগঠনৰ অভিযোগৰ পাচতো এই অবৈধ কাৰ্যকলাপ বন্ধ কৰাত ব্যৰ্থ ডিব্ৰুগড় জিলাৰ বন বিভাগ । বন বিভাগক মেনেজ কৰি একাংশই বালি আৰু পলসৰ অবৈধ খননত উঠিপৰি লাগিছে । ফলত ডিব্ৰুগড়ৰ জকাই হৰেঘাট, খামটিঘাটত বালি পলসৰ অবাধ খননে দিহিংপৰীয়া ৩০ খনৰো অধিক গাঁৱলৈ কঢ়িয়াই আনিছে ভাবুকি । আনকি বালি আৰু পলস মাফিয়াৰ উদ্ভণ্ডালিৰ বাবে ৰাজপথলৈ ওলাই যাব নোৱাৰা অৱস্থা হৈছে অঞ্চলটোৰ ৰাইজৰ ।

ইয়াৰ লগতে ধ্বংসস্তূপত পৰিণত হোৱাৰ দিশে ঐতিহ্যমণ্ডিত টিংখাং আৰু ডিব্ৰুগড় সংযোগী হৰেঘাট দলং । দলঙৰ দুয়োটা পাৰত ব্যাপক খহনীয়াৰ সৃষ্টি হৈছে । নীৰৱ ভূমিকা পালন কৰিছে বন-বিভাগ তথা জিলা প্ৰশাসনে । ফলত দিনে-ৰাতিয়ে নীতি বৰ্হিভূতভাৱে শ-শ বালি পলস কঢ়িওৱা ডাম্পাৰৰ উপদ্ৰৱত আতংকিত হৈ পৰিছে ৰাইজ । মন্ত্ৰী বিমল বৰালৈ এই সন্দৰ্ভত আবেদন কৰাৰ পিচতো কোনো সুফল লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰাক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান ৰাইজৰ । ৰাইজৰ সমস্যাক গুৰুত্ব প্ৰদান নকৰিলে আহিব লগা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে ৰাইজে ।

লগতে পঢ়ক : কি ক’ত কিয় বিখ্যাত একোকে নাজানে বন-বিভাগৰ লোকে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.