ETV Bharat / state

কি ক’ত কিয় বিখ্যাত একোকে নাজানে বন-বিভাগৰ লোকে !

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 1:59 PM IST

People protest against illegal mining and sale in goalpara
অবৈধ খনন আৰু বিক্ৰী চলিছে

গোৱালপাৰা লক্ষীপুৰত উচ্ছেদিত ভেঁটিত এতিয়া অবৈধ খনন । দিনে নিশাই উচ্ছেদিত ভেঁটি মাটি খনন কৰি বিক্ৰীৰ অভিযোগ উচ্ছেদিত ভুক্তভোগীৰ । বনবিভাগৰ প্ৰত্যক্ষ ছত্ৰছায়াত চলিছে এই অবৈধ খনন । অবৈধ খননৰ বিৰুদ্ধে প্ৰতিবাদ উচ্ছেদিত পৰিয়াল আৰু সচেতন‌ ৰাইজৰ ।

অবৈধ খনন আৰু বিক্ৰী চলিছে

গোৱালপাৰা, 28 নৱেম্বৰ : গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ প্ৰত্যক্ষ ছত্ৰছায়াত নলবাৰী সংৰক্ষিত বনাঞ্চলৰ হাতীমুৰাত উচ্ছেদিতৰ ঘৰৰ ভেঁটি-মাটিত এতিয়া অবৈধ খনন চলিছে । অবৈধভাৱে মাটি কাটি ট্ৰেক্টৰে ট্ৰেক্টৰে দিনে-নিশাই মাটি বিক্ৰী কৰি আহিছে এটা অসাধু চক্ৰই । বন-বিভাগৰ চকুৰ সন্মুখতে চলি থকা এই অবৈধ কাৰবাৰৰ বিৰুদ্ধে নিমাত লক্ষীপুৰ আঞ্চলিক বনবিষয়া ধ্ৰুৱ দত্ত ।

এই অবৈধ খনন আৰু বিক্ৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে উচ্ছেদিত পৰিয়ালসকলৰ লগতে স্থানীয় সচেতন ৰাইজ । মঙলবাৰৰ পুৱাই সচেতন ৰাইজৰ লগতে একাংশ উচ্ছেদিত পৰিয়ালে এই অবৈধ খনন আৰু বিক্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । অবৈধভাৱে খনন বন্ধ কৰক, মাটি বিক্ৰী কৰা বন্ধ কৰক, বন-বিভাগ হায় হায়, আমাক পুনৰ সংস্থাপন দিয়ক আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।

উল্লেখ্য যে, গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনস্থ নলবাৰী সংৰক্ষিত বনাঞ্চলৰ এলেকাত শেহতীয়াকৈ প্ৰশাসনে উচ্ছেদ অভিযান চলাই অগণন পৰিয়ালক অঘৰী কৰিছে । উচ্ছেদিত শ শ ভুক্তভোগী পৰিয়ালে আশ্ৰয়হীন হৈ জীয়াতু ভুগি আছে । বৰ্তমানলৈকে উচ্ছেদিত পৰিয়ালক চৰকাৰে কোনোধৰণৰ সংস্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । সংস্থাপনৰ বিপৰীতে উচ্ছেদিতসকলৰ ঘৰৰ ভেঁটি-মাটি আৰু নলাৰ মাটি অবৈধভাৱে খান্দি বন-বিভাগৰ সন্মুখতে বিক্ৰী কৰি আছে একাংশ অসাধু চক্ৰই ।

অভিযোগ অনুসৰি, প্ৰতি ট্ৰেক্টৰ মাটি বিক্ৰীৰ নামত তিনিশ টকাকৈ সংগ্ৰহ কৰি আহিছে একাংশ বন-বিভাগৰ লোকে । এই সংক্ৰান্তত উচ্ছেদিত ভূমিত কৰ্তব্যৰত বন-বিভাগৰ লোকক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত একো নাজানে বুলি কৈ ওপৰ মহলে জানে বুলি ব্যক্ত কৰি তেওঁলোককেই প্ৰশ্ন সুধিবলৈ কয় আৰু তেওঁ বেলেগ কামত সেই স্থানলৈ অহা বুলি কৈ সাংবাদিকৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰে ।

লগতে পঢ়ক : ধন দাবীৰ অভিযোগত অ’চিসহ চাৰি আৰক্ষীৰ ৰিজার্ভ ক্ল’জ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.