ETV Bharat / state

গুণোৎসৱ ২০২২ক লৈ সাজু নগাঁও জিলা প্ৰশাসন

author img

By

Published : May 11, 2022, 10:13 AM IST

বুধবাৰৰ পৰা আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav 2022) ৷ গুণোৎসৱৰ বাবে সম্পূৰ্ণৰূপে সাজু নগাঁও জিলা প্ৰশাসন ৷ যাৰ বাবে বৰ্তমান মুঠ ১৩,৮২২ গৰাকী বিষয়া-কৰ্মচাৰী নিয়োগ কৰিছে নগাঁও জিলা প্ৰশাসনে ৷

Gunotsav 2022
গুণোৎসৱ ২০২২ক লৈ সাজু নগাঁও জিলা প্ৰশাসন

নগাঁও, ১১ মে’ : বুধবাৰৰ পৰা আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav Assam 2022) ৷ যাৰ বাবে নগাঁও জিলা শিক্ষা বিভাগৰ লগতে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে (Nagaon District Administration ready for Gunotsav 2022) । এই উপলক্ষে মঙলবাৰে জিলা উপায়ুক্তই কাৰ্যালয়ৰ সভাকক্ষত সম্বোধন কৰে এক সংবাদমেল ৷

এই সংবাদমেলত উপায়ুক্ত ড৹ নিসৰ্গ হিৱৰেই কয় যে, বুধবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত গুণোৎসৱৰ প্ৰথম দিনা স্ব-মূল্যায়ন কাৰ্যসূচী সম্পন্ন কৰা হ'ব । বাকী তিনিদিন বিদ্যালয়ত অধ্যায়ন আৰু লিখাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব । জিলাখনত গুণোৎসৱৰ সফল সামৰণিৰ বাবে ইতিমধ্যে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে ইয়াত নিয়োজিত হ'ব লগা নিৰীক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷

উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়া মতে, নগাঁও জিলাৰ অন্তৰ্গত মুঠ ৯ খন শিক্ষাখণ্ডৰ অধীনত সৰ্বমুঠ ২,২১০ খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মুঠ ২ লাখ ৯ হাজাৰ ৩ গৰাকী ছাত্ৰ-ছাত্ৰীক এইবাৰৰ গুণোৎসৱে সামৰি লৈছে । এই গুণোৎসৱ কাৰ্যসূচীত গৃহ জিলাৰ ৯১২ আৰু কাষৰীয়া জিলাৰ ১,২৬২ গৰাকী আন্তঃ নিৰীক্ষক নিয়োগ কৰা হৈছে ।

গুণোৎসৱ ২০২২ক লৈ সাজু নগাঁও জিলা প্ৰশাসন

তদুপৰি, বিভিন্ন বিভাগৰ ২৩৮ গৰাকী বিষয়াক এল অ' হিচাপে, ২,২১০ গৰাকীক নডেল শিক্ষকৰ লগতে অন্যান্য মুঠ ১০,১১২ গৰাকী শিক্ষকক নিয়োজিত কৰা হৈছে । এইদৰে এই সমগ্ৰ প্ৰক্ৰিয়াটোত সৰ্বমুঠ ১৩,৮২২ গৰাকী বিষয়া-কৰ্মচাৰী নিয়োজিত কৰা হৈছে । ইপিনে, ভিতৰুৱা আৰু চৰ এলেকাত থকা বিদ্যালয়সমূহৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ।

গুণোৎসৱ সন্দৰ্ভত কাৰোবাৰ কিবা জানিব লগা থাকিলে জিলা প্ৰশাসনে মুকলি কৰা হেল্পলাইন নম্বৰ ০৩৩৭২-২৩৬৮২৭ ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে জিলা উপায়ুক্তই । এই সংবাদমেলত অতিৰিক্ত উপায়ুক্ত (শিক্ষা) প্ৰশান্ত বৰুৱা, জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ, জিলা প্ৰাথমিক শিক্ষা বিষয়া লাভাজা জাৰামবুছাৰ উপস্থিত থাকে ।

লগতে পঢ়ক : গুণোৎসৱ 2022ৰ বাবে সাজু হোজাই জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.