ETV Bharat / bharat

Sedition law : ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

author img

By

Published : May 11, 2022, 1:25 PM IST

ভাৰতীয় দণ্ডবিধিৰ ১২৪ এ ধাৰা এখন ১৫২ বছৰ পুৰণি আইন, যাৰ অধীনত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰসমূহ ৰুজু কৰা হয় । এই সংক্ৰান্তীয় এক নিৰ্দেশনাত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহকো পুনৰ বিবেচনাৰ সময়চোৱাত এই ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাটো বন্ধ ৰাখিবলৈ নিৰ্দেশ(SC orders to keep sedition law in abeyance) দিয়ে ।

supreme-court-orders-to-keep-sedition-law-in-abeyance
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

নিউজ ডেস্ক, ১১ মে’ : বুধবাৰে উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায় প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে পুনৰ বিবেচনা নকৰালৈকে ভাৰতীয় দণ্ডবিধিৰ ১২৪ এ (Section 124 A of the IPC) ধাৰাৰ অধীনৰ গোচৰসমূহ স্থগিত ৰাখিবলৈ নিৰ্দেশ(SC orders to keep sedition law in abeyance) দিয়ে ।

উল্লেখ্য যে, ভাৰতীয় দণ্ডবিধিৰ ১২৪ এ ধাৰা এখন ১৫২ বছৰ পুৰণি আইন, যাৰ অধীনত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰসমূহ ৰুজু কৰা হয় । এই সংক্ৰান্তীয় এক নিৰ্দেশনাত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহকো পুনৰ বিবেচনাৰ সময়চোৱাত এই ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাটো বন্ধ ৰাখিবলৈ নিৰ্দেশ(SC stays proceedings in sedition cases) দিয়ে ।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ হিমা কোহলীক লৈ গঠিত তিনিজনীয়া এখন বিচাৰপীঠে এই ৰায়দান কৰি কয় যে, ১২৪ এ-ৰ অধীনত প্ৰস্তুত কৰা অভিযোগৰ সন্দৰ্ভত সকলো অমীমাংসিত গোচৰ আৰু আপীল বৰ্তমান স্থগিত ৰখা হ'ব ।

বিচাৰপীঠখনে ৰায়দানত এই কথাও কয় যে, যিসকলৰ বিৰুদ্ধে ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১২৪ এ ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছে আৰু কাৰাগাৰত আছে, তেওঁলোকে জামিনৰ বাবে সংশ্লিষ্ট আদালতৰ কাষ চাপিব পাৰে । ৰায়দানত কোৱা হৈছে যে, যদি কোনো নতুন গোচৰ পঞ্জীয়ন কৰা হয়, তেন্তে পক্ষসমূহে সকাহৰ বাবে আদালতৰ কাষ চাপিব পাৰিব । লগতে বিচাৰপীঠখনে ৰায়দানত আদালতক পক্ষসমূহে বিচৰা সকাহ পৰীক্ষা কৰি আদেশ দিবলৈ অনুৰোধ কৰিছে ।

বিচাৰপীঠখনে লগতে কেন্দ্ৰীয় চৰকাৰক ৰাজ্যসমূহক ১২৪ এ ধাৰাৰ পুনৰীক্ষণ সম্পূৰ্ণ নোহোৱালৈকে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ পঞ্জীয়ন নকৰিবলৈ নিৰ্দেশনা জাৰি কৰিবলৈ পৰামৰ্শ দি এই বিষয়ত কেন্দ্ৰৰ সঁহাৰি বিচাৰিছে ৷

লগতে চাওক: Journalist killed in Jenin : ইজৰাইলী সেনাৰ অভিযানৰ মাজতে পুনৰ সাংবাদিক নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.