ETV Bharat / bharat

National Technology Day : ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত প্ৰধানমন্ত্ৰী মোডীৰ শুভেচ্ছাবাণী

author img

By

Published : May 11, 2022, 11:53 AM IST

১৯৯৮ চনত পোখৰাণত ভাৰতে সফলভাৱে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল । যাৰ বাবে এই দিনটো দেশজুৰি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস (National Technology Day) হিচাপে পালন কৰা হয় । এই দিৱসত প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এটা বিশেষ ভিডিঅ' শ্বেয়াৰ কৰিছে ।

National Technology Day
ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত প্ৰধানমন্ত্ৰী মোডীৰ শুভেচ্ছাবাণী

নেশ্যনেল ডেস্ক, ১১ মে' : দেশজুৰি বৃহস্পতিবাৰে পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস (National Technology Day) । ১৯৯৮ চনত পোখৰাণত আজিৰ দিনটোতে সফলভাৱে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰা হৈছিল (Pokhran nuclear test in 1998) । সেয়ে এই দিনটোক ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে পালন কৰা হয় । বিভিন্ন স্থানত এই দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হৈছে ।

ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোডীয়েও এই দিৱসক লৈ বিশেষ টুইট কৰে । পোখৰাণৰ পাৰমাণৱিক পৰীক্ষাৰ সময়ত অৱদান আগবঢ়োৱা ভাৰতৰ বিজ্ঞানীসকলক তেওঁ স্মৰণ কৰে (Modi pays tributes to scientists on Pokhran tests anniversary)। টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, যিসকল বিজ্ঞানীৰ বাবে দেশে সফলভাৱে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিব পাৰিছে, তেওঁলোকলৈ ধন্যবাদ আৰু কৃতজ্ঞতা ।

  • Today, on National Technology Day, we express gratitude to our brilliant scientists and their efforts that led to the successful Pokhran tests in 1998. We remember with pride the exemplary leadership of Atal Ji who showed outstanding political courage and statesmanship. pic.twitter.com/QZXcNvm6Pe

    — Narendra Modi (@narendramodi) May 11, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

যিহেতু অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে এই পৰীক্ষাৰ সিদ্ধান্ত লোৱা হৈছিল । সেয়ে প্ৰধানমন্ত্ৰী মোডীয়ে এই পৰীক্ষাৰ সৈতে সম্পৰ্কিত এটা ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছে ।

উল্লেখ্য যে, ভাৰতে ৰাজস্থানৰ পোখৰাণত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰাৰ পাছতে বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । আনকি বহু ৰাষ্ট্ৰই ভাৰতৰ শক্তি দেখি স্তম্ভিত হৈ পৰিছিল । তেতিয়াৰে পৰা ভাৰতক বহু ৰাষ্ট্ৰই অন্য দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিলে । ইফালে এই পৰীক্ষাৰ পাছতে বিশ্বৰ বহু দেশে ভাৰতক সমালোচনা কৰাও দেখা গৈছিল ।

লগতে পঢ়ক : চৰকাৰে কৃষকৰ লগত থিয় হোৱাৰ পৰিৱৰ্তে মন্ত্ৰীকহে কৰিছে সমৰ্থন: প্ৰিয়ংকা গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.