মাজুলীৰ তিনি শিল্পীলৈ সংগীত নাটক অকাদেমি বঁটা: আনন্দৰ লহৰ

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 3:47 PM IST

thumbnail

মাজুলী, ২৮ ফেব্ৰুৱাৰী: ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে মঙলবাৰে ঘোষণা কৰে সংগীত নাটক অকাদেমি বঁটাপ্ৰাপক সকলৰ নাম । ইয়াৰ ভিতৰত মাজুলীৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত তিনি গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে সংগীত নাটক অকাদেমি বঁটা । সত্ৰীয়া সংস্কৃতিৰ সাধক মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ অধ্যাপক ভবেন বৰবায়নে লাভ কৰিছে সংগীত নাটক অকাদেমি বঁটা । তেওঁ সত্ৰীয়া নৃত্যৰ বাবে এই বঁটা লাভ কৰিছে । ইফালে, উত্তৰ কমলাবাৰী সত্ৰৰ আন এগৰাকী বৈষ্ণৱ মুকুন্দ শইকীয়াইও লাভ কৰিবলৈ সক্ষম হৈছে সংগীত নাটক অকাদেমি বঁটা ।  

মাজুলীৰ পৰা একাদেমি বঁটা লাভ কৰা আন এগৰাকী ব্যক্তি হৈছে কৰুণা বৰা । তেওঁ অংকীয়া ভাওনাত সংগীত নাটক অকাদেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । এই সন্মান পোৱাৰ বাবে উৎফুল্লিত হৈছে আটাইকেইগৰাকী ব্য়ক্তিৰ লগতে মাজুলীবাসী ।

লগতে পঢ়ক:অসমৰ কেইবাগৰাকী শিল্পীলৈ সংগীত নাটক অকাদেমিৰ সন্মান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.