মাজুলীৰ তিনি শিল্পীলৈ সংগীত নাটক অকাদেমি বঁটা: আনন্দৰ লহৰ - সংগীত নাটক অকাদেমি বঁটা

🎬 Watch Now: Feature Video

thumbnail
সংগীত নাটক অকাদেমি বঁটা (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 3:47 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী, ২৮ ফেব্ৰুৱাৰী: ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে মঙলবাৰে ঘোষণা কৰে সংগীত নাটক অকাদেমি বঁটাপ্ৰাপক সকলৰ নাম । ইয়াৰ ভিতৰত মাজুলীৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত তিনি গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে সংগীত নাটক অকাদেমি বঁটা । সত্ৰীয়া সংস্কৃতিৰ সাধক মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ অধ্যাপক ভবেন বৰবায়নে লাভ কৰিছে সংগীত নাটক অকাদেমি বঁটা । তেওঁ সত্ৰীয়া নৃত্যৰ বাবে এই বঁটা লাভ কৰিছে । ইফালে, উত্তৰ কমলাবাৰী সত্ৰৰ আন এগৰাকী বৈষ্ণৱ মুকুন্দ শইকীয়াইও লাভ কৰিবলৈ সক্ষম হৈছে সংগীত নাটক অকাদেমি বঁটা ।  

মাজুলীৰ পৰা একাদেমি বঁটা লাভ কৰা আন এগৰাকী ব্যক্তি হৈছে কৰুণা বৰা । তেওঁ অংকীয়া ভাওনাত সংগীত নাটক অকাদেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । এই সন্মান পোৱাৰ বাবে উৎফুল্লিত হৈছে আটাইকেইগৰাকী ব্য়ক্তিৰ লগতে মাজুলীবাসী ।

লগতে পঢ়ক:অসমৰ কেইবাগৰাকী শিল্পীলৈ সংগীত নাটক অকাদেমিৰ সন্মান

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details