ETV Bharat / entertainment

অসমৰ কেইবাগৰাকী শিল্পীলৈ সংগীত নাটক অকাদেমিৰ সন্মান

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 11:20 AM IST

Sangeet Natak Akademi Awards 2022-23: ঘোষণা কৰা হ’ল ২০২২-২৩ বর্ষৰ সংগীত নাটক অকাদেমি বঁটা । মঙলবাৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে ঘোষণা কৰে এই বঁটা । অসমৰ কেইবাগৰাকী শিল্পীলৈ সংগীত নাটক অকাদেমি সন্মান ঘোষণা ।

Dulal Roy and Lakshahira Das has been awarded the Sangeet Natak Academy Award
২০২২-২৩ বর্ষৰ সংগীত নাটক একাডেমী বঁটা ঘোষণা

চিটাৰা ডেস্ক, ২৮ ফেব্ৰুৱাৰী: ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে মঙলবাৰে ঘোষণা কৰে সংগীত নাটক অকাদেমি বঁটাৰ বটা প্ৰাপকসকলৰ নাম । বিশিষ্ট নাট্যকাৰ দুলাল ৰয়লৈ সংগীত নাটক অকাদেমি ফেল’ৰ সন্মান । লগতে বিশিষ্ট শিল্পী লক্ষহীৰা দাসলৈ সংগীত নাটক অকাদেমি বঁটা ঘোষণা ।

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা উত্তীৰ্ণ প্ৰথমগৰাকী অসমীয়া স্নাতক হৈছে দুলাল ৰয় । নাটক অকাদেমি ফেল’ সন্মান লাভ কৰা চতুৰ্থগৰাকী অসমীয়া শিল্পী হৈছে দুলাল ৰয় । পূৰ্বে ড৹ মহেশ্বৰ নেওগে ১৯৯৪ চনত লাভ কৰিছিল এই সন্মান । আনহাতে ২০০৮ চনত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই আৰু ২০১৮ চনত নৃত্যচাৰ্য যতীন গোস্বামীয়ে লাভ কৰিছিল এই সন্মান ।

লগতে সত্ৰীয়া নৃত্যত গোৱিন্দ শইকীয়ালৈ ২০২২ চনত আগবঢ়োৱা সংগীত নাটক অকাদেমি বঁটা আগবঢ়োৱা হৈছে । লগতে সত্ৰীয়া নৃত্যত ভৱেন বৰবায়নলৈ ২০২৩ৰ সংগীত নাটক অকাদেমি বঁটা আগবঢ়োৱা হৈছে । পৰিচালনাৰ ক্ষেত্ৰত গুণাকৰ দেৱ গোস্বামীলৈ ২০২২ ৰ সংগীত নাটক অকাদেমি বঁটা ঘোষণা । অংকীয়া ভাওনাত ২০২২ চনৰ সংগীত নাটক অকাদেমি বঁটা আগবঢ়োৱা হৈছে কৰুণা বৰালৈ । লোকসংগীতত তৰাৱতী বড়িলৈ ২০২৩ চনৰ সংগীত নাটক অকাদেমি বঁটা ঘোষণা ।

ইফালে পুতলা থিয়েটাৰৰ শিল্পী বিনীতা দেৱীলৈ অকাদেমিৰ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ ঘোষণা । সত্ৰীয়া নৃত্যত ডিম্পী বৈশ্যলৈও বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে । লগতে সত্ৰীয়া নৃত্যত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ বৰবায়ন মুকুন্দ শ‌ইকীয়ালৈও বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে । কথক নৃত্যত মেঘৰঞ্জনী মেধিলৈ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে ।

উল্লেখযোগ্য যে, দেশৰ ৯২ গৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে ২০২২-২৩ চনৰ সংগীত নাটক অকাদেমি বঁটা ।

লগতে পঢ়ক: চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱত অসমৰ তথ্যচিত্ৰ চেলেঞ্জলৈ জুৰীৰ বিশেষ সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.