চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱত অসমৰ তথ্যচিত্ৰ চেলেঞ্জলৈ জুৰীৰ বিশেষ সন্মান
Documentary Challenge: পুনৰ ‘চেলেঞ্জ’লৈ আন এক সন্মান ৷ পঞ্চম চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱত তথ্যচিত্ৰ 'চেলেঞ্জ'এ লাভ কৰিবলৈ সক্ষম হৈছে জুৰীৰ বিশেষ সন্মান।

Published : February 27, 2024 at 10:42 AM IST
গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী: পুনৰ ‘চেলেঞ্জ’এ আজুৰি আনিলে আন এক সন্মান । যোৱা ২৩ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা পঞ্চম চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱত তথ্যচিত্ৰ ‘চেলেঞ্জ’এ লাভ কৰিবলৈ সক্ষম হৈছে জুৰীৰ বিশেষ উল্লেখ সন্মান । হাৰিয়ানাৰ পঞ্চকুলাত ইন্দ্ৰধনুশ প্ৰেক্ষাগৃহত আয়োজিত মহোৎসৱৰ সামৰণি অনুষ্ঠানত প্ৰদান কৰা হয় এই সন্মান ।
এই মহোৎসৱৰ বাবে ভিন্ন ভাষাৰ মুঠ ৩০ খন তথ্যচিত্ৰই অফিচিয়েল মনোনয়ন লাভ কৰিছিল । নিৰ্বাচিত এই ৩০ খন তথ্যচিত্ৰৰ ভিতৰত আছিল অসমৰ তিনিখন তথ্যচিত্ৰ । আনহাতে অসমৰ লগতে মহাৰাষ্ট্ৰ, কৰ্ণাটক, উত্তৰাখণ্ড, পশ্চিমবংগ, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, ওড়িশ্যা, গুজৰাট, নতুন দিল্লী, ৰাজস্থান, হিমাচল প্ৰদেশ আৰু হাৰিয়ানাকে ধৰি ৩০ খন তথ্যচিত্ৰৰ মাজত প্ৰতিযোগিতাত আছিল ‘চেলেঞ্জ’ ।

উল্লেখযোগ্য যে, কামৰূপা ক্ৰিয়েশ্যনচ'ৰ বেনাৰত নিৰ্মিত এই তথ্যচিত্ৰখন প্ৰযোজনা কৰিছে ভৰত কলিতাই । লগতে পৰিচালনা কৰিছে ৰমেন বৰা আৰু শিৱাণু বৰাই । তথ্যচিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰিছে হিতেন ঠাকুৰীয়াই । চিত্ৰনাট্য পূৰ্বাণী গোস্বামীৰ । ছবিখনৰ ছাউণ্ড ডিজাইন কৰিছে দেৱজিত চাংমাই আৰু অমৃত প্ৰীতমে । সম্পাদনা ৰমেন বৰাৰ । ডি আই কালাৰ ৰতন শীলৰ । তথ্যচিত্ৰখনৰ ধাৰাভাষ্য দিছে জীতেন্দ্ৰ ৰামপ্ৰকাশে ।
আনহাতে এগৰাকী চিত্ৰশিল্পী হিচাপে তথ্যচিত্ৰখনৰ বিশেষ কিছু মুহূৰ্ত অলংকৃত কৰিছে ৰবীন বাৰে । বিশেষভাবে সক্ষম এগৰাকী যুৱতীৰ জীৱন সংগ্ৰামৰ কাহিনীৰ লগতে এনেবোৰ সন্তানৰ জীৱন গঢ়াৰ ক্ষেত্ৰত মাতৃসকলৰ যি প্ৰত্যাহ্বানমূলক ভূমিকা জড়িত হৈ থাকে সেই বিষয়ক লৈ নিৰ্মাণ কৰা হৈছে ৩৮ মিনিট দৈৰ্ঘৰ তথ্যচিত্ৰ 'চেলেঞ্জ' ।
লগতে পঢ়ক: পহিলা মার্চত অনুষ্ঠিত হ’ব মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে

