ETV Bharat / entertainment

পহিলা মার্চত অনুষ্ঠিত হ’ব মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 8:08 PM IST

Mega Mr North East grand finale will be held on 1st March
মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে

Mega Mr North East: মার্চত অনুষ্ঠিত হ’ব মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে ৷ এই কথা সংবাদমেলযোগে ঘোষণা কৰে ফেশ্বন শ্ব’ মেগা এণ্টাৰটেইনমেণ্টৰ প্ৰতিষ্ঠাপক অভিজিত সিনহাই ৷

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী: পহিলা মার্চত গুৱাহাটীৰ আই টি এ সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ত্ৰয়োদশ সংখ্যাক মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে । শেহতীয়াকৈ এই সন্দৰ্ভত গুৱাহাটীত অনুষ্ঠিত হয় এখনি সংবাদমেল ৷ সংবাদমেলত এই কথা ঘোষণা কৰে ফেশ্বন শ্ব’ মেগা এণ্টাৰটেইনমেণ্টৰ প্ৰতিষ্ঠাপক অভিজিত সিনহাই ।

মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে

সংবাদমেলত তেওঁ কয়, ‘‘উত্তৰ-পূবৰ এই বহু প্ৰত্যাশিত অনুষ্ঠানটো আমি পুনৰবাৰ অনুষ্ঠিত কৰি যথেষ্ট সুখী অনুভৱ কৰিছোঁ । মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ আটাইতকৈ অনন্য দিশটো হ’ল ইয়াত এগৰাকী বিজয়ীৰ বিপৰীতে তিনিগৰাকী বিজয়ী থাকিব । পৰম্পৰাগত প্ৰতিযোগিতাৰ দৰে ৰানাৰ্ছ আপ নাথাকিব; ইয়াৰ পৰিৱৰ্তে আমি তিনিওগৰাকী বিজয়ীক সমানে সন্মানিত কৰিম আৰু একেধৰণৰ পুৰস্কাৰ প্ৰদান কৰিম । মেগা এণ্টাৰটেইনমেণ্টৰ লক্ষ্য হৈছে প্ৰতিগৰাকী যুৱকক ইতিবাচক পৰিৱৰ্তন আৰু উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ আইকন হিচাপে আত্মপ্ৰকাশ কৰাৰ সমান সুযোগ প্ৰদান কৰা ।"

  • " class="align-text-top noRightClick twitterSection" data="">

সংবাদমেলত অভিজিত সিনহাই এই কথাও প্ৰকাশ কৰে যে এই প্ৰতিযোগিতাৰ বিজয়ীসকলৰ ভিতৰত এগৰাকীক চলিত বৰ্ষৰ শেষৰ ফালে তুৰস্কত অনুষ্ঠিত হ’বলগীয়া সুপৰিচিত টপ মডেল অৱ দ্য ইউনিভার্জ অনুষ্ঠানলৈ ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত কৰা হ’ব ।

অভিজিত সিনহাই লগতে কয়, ‘‘এই প্ৰতিযোগিতাখনে মূলতঃ উত্তৰ-পূব ভাৰতৰ ব্যতিক্ৰমী প্ৰতিভাক প্ৰতিনিধিত্ব কৰিলেও আমাৰ লক্ষ্য হৈছে আমাৰ বিজয়ীসকলক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ আগবঢ়াই নিয়া আৰু তেওঁলোকৰ দক্ষতা আৰু সামর্থক সমগ্ৰ বিশ্বৰ দৰ্শকৰ সন্মুখত প্ৰদৰ্শন কৰা ।"

এই প্ৰতিযোগিতাখনিৰ তিনিগৰাকী বিজয়ীয়ে ৫০ হাজাৰ টকাৰ নগদ পুৰস্কাৰ লাভ কৰাৰ সমান্তৰালভাৱে ছেট ৱেটৰ ব্ৰেণ্ড এম্বেছাদৰ হোৱাৰ সুযোগ লাভ কৰিব । এই ফেশ্বন শ্ব’টোত উত্তৰ পূৰ্বাঞ্চলৰ ৬০গৰাকী প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক: মিলান ফেশ্বন উইকত অসমৰ সংযুক্তা দত্তৰ পাট-মুগা ফেশ্বনৰ যাদু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.