অসম

assam

Youth stabbed to death : যুৱকক চোকা অস্ত্ৰৰে হানি খুচি হত্যা

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 9:09 AM IST

যুৱকক চোকা অস্ত্ৰৰে হানি খুচি হত্যা

বিলাসীপাৰা, 14 নৱেম্বৰ : সোমাবাৰে নিশা বিলাসীপাৰাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । এগৰাকী যুৱকক কোনো দুৰ্বৃত্তই হত্যা কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পেলাই থৈ যোৱাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ ধুবুৰী জিলাৰ জমদুৱাৰ টিলাপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনা। 

ঘটনাৰ বিৱৰণী অনুসৰি, বিলাসীপাৰাৰ সীমান্তৱৰ্তী তথা কোকৰাঝাৰ জিলাৰ যমদুৱাৰ টিলাপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । যুৱকজনক কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হত্যা কৰি ৰাষ্ট্ৰীয় ঘাইপথত পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজ আৰু পৰিয়ালৰ লোকৰ । যুৱকজন বিলাসীপাৰাৰ ছুৱাপাতা 1ম খণ্ড গাঁৱৰ আব্বাছ আলী বুলি চিনাক্ত কৰা হৈছে । সোমবাৰে বিয়লি বিলাসীপাৰাৰ পৰা পূজাৰ মেলা চাই ঘৰৰ অভিমুখে আহি থকা অৱস্থাত যমদুৱাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ ঘটনা । 

ঘটনাস্থলীত শালকোচা আৰক্ষী আৰু কোকৰাঝাৰ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । যুৱকজনক কোনে কেনেকৈ হত্যা কৰিলে সমগ্ৰ ঘটনাক লৈ কোকৰাঝাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । এই ঘটনাৰ সন্দৰ্ভত ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ঘটনাৰ তদন্ত কৰি দুৰ্বৃত্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰভাৱে শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক :Bank Account Crores Credit : হঠাৎ একাউণ্টত সোমাল 4 কোটি 78 লাখ টকা, ইয়াৰ পিছত কি হ’ল ?

ABOUT THE AUTHOR

...view details