ETV Bharat / bharat

Bank Account Crores Credit : হঠাৎ একাউণ্টত সোমাল 4 কোটি 78 লাখ টকা, ইয়াৰ পিছত কি হ’ল ?

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 10:43 PM IST

Updated : Nov 13, 2023, 10:52 PM IST

দুদিনৰ ভিতৰতে আলিগড়ৰ এজন ব্যক্তিৰ একাউণ্টত সোমাল কোটি কোটি টকা ৷ এই কথা জানিব পাৰি আচৰিত হৈ পৰে ব্যক্তিজন ৷ এই টকা ব্যক্তিজনৰ এটা একাউণ্টৰ পৰা আন এটা বেংক একাউণ্টলৈ ট্ৰেন্সফাৰো কৰা হৈছে।

Bank Account Crores Credit
একাউণ্টত সোমাল কোটি কোটি টকা

নিউজ ডেস্ক, 13 নৱেম্বৰ : দুদিনৰ ভিতৰতে আলিগড় ভুজপুৰাৰ এজন বাসিন্দাৰ একাউণ্টত সোমাল 4 কোটি 78 লাখ টকা ৷ এই কথা জানিব পাৰি আচৰিত হৈ পৰে ব্যক্তিজন ৷ ব্যক্তিজনৰ মতে, তেওঁৰ এটা একাউণ্টত ধন আহি থকাৰ বিপৰীতে আন এটা বেংকৰ একাউণ্টলৈও ট্ৰেন্সফাৰ কৰা হৈছে ৷ আনহাতে ইয়াত তেওঁৰ কোনো ভূমিকা নাই ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত কোটৱালি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ব্যক্তিজনে ৷ বেংককো খবৰ দিয়া হৈছে ৷ সমগ্ৰ বিষয়টো উদঘাটনৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

দুদিনত সোমাল চাৰি কোটি 78 লাখ টকা-

ভুজপুৰাৰ বাসিন্দা আলাউদ্দিনৰ পুত্ৰ আছলামে কয় যে তেওঁৰ একাউণ্ট আইডিএফচি বেংকত আছে ৷ 11 নৱেম্বৰৰ পৰা তেওঁৰ একাউণ্টত টকা আহিবলৈ ধৰে ৷ একাউণ্টত সোমায় 4 কোটি 78 লাখ টকা ৷ আছলামে কয় যে তেওঁৰ ইউচিঅ’ বেংকতো একাউণ্ট আছে ৷ আইডিএফচি বেংক একাউণ্টত ধন সোমোৱাৰ পিছত ইউচিঅ’ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে ৷ কাৰ টকা আৰু কেনেকৈ তেওঁৰ একাউণ্টত আহিল তাৰ কোনো ধাৰণা নাই ৷ বেংকত উপস্থিত হৈ এই সন্দৰ্ভত তেওঁ কৰ্তৃপক্ষক সোধা-পোছা কৰিলে, কিন্তু তাতো কোনো সঠিক তথ্য লাভ কৰিব নোৱাৰিলে ৷

চাইবাৰ দলে তদন্ত কৰি আছে-

আছলামে কয় যে তেওঁৰ একাউণ্টত ইমান টকা অহাৰ বাবে তেওঁ চিন্তিত ৷ এই কথা তেওঁ কোটৱালি আৰক্ষী থানাক অৱগত কৰিছে ৷ 112 নম্বৰতো ফোন কৰি জনাইছে ৷ চি এম হেল্পলাইনতো ফোন কৰিছে তেওঁ ৷ যি একাউণ্টত টকা আহি আছে আৰু যিটো একাউণ্টত ট্ৰেন্সফাৰ হৈছে, সেই দুয়োটা একাউণ্ট তেওঁৰ ৷ ইউচিঅ’ বেংকৰ মেনেজাৰৰ সৈতে কথা পাতিছে ৷ তেওঁ আধাৰ আৰু পান কাৰ্ড লৈ বেংকলৈ মাতি পঠাইছে বুলি জনাইছে ৷ আঞ্চলিক বিষয়া প্ৰথম অভয় কুমাৰ পাণ্ডেই জনোৱা মতে, ভুজপুৰাৰ বাসিন্দা আছলামে থানালৈ আহি অভিযোগ কৰিছিল ৷ এই সন্দৰ্ভত আৰক্ষীৰ চাইবাৰ টিমে তদন্ত অব্যাহত ৰাখিছে ৷ বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

লগতে পঢ়ক : Telangana Assembly Election 2023: জুবিলী হিলছত জয়ৰ দৃষ্টিৰে আজহাৰুদ্দিন, কোটিপতিৰ সমষ্টিত সাধাৰণ ৰাইজৰ বাবে উন্নয়নৰ প্ৰতিশ্ৰুতি

Last Updated : Nov 13, 2023, 10:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.