অসম

assam

Angoorlata Deka in Golaghat: স্বৰ্ণকন্যা নয়নমণি শইকীয়াৰ ঘৰলৈ হঠাৎ কিয় গ’ল আঙুৰলতা ডেকা ?

By

Published : Feb 17, 2023, 9:11 PM IST

নয়নমণি শইকীয়াৰ ঘৰত আঙুৰলতা ডেকা

গোলাঘাট, ১৭ ফেব্ৰুৱাৰী :কমনৱেলথ গেমছত পদক বিজয়ী নয়নমণি শইকীয়াৰ ঘৰত শুকুৰবাৰে উপস্থিত হয় বিজেপিৰ অসম ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী তথা বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা (BJP Assam Mahila Morcha President Angoorlata Deka) । বৃহস্পতিবাৰে গোলাঘাটত কেইবাটাও দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি শুকুৰবাৰে সৰুপথাৰত উপস্থিত হয় বিজেপিৰ অসম ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী তথা বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা ।

স্বৰ্ণকন্যা নয়নমণি শইকীয়াৰ (CWG 2022 Gold Medallist Nayanmoni Saikia) বাসগৃহত সৌজন্যমূলকভাৱে উপস্থিত হ’ল বিজেপিৰ নেত্ৰীগৰাকী । নয়নমণি শইকীয়া খেলৰ বাবে মালয়েছিয়ালৈ ৰাওনা হৈছে যদিও তেওঁৰ পৰিয়ালবৰ্গৰ সৈতে আঙুৰলতা ডেকাই বিভিন্ন বাৰ্তালাপেৰে পৰিয়ালৰ লোকক উৎসাহিত কৰে (Angoorlata Deka visit Nayanmoni Saikia Family)। তেওঁ কয়, ‘‘ঘৰৰ প্ৰতিজন সদস্যৰ অভূতপূৰ্ব সঁহাৰিৰ বাবেই আজি নয়নমণি শইকীয়া বিশ্ব দৰবাৰত জিলিকি পৰিছে । যিটো অত্যন্ত জৰুৰী আৰু গৌৰৱৰ কথা’’ ।

লগতে পঢ়ক:Angoorlata react on Child marriage: ভৱিষ্যতে মিঠা পাবলৈ হ’লে এতিয়া তিতা পোৱাটো স্বাভাৱিক: আঙুৰলতা

তেখেতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনকো প্ৰশংসা কৰে । বিধায়কজনে প্ৰতিটো সময়ত সমষ্টিটোৰ প্ৰতিজন খেলুৱৈকে সহায়, সহযোগিতা আগবঢ়াই গৈছে বুলি উল্লেখ কৰে । বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকীয়ে নয়নমণি শইকীয়াৰ (CWG gold medallist Nayanmoni Saikia) কণমানি কন্যা তনয়াকো যথেষ্ট মৰম কৰে আৰু মাতৃৰ অনুপস্থিতত তাই সাহসেৰে আগবাঢ়ি মাকক সহযোগিতা কৰাটো সঁচাই প্ৰশংসনীয় কথা বুলি মন্তব্য কৰে ।

নয়নমণি শইকীয়াৰ ঘৰত প্ৰায় এঘণ্টা সময় অতিবাহিত কৰি সভানেত্ৰীগৰাকী কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰগোহাঁই আৰু অসম কন্যা লাভলীনা বৰগোহাঁইৰ ঘৰলৈ ৰাওনা হয় । গোলাঘাটলৈ আহি সৰুপথাৰৰ দুই মহিলা খেলুৱৈৰ ঘৰত উপস্থিত নহ'লে গোলাঘাট ভ্ৰমণ আধাৰুৱা বুলি মন্তব্য কৰি দুই খেলুৱৈক বহু প্ৰশংসা কৰে বিজেপিৰ অসম ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী তথা বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই ।

লগতে পঢ়ক:Press Conference of Angurlata Deka: গোলাঘাটত আঙুৰলতা ডেকাৰ সংবাদ মেল

ABOUT THE AUTHOR

...view details