Press Conference of Angurlata Deka: গোলাঘাটত আঙুৰলতা ডেকাৰ সংবাদ মেল

By

Published : Feb 17, 2023, 11:08 AM IST

thumbnail

গোলাঘাট,১৭ ফ্ৰেব্ৰুৱাৰী: গোলাঘাটত অনুষ্ঠিত হ'ব BJP ৰ অসম মহিলা মৰ্চাৰ তৃতীয়খন কাৰ্যনিৰ্বাহক সভা(3rd Executive Meeting of BJP Assam Mahila Morcha in Golaghat)। মহিলা সবলীকৰণৰ উদ্দেশ্য হাতত লৈ গোলাঘাটত উপস্থিত হয় BJP ৰ অসম মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা(BJP Assam Mahila Morcha President Angurlata Deka)। এইবাৰ অহা ২৪ ফেব্ৰুৱাৰীত গোলাঘাটত অনুষ্ঠিত হ'বলগীয়া কাৰ্যনিৰ্বাহক সভাত বিশেষভাৱে স্থান লাভ কৰিব - মহিলাই কৃষি কাৰ্যৰ জৰিয়তে কেনেদৰে স্বাৱলম্বী হ'ব পাৰে ।

এই বিষয় সমূহ উল্লেখ কৰি গোলাঘাটত আঙুৰলতা ডেকাই সম্বোধন কৰে এখনি সংবাদ মেল(Angurlata Dekas pc on executive meeting of Assam Mahila Morcha in Golaghat) । ২৪ ফেব্রুৱাৰীত অনুষ্ঠিত হ'বলগীয়া তৃতীয়খন কাৰ্যনিৰ্বাহকত ভাৰতীয় জনতা পার্টিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ এখনি অন্তৰংগ আলাপৰ অনুষ্ঠানো অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে BJP ৰ অসম মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই । লগতে তেওঁ কয় যে মহিলা খেতিয়কসকলৰ সমস্যা সমূহৰ ওপৰতো আলোচনা কৰা হ'ব এই কাৰ্য নিৰ্বাহকত । 

মহিলা খেতিয়কসকলে কৃষিৰ জৰিয়তে কেনেদৰে লাভান্বিত হ'ব পাৰে, তাৰ ওপৰত কৃষি বিশ্ববিদ্যালয়ৰ এগৰাকী অভিজ্ঞ ব্যক্তিৰ সৈতে পৰামৰ্শমূলক আলোচনা কৰা হ'ব বুলিও জানিবলৈ দিয়ে আঙুৰলতা ডেকাই । ইয়াৰ জৰিয়তে মহিলা খেতিয়কসকল যথেষ্ট উৎসাহিত আৰু উপকৃত হ'ব বুলি সংবাদ মেলত দাঙি ধৰে সভানেত্ৰী গৰাকীয়ে । অসম আৰু ভাৰত চৰকাৰে ৰূপায়ণ কৰা আঁচনি সমূহৰ আধাৰতো হ'ব এক আকস্মিক বক্তৃতা প্ৰতিযোগিতা ।

অসম মহিলা মৰ্চাই মহিলাৰ স্বাৱলম্বীতা আৰু সৱলীকৰণৰ কাৰণে সদায়েই কাম কৰি থকা বুলি উল্লেখ কৰি BJP ৰ অসম মহিলা মৰ্চাৰ তৃতীয়খন কাৰ্য নিৰ্বাহক গোলাঘাট জিলা মহিলা মৰ্চা আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগিতা কামনা কৰে ভাৰতীয় জনতা পার্টিৰ অসম প্রদেশ মহিলা মৰ্চাৰ সভানেত্রী গৰাকীয়ে । লগতে বেদখলকাৰীক উচ্ছেদ কৰাৰ প্ৰসংগত সভানেত্ৰীগৰাকীয়ে সংবাদমেলখনতে আগবঢ়াই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য(Angurlata Dekas reaction to eviction) । 

তেওঁ কয় যে, উচ্ছেদক বিৰোধীয়ে সদায় বেলেগ ধৰণে উপস্থাপন কৰিব বিচাৰে আৰু এয়া বিৰোধীৰ লক্ষণেই । বটদ্ৰৱাৰ ভূমিত বহুবছৰ ধৰি বেদখল হৈ আছিল, কিন্তু সেই সময়তো বিৰোধীয়ে বেদখল মুক্ত কৰাৰ কথা ভবা নাছিল । বৰঞ্চ বেদখলক সমৰ্থন কৰি থকা বুলি বিৰোধীক কটাক্ষ কৰে সভানেত্ৰী আঙুৰলতা ডেকাই(Angurlata Deka slams Opposition) । 

লগতে পঢ়ক: Fire in Jorhat Town: যোৰহাটৰ ঐতিহাসিক চ'ক বজাৰত ভয়াৱহ অগ্নিকাণ্ড

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.