ETV Bharat / state

Fire in Jorhat Town: যোৰহাটৰ ঐতিহাসিক চ'ক বজাৰত ভয়াৱহ অগ্নিকাণ্ড

author img

By

Published : Feb 17, 2023, 8:08 AM IST

Updated : Feb 17, 2023, 12:57 PM IST

Fire in Jorhat
লেলিহান জুইৰ মাজত ঐতিহাসিক চ’ক বজাৰ

যোৰহাটত ভয়াৱহ অগ্নিকাণ্ড (Fire breaks out in Jorhat) ৷ জুইৰ লেলিহান শিখাৰ মাজত ঐতিহাসিক চ’ক বজাৰ ৷ ধ্বংসস্তুপত পৰিনত 351 খনতকৈও অধিক ব্যৱয়ায়িক প্ৰতিষ্ঠান ৷

লেলিহান জুইৰ মাজত ঐতিহাসিক চ’ক বজাৰ

যোৰহাট, 17 ফেব্ৰুৱাৰী : জুইত ছাৰখাৰ হ’ল যোৰহাটৰ ঐতিহাসিক চ’ক বজাৰ (Historic Chowk Bazaar was over in an instant) ৷ যোৰহাটৰ মাজমজিয়াত অৱস্থিত ঐতিহাসিক চ’ক বজাৰত 16 ফেব্ৰুৱাৰীৰ নিশা প্ৰায় 9:30 মান বজাত সংঘটিত হয় অগ্নিকাণ্ডৰ এই ঘটনা ৷ বৃহস্পতিবাৰৰ নিশা সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাটোত জাহ গ’ল ঐতিহাসিক চ’ক বজাৰৰ ইখনৰ পিছত আনখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷ জুইৰ লেলিহান শিখাই এফালৰ পৰাৰ গ্ৰাস কৰি যায় ঐতিহাসিক চ’ক বজাৰৰ প্ৰতিখন ব্যৱয়ায়িক প্ৰতিষ্ঠান ।

ভয়াৱহ জুইত নিমিষতে এঙাৰত পৰিণত হ’ল ঐতিহাসিক চ’ক বজাৰ (Jorhat chowk bazar fire) ৷ শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ব্যৱসায়ী তথা ৰাইজে ৷ অগ্নিকাণ্ডটোৰ ফলত বহু কোটি টকাৰ সা-সম্পত্তি ভস্মীভৃত হোৱা বুলি স্থানীয় সূত্ৰে জানিব পৰা গৈছে ৷ একাংশই কোনো দুস্কৃতিকাৰীয়ে এই ঘটনা সংঘটিত কৰা বুলিও অভিযোগ কৰিছে ৷ উল্লেখ্য যে, ঐতিহাসিক বজাৰখনত জুই লগাৰ সময়ত বজাৰৰ ভিতৰত উচ্চ প্ৰাৱল্যৰ আতছবাজীৰো শব্দ শুনিবলৈ পোৱা বুলি স্থানীয় ব্যৱসায়ীসকলে জানিবলৈ দিয়ে ৷ অৱশ্যে সেয়া আতছবাজীয়ে নে অন্য কিবা সেয়া বৰ্তমানলৈ স্পষ্ট হোৱা নাই ৷ কোনে কি কাৰণত অতি বিপদজ্জনকভাৱে ঐতিহাসিক চ’ক বজাৰখনত আতছবাজী মজুত কৰিলে সেয়াও বৰ্তমান এক ৰহস্যজনক বিষয় হৈ পৰা পৰিলক্ষিত হৈছে ।

এই ভয়াৱহ অগ্মিকাণ্ডৰ ঘটনাৰ ফলত নিমিষতে ধ্বংসস্তুপত পৰিণত হয় চ’ক বজাৰস্থিত 351 খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান । অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা চলাই গৈছে যদিও বাতৰি যুগুত কৰা পৰ্যন্ত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা নাই । একাংশ লোকে অভিযোগ কৰা অনুসৰি, অগ্নি নিৰ্বাপক বাহিনীৰ দলৰ হেমাহিৰ বাবেও অগ্মিকাণ্ডত ক্ষয় - ক্ষতিৰ পৰিমান অধিক হৈছে ৷ বাৰাম্বাৰ যোৰহাট নগৰত সংঘটিত হৈ অহা এনে বহুকেইটা অগ্নিকাণ্ডৰ ঘটনাই স্বাভাৱিকতে চিন্তিত কৰি তুলিছে যোৰহাটবাসীক ৷ এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলিছে সচেতন ৰাইজে ।

ভয়াৱহ অগ্নিকাণ্ডটোৰ ফলত বহু কোটি টকাৰ সা সম্পত্তি জুইত জ্বলি ভস্মীভূত হয় । ব্যৱসায়ীসকলৰ উপাৰ্জনৰ সম্বল স্বৰূপ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন চকুৰ পচাৰতে জুইত ভস্মীভূত হোৱাত শোকত ভাগি হুক হুকাই কান্দি উঠিছে প্ৰতিগৰাকী ব্যৱসায়ী ।

লগতে পঢ়ক : Eviction drive in Burhachapori: তিনি দিন ধৰি চলা উচ্ছেদ অভিযানত বেদখলমুক্ত কৰা হ’ল ২০৯৯ হেক্টৰ ভূমি

Last Updated :Feb 17, 2023, 12:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.