ETV Bharat / state

Angoorlata react on Child marriage: ভৱিষ্যতে মিঠা পাবলৈ হ’লে এতিয়া তিতা পোৱাটো স্বাভাৱিক: আঙুৰলতা

author img

By

Published : Feb 7, 2023, 2:27 PM IST

বাল্য বিবাহ সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ প্ৰতিক্ৰিয়া (BJP State Mahila Morcha react on Child marriage)। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই কয় যে চৰকাৰৰ এয়া এক যুগান্তকাৰী সিদ্ধান্ত । বাল্য বিবাহৰ দৰে ব্য়াধি নিৰ্মূলৰ বাবে স্ত্ৰী-শিক্ষা আৰু দৰিদ্ৰতা নিৰ্মূলকৰণত বিভিন্ন আঁচনিৰ সঠিক ব্যৱহাৰৰ বাবে আহ্বান ।

Angoorlata Deka react on Child marriage
বাল্য বিবাহ সন্দৰ্ভত আঙুৰলতাৰ প্ৰতিক্ৰিয়া

বাল্য বিবাহ সন্দৰ্ভত আঙুৰলতাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,৭ ফেব্ৰুৱাৰী: ৰাজ্য়ত বাল্য বিবাহ আইনমতে দণ্ডনীয় যদিও ৰাজ্যত এতিয়াও অবাধে অব্যাহত এনে বিবাহৰ প্ৰচলন ৷ এই বাল্য বিবাহৰ প্ৰচলন বন্ধৰ বাবে শেহতীয়াভাৱে ৰাজ্য় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ পিছতেই আৰম্ভ হৈছে প্ৰতিক্ৰিয়া । চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰাৰ লগতে একাংশই নামি পৰিছে অপপ্ৰচাৰত । ইয়াৰ মাজতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাই (Angoorlata Deka react on Child marriage) ।

মহানগৰীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্য়িক মুখ্য কাৰ্যালয়ত সোমবাৰে এক সংবাদমেল আয়োজন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই (State Headquarter of BJP)। তেওঁ বাল্য বিবাহ এক সামাজিক ব্যাধি বুলি উল্লেখ কৰি এই ব্যাধিৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰি দায়িত্ব সামৰিলে নহয় বুলি কয় । ইয়াৰ বিৰুদ্ধে সঠিক সিদ্ধান্ত আৰু উচিত ব্যৱস্থা লোৱাটো প্ৰযোজন বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকীয়ে ।

বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে লোৱা ব্যৱস্থাক সমৰ্থন কৰি বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপ এক যুগান্তকাৰী সিদ্ধান্ত (BJP State Mahila Morcha President )। বাল্য বিবাহ এক সামাজিক ব্যাধি বাবে ইয়াৰ সজাগতা সভাৰ অনুষ্ঠিত কৰি দায়িত্ব সামৰাৰ পৰিৱৰ্তে বাস্তৱ পদক্ষেপ লোৱাৰ অত্যন্ত প্ৰয়োজন হৈছে বুলি কয় । সেয়েহে এনে সিদ্ধান্ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিলে বুলি তেওঁ মন্তব্য় কৰে ।

বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকীয়ে পুনৰ কয় যে প্ৰসূতি তথা সন্তানৰ মৃত্যুৰ হাৰ বাঢ়িছে বাল্য বিবাহৰ বাবেই । ২০২২ চনত দেশত ১লাখ ৪ হাজাৰ ২৬৪ গৰাকী ১৩/১৪ বছৰীয়া কিশোৰীয়ে সন্তান জন্ম দিছে। বিগত ৩৫ দিনত ৰাজ্যখনৰ মৰিগাঁও জিলাতে ৭৭ গৰাকী কিশোৰীয়ে প্ৰসৱ কৰিছে । মহিলা সকল স্বাস্থ্য, মানসিক দিশ সবল হ'ব লাগিব বুলিও তেওঁ কয় । লগতে সভানেত্ৰী গৰাকীয়ে কয়," নাৰী সমাজৰ হৈ মুখ্যমন্ত্ৰীক আমাৰ ফালৰ পৰা সমৰ্থন আৰু ধন্যবাদ জনাইছো। এই পদক্ষেপক সহযোগ কৰিব লাগে শাসক বিৰোধী সকলোৱে । ভৱিষ্যত জীৱনত মিঠা পাবলৈ এতিয়া তিতা পোৱাটো স্বাভাৱিক।"

তেওঁ কয় যে এই স্পৰ্শকাতৰ বিষয়টো বহুদিনৰ পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছিল। স্ত্ৰী-শিক্ষা আৰু দৰিদ্ৰতা নিৰ্মূলকৰণত বিভিন্ন আঁচনিৰ সঠিক ব্যৱহাৰৰ বাবে তেওঁ সকলোকে আহ্বান জনায় । ইপিনে,মীৰা বৰঠাকুৰে বাল্য বিবাহ সম্পৰ্কে দিয়া মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহিলা মৰ্চাৰ সভানেত্ৰী গৰাকীয়ে কয় যে বিৰোধীয়ে ভিতৰি সমৰ্থন কৰিছে যদিও অহংকাৰী মনোভাৱৰ বাবে মুখ্যমন্ত্ৰীৰ নাম নলয় । অপৰাধীৰ সমৰ্থক সকলে মুখ্যমন্ত্ৰীক বেয়া পাই বুলি মন্তব্য় কৰি তেওঁ কয় যে অপৰাধীসকলে অশান্তিত আছে আৰু সমান্তৰাল ভাৱে বিৰোধী সকলেও অশান্তি পাইছে। বিৰোধীয়ে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈকে অযুক্তিকৰ মন্তব্য কৰি থাকে ।

লগতে পঢ়ক:Rhino death in Golaghat: গোলাঘাটত অঘটন, বনবিভাগৰ হেমাহিৰ বাবেই এটা আঘাটপ্ৰাপ্ত গড়ৰ মৃত্যুৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.