ETV Bharat / state

Rhino death in Golaghat: গোলাঘাটত অঘটন, বনবিভাগৰ হেমাহিৰ বাবেই এটা আঘাটপ্ৰাপ্ত গড়ৰ মৃত্যুৰ অভিযোগ

author img

By

Published : Feb 7, 2023, 10:03 AM IST

পুনৰ ৰাজ্যত মৃত্যু হ’ল এটা এশিঙীয়া গঁড়ৰ (Rhino death in Golaghat) ৷ গঁড়টোৰ মৃত্যুক লৈ বন বিভাগক দোষাৰোপ স্থানীয় ৰাইজৰ ৷ বিষয়টো সন্দৰ্ভত বিধায়ক মৃণাল শইকীয়াৰ ক্ষোভ প্ৰকাশ ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে টুইটযোগে কৰিলে তদন্ত ঘোষণা ৷

Rhino death in Golaghat
বন বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই ৰাজ্যত পুনৰ মৃত্যু বন্য জন্তুৰ

বন বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই ৰাজ্যত পুনৰ মৃত্যু বন্য জন্তুৰ

গোলাঘাট , 7 নৱেম্বৰ : বন বিভাগৰ হেমাহিৰ বাবে ৰাজ্যত পুনৰ মৃত্যু হ’ল এটি আপুৰুগীয়া বন্য জন্তুৰ ৷ গোলাঘাট জিলাত এটি গঁড়ে কেইবাদিনো ধৰি দিক-বিদিক হেৰুৱাই ঘূৰি ফুৰাৰ বাতৰিয়ে দখল কৰি আহিছিল বাতৰিৰ শিৰোনাম ৷ বন বিভাগৰ নিৰ্বিকাৰ স্থিতিৰ বাবেই অৱশেষত সোমবাৰে গঁড়টোৰ মৃত্যু ঘটিলে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে (Rhino death in Golaghat) ।

উল্লেখযোগ্য যে, পাঁচ দিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল গঁড়টো ৷ আৰু ইয়াৰ পিচতে জনাঞ্চলত আৱদ্ধ হৈ পৰিছিল গঁড়টো । স্থানীয় ৰাইজৰ প্ৰয়োজনাধিক হৈ হাল্লা তথা জনসমাগমৰ বাবে কাজিৰঙালৈ উভতি যাব নোৱাৰিলে গঁড়টোৱে আৰু পাঁচটাকৈ দিন মানুহৰ বসতি অঞ্চলতে দিশহাৰা হৈ গঁড়টোৱে ঘূৰি ফুৰিছিল বুলি স্থানীয় সূত্ৰত প্ৰকাশ ।

আনহাতে, সমগ্ৰ ঘটনাটোৰ বাবে স্থানীয় সচেতন ৰাইজে বন বিভাগৰ বিৰুদ্ধে আৰোপ কৰিছে গুৰুতৰ অভিযোগ ৷ গঁড়টো বিচৰণ কৰা অঞ্চলসমূহত গোলাঘাট জিলা প্ৰশাসনে ১৪৪ ধাৰা বলবৎ কৰিছিল যদিও ইয়াৰ বাহিৰে কোনো ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে বিভাগটোৰ বিৰুদ্ধে ৷ আনকি, 144 ধাৰা জাৰি হৈ থকাৰ পিচতো তাক উচিতভাৱে প্ৰয়োগ নকৰা বুলি অভিযোগ তুলিছে প্ৰত্যক্ষদৰ্শী ৰাইজে ৷ 144 ধাৰা জাৰি কৰাৰ পিচতো ইয়াক কঠোৰ ভাৱে প্ৰয়োগ কৰা হোৱা নাছিল বুলি একাংশ লোকে উল্লেখ কৰি কয় যে, ১৪৪ ধাৰা অব্যাহত থকাৰ পিচতো উক্ত স্থানত ৰাইজে জুম পতা পৰিলক্ষিত হৈছিল তথা প্ৰশাসনে শিথিল ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল ৷ তদুপৰি, মানুহে চিঞৰ-বাখৰ, কিৰিলি পৰাৰ লগতে শিল নিক্ষেপেৰে গঁড়টোক ব্যতিব্যস্ত কৰি তুলিছিল বুলিও জানিবলৈ পৰা গৈছে (144 imposed in Golaghat for rescue rhino) ৷

উল্লেখ্য যে, বন বিভাগে গঁড়টোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ (kaziranga national park) ঘূৰাই নিবৰ বাবে যেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা পোৱা নগ'ল বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে । অত্যাধিক জনসমাগমৰ ফলত গঁড়টোৱে যোৱা পাঁচটা দিনত অলপো জিৰণি ল'ব নোৱাৰিলে । ভাগৰুৱা হোৱাৰ লগতে খাদ্যৰ নাটনি, শৰীৰত পোৱা আঘাতৰ বাবেই গঁড়টোৰ মৃত্যু হ'ল বুলি স্থানীয় ৰাইজে সন্দেহ ব্যক্ত কৰিছে ৷

কাজিৰঙাত বন্যপ্ৰাণী উদ্ধাৰৰ বিশেষজ্ঞ থকাৰ পাছতো ট্ৰেংকুলাইজ কৰি গঁড়টোক উদ্ধাৰৰ ব্যৱস্থা নকৰাৰ বাবে ক্ষুব্ধ হৈ পৰিছে প্ৰকৃতি প্ৰেমীৰ লগতে একাংশ স্থানীয় ৰাইজ । কেৱল কেইজনমান বনকৰ্মীক গঁড়ৰ পাছে পাছে নিৰিক্ষণৰ বাবে পঠিয়াই দিয়ে বিভাগে দায় সামৰিলে বুলি স্থানীয় ৰাইজে খেদ প্ৰকাশ কৰে । গোলাঘাটৰ পদুমণিৰ এখন পথাৰত গঁড়টোৰ মৃত্যুৰ পিছত শৰীৰৰ পৰা তেজ নিগৰি অহা দেখিবলৈ পোৱা গৈছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ।

মৃত গঁড়টোক কাজিৰঙালৈ লৈ যোৱা হৈছে । তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ পিছতহে প্ৰকৃততে গঁড়টোৰ মৃত্যু কেনেদৰে হ'ল সেয়া পোহৰলৈ আহিব । গঁড়টোৰ মৃত্যুৰ পিচতে প্ৰকৃতিপ্ৰেমীসকলে বনবিভাগ আৰু প্ৰশাসনৰ গা এৰা ভূমিকাত ভীষণ অসন্তুষ্টি প্ৰকাশ কৰিছে ।

আনহাতে, সমগ্ৰ ঘটনাটো সন্দৰ্ভত গোলাঘাট আৰক্ষীৰ লগতে প্ৰশাসনক দোষাৰোপ কৰিছে স্থানীয় বিধায়ক মৃণাল শইকীয়াই (MLA Mrinal Saikia) ৷ গঁড়টোৰ মৃত্যুৰ বাবে জিলাখনৰ আৰক্ষী-প্ৰশাসনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী উত্থাপন কৰিছে বিধায়কগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীয়েও গঁড়টোৰ মৃত্যুৰ তদন্ত কৰা হ’ব বুলি সামাজিক মাধ্যমযোগে আশ্বাস প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Earthquake jolts Turkey: শক্তিশালী ভূমিকম্পত তুৰস্ক আৰু ছিৰিয়াত প্ৰাণ হেৰুৱালে 2,300 গৰাকী লোকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.