অসম

assam

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

By

Published : Nov 22, 2022, 11:06 AM IST

top-10-at-11-am

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

Assam Meghalaya Border: অসম-মেঘালয় সীমান্তত উত্তেজনা:গুলীচালনাত নিহত মেঘালয়ৰ তিনি দুৰ্বৃত্ত

অসম-মেঘালয় সীমান্তৰ মুক্ৰত গুলীচালনা (Firing at Assam meghalaya Border)৷ গুলীচালনাৰ ঘটনাত তিনি খাছী দুৰ্বৃত্তৰ মৃত্যু ৷ লগতে খাছী দুৰ্বৃত্তৰ আক্ৰমণত অসমৰ এজন বনকৰ্মী নিহত ৷

Road Accident at Kaliabor : শোকাৱহ পথ দুৰ্ঘটনাত নিহত 5 জন বিবাহ যাত্ৰী

কলিয়াবৰৰ হাতীয়েখোৱাত নিশা শোকাৱহ পথ দুৰ্ঘটনা (Road Accident at Kaliabor) ৷ ঘটনাস্থলীতে নিহত ৫ জনকৈ আৰোহী ৷

Sringkhal Chaliha : বীৰ লাচিত সেনাৰ পৰা পদত্যাগ শৃংখল চলিহাৰ

বীৰ লাচিত সেনাৰ(Veer Lachit Sena) কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ সংগঠনৰ পৰা পদত্যাগ ৷ সামাজিক মাধ্যম ফেচবুকৰ জড়িয়তে শৃংখল চলিহাৰ এই ঘোষণা ৷

BJP worker insult Assamese: অসমীয়া জাতিৰ বিৰুদ্ধে মন্তব্য কৰি গ্ৰেপ্তাৰ বিজেপি কৰ্মী

অসমীয়া জাতিৰ বিৰুদ্ধে মন্তব্য কৰি গ্ৰেপ্তাৰ হোজাইৰ যুৱক ৷ সামাজিক মাধ্যমযোগে বিজেপি নেতা আৰু অসমীয়া জাতিৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই অহাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে (Hojai BJP leader arrested)৷

Lachit Borphukan birth anniversary: মৰিগাঁৱত পৰম্পৰাগত খেলৰ প্ৰতিযোগিতা

লাচিত দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁৱত পৰম্পৰাগত আৰু থলুৱা খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় (Indigenous sports competition)। ৮ টাকৈ পঞ্চায়তৰ পুৰুষ-মহিলাসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । ৰাজ্যজুৰি লাচিত দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে ।

5G service in Guwahati: গুৱাহাটীত এয়াৰটেলৰ 5G সেৱা আৰম্ভ

গুৱাহাটীবাসীৰ বাবে সুখবৰ । আৰম্ভ কৰা হ'ল গুৱাহাটী মহানগৰীত 5G সেৱা(5G service in Guwahati) । 5G প্ৰযুক্তিৰ স্মাৰ্টফোন থকা গ্ৰাহকে সদ্যহতে মহানগৰীৰ কেইটামান নিৰ্বাচিত এলেকাত কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ এয়াৰটেলৰ 5G Plus সেৱা লাভ কৰিব পাৰিব(Airtel launches 5G service in Guwahati) ।

Lachit Borphukan birth anniversary: ২৪ নৱেম্বৰত অসমবাসীক এগছিকৈ চাকি জ্বলাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

অহা ২৩, ২৪ আৰু ২৫ নৱেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে নতুন দিল্লীত অনুষ্ঠিত হ’ব লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ অনুষ্ঠান । লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে ২৪ নৱেম্বৰত অসমবাসীক এগছিকৈ চাকি জ্বলাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ৷

Anti Drugs Mission in Hailakandi : হাইলাকান্দিত ড্ৰাগছসহ আটক মহিলাসহ তিনি ড্ৰাগছ ব্যৱসায়ী

ড্ৰাগছৰ বিৰুদ্ধে হাইলাকন্দি আৰক্ষীৰ অভিযান ৷ অভিযানত জব্দ ১৫.৩৮ গ্ৰাম ড্ৰাগছ ৷ মহিলাসহ তিনি ড্ৰাগছ ব্যৱসায়ীক আটক (Drugs peddler arrested in Hailakandi)৷

Protest in Kamarbandha: ঐতিহাসিক ধোদৰ আলি পুনৰ নিৰ্মাণৰ দাবীত কমাৰবন্ধাত পথ অৱৰোধ

ক্ৰমাৎ জৰাজীৰ্ণ ৰূপ লৈছে ঐতিহাসিক ধোদৰ আলিয়ে । ধোদৰ আলিৰ দ' গাঁত, জৰাজীৰ্ণ ৰূপৰ বাবে বিভিন্ন সময়ত দুৰ্ঘটনা হোৱাৰো অভিযোগ উত্থাপন হৈ আহিছে । সেয়ে অতি শীঘ্ৰে ধোদৰ আলিৰ পুনৰ নিৰ্মাণৰ দাবীত দুটাকৈ ছাত্ৰ সংগঠনে সোমবাৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(Protest in Kamarbandha) । নিখিল ভাৰত কৃষক সভা, নিখিল ভাৰত ছাত্ৰ ফেডাৰেছনৰ কমাৰবন্ধা আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ(Road block at Kamarbandha) ।

Firing incident at Panjabari : সুৰক্ষিত মহানগৰীত অসুৰক্ষিত জনজীৱন

মহানগৰীৰ মাজ মজিয়াত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা (Firing incident at Panjabari) ৷ সময় সোমবাৰৰ ভৰ দুপৰীয়া ৷ আৰক্ষী তথা প্ৰশাসনৰ লোকে গিজগিজাই থকা ব্যস্ততাৰে ভৰা মহানগৰীৰ পাঞ্জাবাৰীত থকা পূৰৱী ডেইৰী সমীপত ঘটিল এই অঘটনটো ৷ বাইকত অহা দুই দুৰ্বৃত্তই পূৰৱী ডেইৰী সমীপত গুলীয়াই থৈ যায় এজন লোকক ৷ দুৰ্বৃত্তৰ গুলীত থিতাতে নিহত হয় ৰঞ্জিৎ বৰা নামৰ লোকজন (Purabi Dairy Distributor died at Panjabari Firing incident)৷ জানিব পৰা মতে, মৃত ৰঞ্জিত বৰা পূৰৱী ডেইৰীৰ বিতৰক ৷

ABOUT THE AUTHOR

...view details