Lachit Borphukan birth anniversary: মৰিগাঁৱত পৰম্পৰাগত খেলৰ প্ৰতিযোগিতা

author img

By

Published : Nov 22, 2022, 10:25 AM IST

mrg

লাচিত দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁৱত পৰম্পৰাগত আৰু থলুৱা খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় (Indigenous sports competition)। ৮ টাকৈ পঞ্চায়তৰ পুৰুষ-মহিলাসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । ৰাজ্যজুৰি লাচিত দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে ।

মৰিগাঁও,২২ নৱেম্বৰ : অসমৰ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ বাবে সাজু হৈছে ৰাজ্যবাসী (Lachit Divas preparation)। ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ আয়োজন কৰা হৈছে । মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগতো জিলা ক্ৰীড়াসন্থাৰ সহযোগত আৰু জিলা পৰিষদ, গাঁও পঞ্চায়তসমূহে সোমবাৰে পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে (Indigenous sports competition in Morigaon)।

কপিলী উন্নয়ন খণ্ডৰ তথা বাৰপূজীয়াৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত এই পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা উদ্বোধন কৰে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা ভাৰপ্ৰাপ্ত জিলা উপায়ুক্ত ক্ষিতীশ চন্দ্ৰ পেগুয়ে । কপিলী উন্নয়ন খণ্ডৰ আঠটাকৈ গাঁও পঞ্চায়তৰ বহু পুৰুষ-মহিলাই এই থলুৱা খেল-ধেমালি প্ৰতিযোগিতাত অংশ লয় । প্ৰতিযোগিতা উদ্বোধন কৰি ভাষণ প্ৰসংগত ভাৰপ্ৰাপ্ত উপায়ুক্তগৰাকীয়ে কয় যে "হয় গুডু" আৰু "দাড়িয়া" খেলে যাতে অলিম্পিক সন্থাৰ স্বীকৃতি লাভ কৰে ইয়াৰ বাবে অসম চৰকাৰে উদ্যোগত ল'ব বুলিও মন্তব্য কৰে ।

মৰিগাঁৱত পৰম্পৰাগত খেলৰ প্ৰতিযোগিতা

খেল-ধেমালি প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে মৰিগাঁও জিলা ক্ৰীড়াসন্থাৰ সম্পাদক জিতু বৰদলৈকে ধৰি ক্ৰীড়াসন্থাৰ কেইবাগৰাকীও ক্ৰীড়া সংগঠক ।

ইফালে নতুন দিল্লীতো এইবাৰ অনুষ্ঠিত হ’ব বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী (Lachit Borphukan 400th birth anniversary) । অহা ২৩, ২৪ আৰু ২৫ নৱেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে নতুন দিল্লীত অনুষ্ঠিত হ’ব লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ অনুষ্ঠান । লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ বিষয়ে এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে । এই প্ৰদৰ্শনীখন বিত্ত মন্ত্ৰীয়ে উদ্বোধন কৰিব ।

আকৌ দিনত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আলোচনা চক্ৰ আৰু দেশপ্ৰেমমূলক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হ’ব । আনহাতে ২৪ নৱেম্বৰত লাচিত বৰফুকনৰ ওপৰত নিৰ্মিত এখন ১৫ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰ গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰি ভাষণ প্ৰদান কৰিব (Veer Lachit Barphukan)। উল্লেখ্য যে প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত ফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত-দিৱস (Lachit Day) হিচাপে পালন কৰা হয় ।

লগতে পঢ়ক :Sringkhal Chaliha : বীৰ লাচিত সেনাৰ পৰা পদত্যাগ শৃংখল চলিহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.