Lachit Borphukan birth anniversary: ২৪ নৱেম্বৰত অসমবাসীক এগছিকৈ চাকি জ্বলাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

author img

By

Published : Nov 22, 2022, 8:30 AM IST

Lachit Borphukans birth anniversary will be celebrated in New Delhi

অহা ২৩, ২৪ আৰু ২৫ নৱেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে নতুন দিল্লীত অনুষ্ঠিত হ’ব লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ অনুষ্ঠান । লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে ২৪ নৱেম্বৰত অসমবাসীক এগছিকৈ চাকি জ্বলাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ৷

গুৱাহাটী, 22 নৱেম্বৰ: নতুন দিল্লীত অনুষ্ঠিত হ’ব বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী (Lachit Borphukan 400th birth anniversary) । অহা ২৩, ২৪ আৰু ২৫ নৱেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে নতুন দিল্লীত অনুষ্ঠিত হ’ব লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ অনুষ্ঠান । এই উপলক্ষে সোমবাৰে দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ।

অহা ২৩, ২৪ আৰু ২৫ নৱেম্বৰত বিশেষ কাৰ্যসূচী ৰখা হৈছে । লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ বিষয়ে এখন প্ৰদৰ্শনী আয়োজন কৰা হৈছে । এই প্ৰদৰ্শনীখন বিত্তমন্ত্ৰীয়ে উদ্বোধন কৰিব । আকৌ দিনত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আলোচনা চক্ৰ আৰু দেশপ্ৰেমমূলক সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব । আনহাতে ২৪ নৱেম্বৰত লাচিত বৰফুকনৰ ওপৰত নিৰ্মিত এখন ১৫ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰ গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰি ভাষণ প্ৰদান কৰিব (Bir Lachit Barphukan)।

অহা ২৫ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাষণ প্ৰদান কৰিব । মুখ্যমন্ত্ৰীয়ে জনায় অহা ২৬ নৱেম্বৰত পুনেৰ National defence academy ত লাচিত বৰফুনৰ বিষয়ত বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হ’ব । লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অহা ২৪ নৱেম্বৰত অসমবাসীক এগছিকৈ চাকি জ্বলাবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় । ইপিনে মুখ্যমন্ত্ৰীয়ে জনায় যে এতিয়ালৈ লাচিতৰ ওপৰত ১৭ লাখ খন ৰচনা লাভ কৰিছে।‌ ইয়াৰে ১২ খন ৰচনা অসমীয়া ভাষাৰ ।

লাচিত বৰফুকন (Lachit Borphukan) আছিল অসমৰ নৱমজন ফুকনলুং । ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনীক পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল । শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফস্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে ।

লাচিত বৰফুকনৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি কোৱা হয় । তেওঁৰ পিতৃৰ নাম আছিল ম'-মাই তামূলী ফুকেলুং যি আহোমৰ লান-ফিমা বংশৰ আছিল । লাচিত আছিল ম'-মাইৰ সপ্তম পুত্ৰ ৷ তেখেতৰ ভাতৃৰ নাম মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং । জন্মসূত্ৰে তেওঁৰ নাম লা-চিত৷

প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত ফুকনলুংৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত-দিৱস (Lachit Day) হিচাপে পালন কৰা হয় ।

লগতে পঢ়ক: Bir Lachit Barphukan : দিল্লীৰ মেট্ৰ’ ষ্টেচনত জিলিকিছে অসমীয়াৰ শৌৰ্য্য-বীৰ্যৰ প্ৰতীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.