Firing incident at Panjabari : সুৰক্ষিত মহানগৰীত অসুৰক্ষিত জনজীৱন

By

Published : Nov 21, 2022, 8:27 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

অপৰাধৰ ৰম্যভূমি হৈ পৰিছে উত্তৰ-পূৱৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী ৷ খোদ গুৱাহাটী মহানগৰীতে নোহোৱা হৈ পৰিছে মানুহৰ জীৱনৰ নিৰাপত্তা ৷ মূল্যহীন হৈ পৰিছে মানুহৰ জীৱনৰ মূল্য (Guwahati firing incident) ৷ কেতিয়াবা যদি মহানগৰীত সংঘটিত হৈছে ডকাইতি কাণ্ড, আন কেতিয়াবা আকৌ হৈছে চুৰি ৷ আনকি কেতিয়াবা সামান্য টকাৰ বাবে মাৰি কাটি পেলাইছে নিজৰে আপোন মানুহক ৷ এইবোৰৰ মহানগৰীৰ মাজ মজিয়াত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা (Firing incident at Panjabari) ৷ সময় সোমবাৰৰ ভৰ দুপৰীয়া ৷ আৰক্ষী তথা প্ৰশাসনৰ লোকে গিজগিজাই থকা ব্যস্ততাৰে ভৰা মহানগৰীৰ পাঞ্জাবাৰীত থকা পূৰৱী ডেইৰী সমীপত ঘটিল এই অঘটনটো ৷ বাইকত অহা দুই দুৰ্বৃত্তই পূৰৱী ডেইৰী সমীপত গুলীয়াই থৈ যায় এজন লোকক ৷ দুৰ্বৃত্তৰ গুলীত থিতাতে নিহত হয় ৰঞ্জিৎ বৰা নামৰ লোকজন (Purabi Dairy Distributor died at Panjabari Firing incident)৷ জানিব পৰা মতে, মৃত ৰঞ্জিত বৰা পূৰৱী ডেইৰীৰ বিতৰক ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, এখন চাৰিচকীয়া বাহনত ICICI বেংকত ধন জমা দিবৰ বাবে আহিছিল ৰঞ্জিত বৰা ৷ তেনে সময়তে দুৰ্বৃত্তৰ গুলীত নিহত হয় বৰা (Purabi Dairy Distributor Ranjit Bora mured case)৷ ইফালে আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে এক অভিযান ৷ ঘটনাৰ লগত জড়িত প্ৰতিটো বিষয়ে তন্ন তন্ন কৈ পৰীক্ষা কৰিছে মহানগৰ আৰক্ষীয়ে ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.