5G service in Guwahati: গুৱাহাটীত এয়াৰটেলৰ 5G সেৱা আৰম্ভ

author img

By

Published : Nov 22, 2022, 10:28 AM IST

airtel launches 5g service in guwahati

গুৱাহাটীবাসীৰ বাবে সুখবৰ । আৰম্ভ কৰা হ'ল গুৱাহাটী মহানগৰীত 5G সেৱা(5G service in Guwahati) । 5G প্ৰযুক্তিৰ স্মাৰ্টফোন থকা গ্ৰাহকে সদ্যহতে মহানগৰীৰ কেইটামান নিৰ্বাচিত এলেকাত কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ এয়াৰটেলৰ 5G Plus সেৱা লাভ কৰিব পাৰিব(Airtel launches 5G service in Guwahati) ।

গুৱাহাটী,২১ নৱেম্বৰ: দূৰসংযোগ সেৱা প্ৰদানকাৰী কোম্পানী ভাৰতী এয়াৰটেলে সোমবাৰে গুৱাহাটীত প্ৰথমবাৰৰ বাবে 5G সেৱা আৰম্ভ কৰে(5G service in Guwahati) । কোম্পানীটোৱে নিজৰ নেটৱৰ্ক নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লগে লগে সমগ্ৰ গুৱাহাটীবাসীয়ে লাভ কৰিব এই সেৱা । 5G প্ৰযুক্তিৰ স্মাৰ্টফোন থকা গ্ৰাহকে সদ্যহতে মহানগৰীৰ কেইটামান নিৰ্বাচিত এলেকাত কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ এয়াৰটেলৰ 5G Plus সেৱা লাভ কৰিব পাৰিব (Airtel launches 5G service in Guwahati) ।

বৰ্তমান জি এছ ৰোড, গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিতাল (GMCH), দিছপুৰ কলেজ, গণেশগুৰি, খ্ৰীষ্টিয়ান বস্তি, শ্ৰী নগৰ, চিৰিয়াখানা ৰোড, লাচিত নগৰ, উলুবাৰী, ভঙাগড়, বেলতলা আৰু আন কেইবাটাও নিৰ্বাচিত স্থানত এয়াৰটেলৰ 5G Plus সেৱা গ্ৰাহকে লাভ কৰিব । এয়াৰটেলে পৰৱৰ্তী সময়ত নিজৰ নেটৱৰ্ক পৰ্য্যায়ক্রমে বৃদ্ধি কৰি সমগ্ৰ গুৱাহাটী মহানগৰীতে এই সেৱা আগবঢ়াব ।

গুৱাহাটীত 5G সেৱা মুকলি কৰি ভাৰতী এয়াৰটেলৰ, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজনীশ বাৰ্মাই এটা বিবৃতিত উল্লেখ কৰে যে গুৱাহাটীত এয়াৰটেল 5G Plus সেৱা মুকলি কৰাৰ বাবে গ্ৰাহকে এতিয়া বৰ্তমানৰ 5G সেৱাতকৈ ২০-৩০ গুণ দ্ৰুত গতিৰ ইন্টাৰনেট সেৱা লাভ কৰিব ।

উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১ অক্টোবৰত দিল্লীত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল 5G সেৱাৰ (PM Modi launched 5G service)। দিল্লীৰ প্ৰগতি ময়দানত আয়োজিত ষষ্ঠ ভাৰত মোবাইল কংগ্ৰেছ (6th India Mobile Congress) উদ্বোধন কৰাৰ লগতে 5G সেৱা শুভাৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে । 5G টেলিকম সেৱাই চিমলেছ কভাৰেজ (seamless coverage), উচ্চ ডাটা ৰেট, নিম্ন লেটেন্সি আৰু অত্যন্ত নিৰ্ভৰযোগ্য যোগাযোগ ব্যৱস্থা প্ৰদান কৰিব ।

5G ব্যৱহাৰকাৰীসকলে চিম কাৰ্ড সলনি কৰাৰ প্ৰয়োজন নহ'ব কিয়নো বৰ্তমানৰ এয়াৰটেল 4G চিমত (Airtel 4G SIM) এতিয়া 5G সক্ষম । দিল্লী, মুম্বাই, চেন্নাই, বেংগালুৰু, হায়দৰাবাদ, শিলিগুৰি, নাগপুৰ আৰু বাৰাণসীৰ গ্ৰাহকসকলে পৰ্যায়ক্ৰমে এয়াৰটেল 5G প্লাছ সেৱা উপভোগ কৰা আৰম্ভ কৰাৰ পাছত অসমত প্ৰথমবাৰৰ বাবে গুৱাহাটীবাসীৰ বাবে আৰম্ভ কৰে 5G সেৱা(5G smartphones) ৷

লগতে পঢ়ক: Lachit Borphukan birth anniversary: ২৪ নৱেম্বৰত অসমবাসীক এগছিকৈ চাকি জ্বলাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.