পি এফ আইৰ বিৰুদ্ধে 16 টাকৈ গোচৰ ৰুজু অসম আৰক্ষীৰ
পি এফ আইৰ বিৰুদ্ধে অসমত গোচৰ দাখিল অসম আৰক্ষীৰ ৷ 16 টাকৈ গোচৰ দাখিল কৰা হৈছে সংগঠনটোৰ বিৰুদ্ধে (16 cases against PFI) ৷ নিষিদ্ধ ঘোষিত ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে পি এফ আইৰ সম্পৰ্ক থকাৰ কথা প্ৰকাশ আৰক্ষীৰ ৷'
Waliullah sentenced to death: সন্ত্ৰাসবাদী ৱালিউল্লাহক মৃত্যুদণ্ডৰ ৰায় গাজিয়াবাদ আদালতৰ
সন্ত্ৰাসবাদী ৱালিউল্লাহক মৃত্যুদণ্ডৰ ৰায় । বাৰাণসীত সংঘটিত বিস্ফোৰণৰ গোচৰৰ ৰায় হিচাবে গাজিয়াবাদ আদালতে ঘোষণা কৰিছে এই মৃত্যদণ্ড ৷
Case against PFI: আৰক্ষীয়ে মিছা গোচৰ ৰুজু কৰাৰ অভিযোগ পি এফ আইৰ নেতাৰ
পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আইৰ বিৰুদ্ধে অসম আৰক্ষীয়ে দাখিল কৰা গোচৰক মিছা আৰু মনেসজা আখ্যা সংগঠনটোৰ ৷ পপুলাৰ ফ্রন্ট কেতিয়াও দেশৰ সংবিধান বিৰোধী কামত জড়িত নহয় ৷ বৰঞ্চ সংবিধান তথা গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰা অশুভ শক্তিবোৰৰ বিৰুদ্ধে পি এফ আয়ে সদায় আপোচহীনভাৱে মাত মাতি আহিছে (PFI activities in assam) বুলি উল্লেখ কৰে ৰবিউল হুছেইনে।
Prabin Boro Resign BPF: হাগ্ৰামাৰ সংগ এৰি বিপিএফ ত্যাগ প্ৰবীণ বড়োৰ
বিপিএফত খহনীয়া । বিপিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰৱীণ বড়োৰ বিপিএফ ত্যাগ (Pravin Boro left BPF)। ২০০৯ চনৰ পৰা সক্ৰিয় সদস্য হিচাপে আছিল বিপিএফত । পদত্যাগৰ কথা সংবাদ মাধ্যমযোগে সদৰি কৰিলে প্ৰৱীণ বড়োৱে । সম্পূৰ্ণ ব্যক্তিগত কাৰণত দলৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ প্ৰৱীণ বড়োৰ ।
ডলু চাহ বাগিচাত উচ্ছেদঃ চৰকাৰক স্থিতি ৰাজহুৱা কৰাৰ দাবী 'চিটু'ৰ
চুক্তি অনুসৰি মাটি অধিগ্ৰহণ হোৱাৰ পাছত স্থায়ী-অস্থায়ী সকলো শ্ৰমিকৰে কাম অব্যাহত থাকিব । ২,৫০০ বিঘা ভূমিত কাম কৰি থকা সকলক একে বাগানৰে অন্য ডিভিজন বা এলেকাত কাম দিয়া হ'ব । মালিকপক্ষই নতুনকৈ ১০১ একৰ ভূমিত বাগিচা সম্প্ৰসাৰণ কৰিব আৰু সেই কামত স্থায়ী-অস্থায়ী শ্ৰমিকসকলক নিয়োগ কৰিব । এই বাগানৰ পূৰ্বৰ মালিকৰ পৰাই বৰ্তমানলৈকে দীর্ঘদিন বঞ্চিত হৈ থকা পি এফ আৰু গ্ৰেচুইটিৰ সমস্ত বকেয়া ধন বর্তমান মালিক পক্ষই তাৎক্ষণিকভাৱে আদায় দিব ।