অসম

assam

অসম আৰক্ষীক কে ভানলালভেনাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই লোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

By

Published : Aug 2, 2021, 7:45 AM IST

Updated : Aug 2, 2021, 10:09 AM IST

সোমবাৰে মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ (K Vanlalvena) বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই লোৱাৰ বাবে অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অসম আৰক্ষীক গুলিয়াই মাৰৰ মুকলি ভাবুকি দিয়াৰ লগতে লাইলাপুৰ কাণ্ডত জড়িত থকাৰ অভিযোগত অসম আৰক্ষীয়ে নিজাবববীয়াকৈ গোচৰ ৰুজু কৰিছিল সাংসদগৰাকীৰ বিৰুদ্ধে ৷

Assam CM directs police to withdraw FIR against Mizoram MP K Vanlalvena as goodwill gesture
অসম আৰক্ষীক কে ভানলালভেনাৰ বিৰুদ্ধে ৰুজু গোচৰ উঠাই লোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, 2 আগষ্ট:ৰাজ্যসভাৰ সাংসদ কে. ভানলালভেনাৰ (K Vanlalvena) বিৰুদ্ধে ৰুজু কৰা FIR উঠাই লোৱাৰ বাবে অসম আৰক্ষীৰ (Assam Police) নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অসম-মিজোৰামৰ মাজত হোৱা সীমা সংঘাতৰ পিছত সদিচ্ছাৰ নিদৰ্শন হিচাপে এই সিদ্ধান্ত লোৱা বুলি সোমবাৰে জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ বিপৰীতে অন্য আৰক্ষীৰ লোকসকলৰ ওপৰত ৰুজু গোচৰ অব্যাহত থাকিব বুলি কয় ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

"মই সংবাদমাধ্যম যোগে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই সীমান্ত বিবাদ নিস্পত্তি কৰাৰ বাবে আগ্ৰহী বুলি বিবৃতি লাভ কৰিছো ৷ অসমে সদায় উত্তৰ পূৱৰ সম্প্ৰিতি জীয়াই ৰাখিব বিচাৰে ৷ আমি আমাৰ সীমান্তসমূহতো শান্তি বজাই ৰাখিব বিচাৰো ৷" টুইটযোগে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৷

আন এক টুইটযোগে মুখ্যমন্ত্ৰী শৰ্মাই কয়, "এই সদিচ্ছাৰ নিদৰ্শনক আগুৱাই নিবলৈ মই অসম আৰক্ষীক মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে. ভানলালভেনাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই লোৱাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছো ৷ ইয়াৰ বিপৰীতে অন্য আৰক্ষী বিষয়াৰ ওপৰত ৰুজু গোচৰ অব্যাহত থাকিব ৷"

লগতে পঢ়ক-মিজোৰ আতংকত ঘৰ-বাৰী এৰিছে সীমান্তবাসীয়ে

উল্লেখ্য যে, কাছৰৰ লাইলাপুৰত (Lailapur) সংঘটিত সীমা সংঘাতত জড়িত থকাৰ অভিযোগত অসম আৰক্ষীয়ে মিজোৰামৰ সাংসদগৰাকীৰ ওপৰত নিজাজবীয়াকৈ এক গোচৰ ৰুজু কৰিছিল ৷ দেওবাবাৰে মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে উত্তৰ পূৱৰ সম্প্ৰিতি জীয়াই ৰখাটোৱাই মূল উদ্দেশ্য ৷

দেওবাৰে মুখ্যমন্ত্ৰী শৰ্মাই টুইটত কৈছিল, "অসম-মিজোৰাম সীমান্তত (Assam Mizoram Border) সংঘটিত ঘটনা দুয়ো ৰাজ্যৰ জনসাধাৰণৰ বাবে অগ্ৰহণযোগ্য ৷ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই তেওঁৰ কোৱাৰেন্টাইন শেষ হ’লেই মোক সাক্ষাৎ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷ কেৱল আলোচনাৰ মাধ্যমেৰেহে সীমা বিবাদৰ সমাধান হ’ব পাৰে ৷" পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ এই টুইটটো ৰিটুইট কৰে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই (Mizoram CM Zoramthanga) ৷

যোৱা 26 জুলাই অসম-মিজোৰামৰ মাজত সীমা সংঘাতে চূড়ান্ত ৰূপ লয় যেতিয়া মিজোৰাম আৰক্ষীৰ গুলিত 6 জনকৈ অসম আৰক্ষীৰ জোৱান নিহত হোৱাৰ লগতে এজন সাধাৰণ লোক নিহত হয় ৷ ইয়াৰ উপৰিও এই ঘটনাত প্ৰায় 50 জনৰো অধিক লোক আহত হয় ৷

এই সন্দৰ্ভত মিজোৰামৰ ডেপুটি মন্ত্ৰী টাউনলুইয়াৰ আধ্যক্ষতাত গঠিত মিজোৰাম সীমান্ত কমিটীয়ে প্ৰতিবেদন প্ৰকাশ কৰে ৷ কমিটীখনে এই প্ৰতিবেদনৰ জৰিয়তে 26 জুলাইৰ দিনা অসম আৰক্ষীয়ে জোৰকৈ ভিৰেংগেটত থকা মিজোৰামৰ আৰক্ষী পোষ্ট বেদখল কৰাৰ লগতে মিজো আৰক্ষীক লক্ষ্য কৰি গুলিচলনা কৰা কাৰ্যত তীব্ৰ গৰিহণা দিয়ে ৷

লগতে পঢ়ক-মিজোৰামৰ ওপৰত অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিছে নেকি অসমে ?

Last Updated :Aug 2, 2021, 10:09 AM IST

ABOUT THE AUTHOR

...view details