ETV Bharat / state

মিজোৰ আতংকত ঘৰ-বাৰী এৰিছে সীমান্তবাসীয়ে

author img

By

Published : Jul 22, 2021, 7:52 AM IST

কাছাৰ-মিজোৰাম সীমান্তৱৰ্তী অঞ্চলৰ ধলাইত পুনৰ মিজোৰ আগ্ৰাসন ৷ আতংকত ঘৰ-বাৰী এৰি পলায়ন কৰিছে সীমন্তবাসী ৰাইজে ৷

updates of assam-mizoram border conflict
মিজোৰ আতংকত ঘৰ-বাৰী এৰিছে সীমান্তৱৰ্তী লোকে

শিলচৰ, 21 জুলাই : অসমৰ সীমান্তৱৰ্তী লোক সকলে আজিকোপতি এক আতংকময় পৰিবেশৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷ অসম নাগালেণ্ড (ASSAM-NAGALAND) সীমা বিবাদৰ দৰে আজিও অন্ত পৰা নাই অসম-মিজোৰামৰ (ASSAM-MIZORAM) সীমা বিবাদ (BODER CONFLICT) ৷ অভিযোগ অনুসৰি মিজো দুষ্কৃতিকাৰীয়ে পুনৰ আগ্ৰাসন কৰিছে অসমৰ মাটি ৷ এই অভিযোগ উত্থাপন হৈছে কাছাৰ-মিজোৰাম সীমান্তৰ দক্ষিণ ধলাইৰ খুলিছৰাত ৷

স্থানীয় একাংশ লোকে সদৰি কৰা মতে, মিজো আৰক্ষীৰ (MIZO-POLICE) তত্বৱধানত একাংশ মিজো দুষ্কৃতিকাৰীয়ে অসম মাটি বে-দখল কৰি আৱাস গৃহ নিৰ্মাণ কৰিছে ৷ সীমান্তৱৰ্তী অঞ্চলৰ লোকসকল প্ৰাণে মৰাৰ ভাবুকিৰে আগ্ৰাসন অব্যাহত ৰাখিছে মিজো দুষ্কৃতিকাৰীয়ে ৷ যোৱা দুদিন ধৰি অব্যাহত থকা এই আগ্ৰাসনত মিজো আৰক্ষীৰ (RI) আৰ আই বাহিনী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে (LOCAL PEOPLE) ৷ স্থানীয় লোকে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি মিজো দুষ্কৃতিকাৰীয়ে সীমান্তৱৰ্তী অঞ্চলৰ অসমৰ লোকৰ ঘৰ জ্বলাই দিছে ৷

মিজোৰ আতংকত ঘৰ-বাৰী এৰিছে সীমান্তবাসীয়ে

তদুপৰি সীমান্তৰ্তী অঞ্চলত গছ-গছনি কাটি এক আতংকময় পৰিবেশ সৃষ্টি কৰিছে মিজো দুষ্কৃতিকাৰীয়ে ৷ ইয়াৰ ফলত অধিক আতংকিত হৈ পৰিছে ধলাই সমীপৰ অসম-মিজোৰাম (ASSAM MIZORAM) সীমান্তৱৰ্তী অঞ্চলৰ লোকসকল ৷ মিজো আগ্ৰাসনত অতংকিত হৈ এতিয়া ঘৰ-বাৰী এৰি অন্য ঠাইলৈ পালয়ন কৰিবলৈ বাধ্য হৈছে সীমান্তৱৰ্তী লোকসকল ৷

ইফালে এই সন্দৰ্ভত স্থানীয় আৰক্ষীৰ লগতে জিলা প্ৰশাসনক অৱগত কৰা হৈছে যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা আৰক্ষী তথা প্ৰশাসনে ৷ মিজো আগ্ৰাসনস্থলীত এতিয়ালৈকে জিলা প্ৰশাসনৰ (ADMINISTRATIONS) কোনো এজন বিষয়া উপস্থিত হোৱা নাই ৷ গতিকে অতি শীঘ্ৰে মিজো আগ্ৰাসন ৰোধ কৰা ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সীমান্তবাসী ৰাইজে ৷

লগতে পঢ়ক:বুকুত অজুত সপোন লৈ টকিঅ' অলিম্পিকলৈ লাভলীনা বৰগোঁহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.