অনিয়ন্ত্ৰণত অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি: মিজোৰ গুলীত নিহত 6 অসম আৰক্ষীৰ জোৱান

author img

By

Published : Jul 26, 2021, 8:46 PM IST

MIZO FIRING AGAINST ASSAM POLICE

অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত ৷ মিজোৰ গুলীত নিহত ছয়গৰাকী অসম আৰক্ষীৰ জোৱান । বিষয় সন্দৰ্ভত মিজোৰামৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

শিলচৰ, 26 জুলাই : পুনৰ অশান্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত ৷ মিজো দুৰ্বৃত্তই অসম আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰাৰ ফলত 6 জনকৈ আৰক্ষীৰ জোৱান নিহত হৈছে ৷ ইতিমধ্যে টুইটাৰযোগে এই তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এক সূত্ৰই সদৰী কৰা মতে, মিজো দুৰ্বৃত্তৰ গুলীত এগৰাকী স্থানীয় লোকো নিহত হৈছে ৷

এই সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বি চন্দ্ৰকান্ত নিম্বালকাৰ । ঢলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চাহাবুদ্দিন লস্কৰো আহত হৈছে মিজোৰ গুলীবৰ্ষণত । ৩০ জনতকৈ অধিক আৰক্ষী আৰু স্থানীয় লোক আহত হোৱা বুলি জানিব পৰা গৈছে । বৰ্তমানলৈকে নিয়ন্ত্ৰণলৈ অহা নাই লাইলাপুৰৰ পৰিস্থিতি ।

উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী পীযুষ হাজৰিকাক ঘটনাস্থলীত গৈ পৰিস্থিতিৰ বুজ ল'বলৈ বিশেষভাৱে নিৰ্দেশ দিছে ৷ দুয়োখন জিলাৰ সীমান্তৰ বিবদমান অঞ্চল লাইলাপুৰত সোমবাৰে পুৱাৰ ভাগতে সংঘটিত হোৱা গুলীয়াগুলিৰ ঘটনাৰ পাচতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অধিক চিন্তাক্লিষ্ট হোৱা দেখা গৈছে ৷ ইতিমধ্যে দুয়োখন ৰাজ্যৰ সীমাত সৃষ্টি অশান্তময় পৰিস্থিতি শান্ত কৰাৰ স্বাৰ্থত টুইটযোগে মিজোৰামৰ মুখ্যমন্ত্ৰী জৰামথাংগাৰ হস্তক্ষেপ বিচাৰিছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

"Honble @ZoramthangaCMji , Kolasib ( Mizoram) SP is asking us to withdraw from our post until then their civilians won't listen nor stop violence. How can we run government in such circumstances? Hope you will intervene at earliest" মিজো চৰকাৰৰ হস্তক্ষেপ বিচাৰি টুইটাৰত এইদৰে লিখে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

  • Honble ⁦@ZoramthangaCM⁩ ji , Kolasib ( Mizoram) SP is asking us to withdraw from our post until then their civilians won't listen nor stop violence. How can we run government in such circumstances? Hope you will intervene at earliest ⁦@AmitShah⁩ ⁦@PMOIndiapic.twitter.com/72CWWiJGf3

    — Himanta Biswa Sarma (@himantabiswa) July 26, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে আন এক টুইটত সীমান্তত শান্তি বজাই ৰখা আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত আলোচনা কৰাৰ বাবে মিজোৰামৰ ৰাজধানী আইজল ভ্ৰমণ কৰাৰো ইচ্ছা প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ "I have just spoken to Hon’ble Chief Minister @ZoramthangaCM ji.I have reiterated that Assam will maintain status quo and peace between the borders of our state. I have expressed my willingness to visit Aizawl and disscuss these issues if need be ৷' মুখ্যমন্ত্ৰী ড৹ শৰ্মাই টুইটত এইদৰে মত প্ৰকাশ কৰে ৷

  • I have just spoken to Hon’ble Chief Minister @ZoramthangaCM ji.I have reiterated that Assam will maintain status quo and peace between the borders of our state. I have expressed my willingness to visit Aizawl and disscuss these issues if need be @AmitShah @PMOIndia

    — Himanta Biswa Sarma (@himantabiswa) July 26, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

অসম-মিজোৰামৰ সীমান্ত লাইলাপুৰক লৈ দুয়োখন ৰাজ্যৰ মাজত প্ৰায়ে সংঘাত সৃষ্টি হৈ আহিছে ৷ অভিযোগ অনুসৰি মিজো দুৰ্বৃত্তই লাইলাপুৰৰ এটা বৃহৎ অঞ্চল বেদখল কৰি শিবিৰ স্থাপন কৰিছে ৷ মিজো দুৰ্বৃত্তই নিৰ্মাণ কৰা সেই শিবিৰসমূহ উচ্ছেদ কৰিবৰ বাবে অসম আৰক্ষীয়ে সোমবাৰে পুৱাৰে পৰা এক অভিযান আৰম্ভ কৰিছিল ৷

এই অভিযান কালতে এক অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হয় ৷ তথ্য অনুসৰি অসম আৰক্ষীক লক্ষ্য কৰি মিজো দুৰ্বৃত্তৰ এটা দলে গুলীচালনা কৰে ৷ ইয়াৰ পাচত মিজোৰ দুৰ্বৃত্তৰ এই আক্ৰমণৰ উচিত প্ৰত্যুতৰ দিয়ে অসম আৰক্ষীয়ে ৷ এই ঘটনা সংঘটিত হোৱাৰ পাচতে উক্ত বিবদমান অঞ্চলত কাছাৰ জিলাৰ উপায়ুক্তৰ লগতে আৰক্ষীৰ অধীক্ষক আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হয় ৷

উপায়ুক্তৰ লগতে আৰক্ষীৰ অধীক্ষক উপস্থিত হোৱাৰ লগে লগে পৰিস্থিতি অধিক বেয়ালৈ গতি কৰে ৷ পৰিদৰ্শনকাৰী দলটোক আক্ৰমণৰ চেষ্টা চলাই মিজো দুৰ্বৃত্তৰ দলটোৱে ৷ দুৰ্বৃত্তৰ দলটোৱে কাছাৰৰ জিলা উপায়ুক্তৰ বাহনখন ভাঙি চুৰমাৰ কৰে ৷

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিকভাৱে অসম আৰক্ষীৰ এটা বিশাল বাহিনী লাইলাপুৰ অঞ্চলত মোতায়েন কৰা হয় ৷ উক্ত স্থানত সাংবাদিকৰো প্ৰৱেশ নিষিদ্ধ কৰে সম আৰক্ষীয়ে ৷ আহতসকলক সম্প্ৰতি শিলচৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

লগতে পঢ়ক: পুনৰ অশান্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.