ETV Bharat / bharat

মিজোৰামৰ ওপৰত অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিছে নেকি অসমে ?

author img

By

Published : Aug 2, 2021, 7:26 AM IST

http://10.10.50.90:6060///finaloutc/english-nle/finalout/01-August-2021/12642684_aix.JPG
মিজোৰামৰ ওপৰত অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিছে নেকি অসমে ?

অসমৰ পূৰ্ণ পৃষ্ঠপোষকতাত মিজোৰামৰ ওপৰত অৰ্থনৈতিক অৱৰোধ(economic blockade) কৰা হোৱাৰ অভিযোগ কৰিছে মিজোৰামৰ স্বাস্থ্য মন্ত্ৰী আৰ লালথানগ্লিয়ানা(Mizoram Health Minister R Lalthangliana)ই । ক’ভিড-১৯ সম্পৰ্কীয় সামগ্ৰী যেনে পৰীক্ষাৰ কিট আৰু ঔষধ কঢ়িয়াই অনা বাহনসমূহ অসমৰ কাছাৰ জিলাত ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ আছে বুলি অভিযোগ কৰে লালথানগ্লিয়ানাই ।

নেচনেল ডেস্ক, 2 আগষ্ট : মিজোৰামৰ স্বাস্থ্য মন্ত্ৰী আৰ লালথানগ্লিয়ানা(Mizoram Health Minister R Lalthangliana)ই দেওবাৰে দাবী কৰে যে সীমা-বিবাদ(border conflict)ৰ বাবে বৰাক উপত্যকা(Barak valley)ত অৱৰোধ জাৰি আছে ৷ ইয়াৰ ফলত ক’ভিড-১৯ পৰীক্ষা কিট(Covid test kid)কে ধৰি চিকিৎসা সামগ্ৰী অসমৰ পৰা ৰাজ্যখনত প্ৰৱেশ কৰাত বাধা দিয়া হৈছে । অৱশ্যে অসমৰ তৰফৰ পৰা কোৱা হৈছে যে, বৰ্তমান ৰাজ্যৰ কোনো সংগঠনে কোনোধৰণে অৱৰোধ কৰা নাই ।

উল্লেখ্য যে, মহামাৰীৰ দ্বিতীয় ঢৌত দেশৰ ভিতৰতে আটাইতকৈ প্ৰভাৱিত ৰাজ্যসমূহৰ ভিতৰত এখন হৈছে মিজোৰাম । ক’ভিড-১৯ সম্পৰ্কীয় সামগ্ৰী যেনে পৰীক্ষাৰ কিট আৰু ঔষধ কঢ়িয়াই অনা বাহনসমূহ অসমৰ কাছাৰ জিলাত ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ আছে বুলিও অভিযোগ কৰে লালথানগ্লিয়ানাই । তেওঁ লগতে কয় যে, অসমৰ পূৰ্ণ পৃষ্ঠপোষকতাত এক অৰ্থনৈতিক অৱৰোধ(economic blockade) কৰা হৈছে ।

অত্যাৱশ্যকীয় সামগ্ৰী আৰু জীৱন ৰক্ষাকাৰী ঔষধৰ সামগ্ৰী কঢ়িয়াই অনা বাহনসমূহ অসমৰ ঢলাই-লায়লাপুৰ অঞ্চলত আৱদ্ধ হৈ আছে । যান-বাহনৰ চলাচল পুনৰ আৰম্ভ কৰাৰ বাবে উদ্যোগ ল'বলৈ পুনৰ কেন্দ্ৰৰ কাষ চাপিব বুলিও মন্তব্য কৰে মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷

ইফালে, মিজোৰামৰ মুখ্য সচিব লালনুনমাৱিয়া চুয়াউংগোৱে কয় যে মিজোৰাম চৰকাৰৰ কেন্দ্ৰৰ ওপৰত তীব্ৰ বিশ্বাস আছে ৷ তেওঁ অসমৰ পৰা যান-বাহন চলাচল তাৎক্ষণিকভাৱে পুনৰ আৰম্ভ কৰাৰ বাবে হস্তক্ষেপ বিচাৰি গৃহ মন্ত্ৰালয়লৈ আন এখন পত্ৰ প্ৰেৰণ কৰিব ৷ মন কৰিব লগীয়া যে, প্ৰায় ৯৫ শতাংশ অত্যাৱশ্যকীয় সামগ্ৰী ৰাষ্ট্ৰীয় ঘাইপথ ৩০৬ ৰ জৰিয়তে অসমৰ মাজেৰে মিজোৰামলৈ আহে ৷ এই পথচোৱা হৈছে ৰাজ্যখনৰ জীৱনৰেখা ।

কোলাচিবৰ আৰক্ষী অধীক্ষ ভানলালফাকা(Kolasib SP Vanlalfaka)ই দেওবাৰে কৈছিল যে সীমা সংঘৰ্ষৰ পিছৰে পৰা কোনো বাহন, নিৰাপত্তা বাহিনীৰ বাহিৰে, অসমৰ পৰা মিজোৰামত প্ৰৱেশ কৰা নাই । আৰক্ষী বিষয়াজনে দাবী কৰিছিল যে মিজোৰামৰ ফালৰ পৰা যান-বাহন চলাচলত কোনো বাধা প্ৰদান কৰা হোৱা নাই । তেওঁ লগতে কয় যে, আমি অ-জনজাতীয় লোকৰ দ্বাৰা পৰিচালিত বাহনসমূহ যাতে মুক্তভাৱে অসমলৈ যায় তাৰ বাবে প্ৰচেষ্টা চলাই আছো । মিজোৰামৰ কোনো বাসিন্দাই কোনো সমস্যাৰ সৃষ্টি কৰা নাই কিয়নো জনসাধাৰণ নিশ্চিত, যে ই সাম্প্ৰদায়িক সমস্যা নহয় দুয়ো ৰাজ্যৰ মাজত সীমা বিবাদ হে ৷

লগতে পঢ়ক : বুলেটপ্ৰুফ জেকেট পিন্ধি অসম-মিজোৰাম সীমান্তলৈ দুই বীৰাংগনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.