মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে অসম আৰক্ষীৰ গোচৰ

author img

By

Published : Jul 29, 2021, 7:52 AM IST

assam-police-registered-case-against-rajya-sabha-mp-shri-k-vanlalvena-for-indicative-of-his-active-role-in-the-conspiracy

মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনা(Rajya Sabha MP K Vanlalvena)ই সংবাদ মাধ্যমৰ আগত দিয়া এক বিতৰ্কিত সাক্ষাৎকাৰক ভিত্তি কৰি অসম আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে ৷ 26 জুলাইৰ ঘটনা সম্পৰ্কত আইনী ব্যৱস্থা ল'বলৈ চিআইডিৰ বিষয়াসহ অসম আৰক্ষীৰ এটা দল দিল্লীলৈ ৰাওনা হৈছে ৷

নিউজ ডেস্ক, 29 জুলাই : অসম-মিজোৰামৰ মাজত সংঘটিত সীমা সংঘাতক লৈ তীব্ৰ উচতনিমূলক মন্তব্য আগবঢ়াইছে মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাই ৷ ভানলালভেনাই কয় যে, ‘‘অসম আৰক্ষী সৌভাগ্যৱান ৷ পৰৱৰ্তী সময়ত অসম আৰক্ষী পুনৰ সীমান্তলৈ আহিলে সকলোকে মাৰি পেলাম ৷’’ এই সন্দৰ্ভত ইতিমধ্যে অসম আৰক্ষীয়ে সাংসদজনৰ বিৰুদ্ধে নিজাববীয়াকৈ ৰুজু কৰিছে এটা গোচৰ ৷ সীমা বিবাদৰ ঘটনাত গভীৰ ষড়যন্ত্ৰ থকাৰ উমান পাইছে আৰক্ষীয়ে ৷

  • @assampolice team including officers of CID are leaving for delhi to take lawful action relating to conspiracy behind the incident in light of media interview of Rajya Sabha MP Sri K Vanlalvena indicative of his active role in conspiracy.

    — GP Singh (@gpsinghips) July 28, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

এই ষড়যন্ত্ৰত ভানলালভেনাই সক্ৰিয় ভূমিকাৰ পৰিচায়ক হিচাপে দিয়া এক সংবাদ মাধ্যমৰ সাক্ষাৎকাৰক ভিত্তি কৰি ব্যৱস্থা লোৱা হৈছে ৷ ইতিমধ্যে, ঘটনাটোৰ আঁৰৰ ষড়যন্ত্ৰ সম্পৰ্কত আইনী ব্যৱস্থা ল'বলৈ চিআইডি(CID) ৰ বিষয়াসহ অসম আৰক্ষী(Assam Police) ৰ এটা দল দিল্লীলৈ ৰাওনা হৈছে । টুইটাৰ যোগে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে এই কথা অৱগত কৰিছে ৷

  • @assampolice also announces a reward of INR 5 lacs for information leading to arrest of each of the individuals involved in the barbaric killing of the Assam Police personnel on July 26th 2021

    — GP Singh (@gpsinghips) July 28, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

এই সম্পৰ্কত অসম আৰক্ষীয়ে ইতিমধ্যে এখন ছবি গেলেৰী(picture gallery) প্ৰস্তুত কৰিছে ৷ এই ছবি গেলেৰীখনক সম্প্ৰতি আৰু অধিক আপডেট কৰি থকা হৈছে ৷

মিজোৰাম আৰক্ষীৰ জোৱান(Mizoram Police personnel) আৰু অসামৰিক দুৰ্বৃত্তৰ যিসকলে অসম আৰক্ষীৰ ওপৰত গুলীচালনা কৰিছিল সেই সকলৰ বিৰুদ্ধে জমা হোৱা প্ৰমাণ সমূহ এই গেলেৰীত অন্তৰ্ভুক্ত কৰা হৈছে । তেওঁলোকক আইনৰ আওতালৈ অনা হ'ব বুলিও নিশ্চিত কৰিছে আৰক্ষীয়ে । ২০২১ চনৰ ২৬ জুলাইত অসম আৰক্ষীৰ জোৱানসকলৰ বৰ্বৰ হত্যাকাণ্ড( barbaric killing of the Assam Police personnel)ত জড়িত প্ৰতিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ বাবে তথ্যৰ যোগান ধৰা লোকক ৫ লাখ টকাৰ পুৰস্কাৰ দিয়া হ’ব বুলিও অসম আৰক্ষীয়ে ঘোষণা কৰিছে ।

  • Assam Police has already prepared a picture gallery, which is being further updated, of Mizoram Police personnel and civilian miscreants who fired at Assam Police. They would be brought to law.

    — DGP Assam (@DGPAssamPolice) July 28, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

বুধবাৰে, অসম আৰক্ষী(Assam police)য়ে যোৱা ২৬ জুলাইত কাছাৰ জিলাৰ লাইলাপুৰত অসম-মিজোৰাম সীমান্তত হোৱা অসম আৰক্ষীৰ জোৱানৰ হত্যা সম্পৰ্কীয় এটা গোচৰ ৰুজু কৰিছে । ৰুজু কৰা গোচৰটো হৈছে ধলাই থানাৰ গোচৰ নং 236/21, ৰ ধাৰা 120(বি)(120 (b), 447, 336, 379, 333, 307, 302 আইপিচিৰ অধীনত অস্ত্ৰ আইন(arms act)ৰ ধাৰা 25(1-A) ৷ ইয়াৰ লগতে ৰাজহুৱা সম্পত্তিৰ ক্ষতি প্ৰতিৰোধ আইন 1984(Prevention of Damage to Public Property Act 1984)ৰ ধাৰা 3(Section3) এই গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক : বিবদমান ভূমিৰ প্ৰকৃত গৰাকী অসম নহয় মিজোৰাম হে : চি লালৰচাংগা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.