অসম

assam

Dhula teenager murder case: গ্ৰেপ্তাৰ হ’ল পলাতক এছ পি ৰাজমোহন ৰায়

By

Published : Nov 10, 2022, 7:39 PM IST

দৰঙৰ ধূলাৰ ধৰ্ষণ-হত্যাকাণ্ড প্ৰসংগত পলাতক হৈ আছিল ৰাজমোহন ৰায় (Suspended Darrang SP Rajmohan Rai)। গ্ৰেপ্তাৰৰ ভয়ত পলাতক হৈ আছিল ৰাজমোহন । যোৱা বুধবাৰে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে চি আই ডিয়ে ৰাজমোহন ৰায়ক তলব কৰিছিল । ইফালে গ্ৰেপ্তাৰৰ ভয়ত এতিয়াও পলাতক হৈ আছে দৰঙৰ অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা (Darrang ADM fled)।

Dhula teenager murder case
Dhula teenager murder case

গুৱাহাটী, 10 নৱেম্বৰ: ঢেকীয়াজুলিৰ বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক (Dhula teenager murder case) গাপ দিয়া কাৰ্যৰ লগত জড়িত থকা দৰঙৰ পলাতক আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ে অৱশেষত বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰে (Darrang SP Rajmohan surrendered to CID)। বৃহস্পতিবাৰে আৰক্ষী অনুসন্ধান বিভাগ চি আই ডিৰ ওচৰত আত্মসমৰ্পণ কৰে নিলম্বিত আৰক্ষী অধীক্ষকগৰাকীয়ে । আত্মসমৰ্পণৰ পিছতে চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে ৰাজমোহন ৰায়ক (Darrang SP Rajmohan Rai arrested) ।

দৰঙৰ ধূলাৰ ধৰ্ষণ-হত্যাকাণ্ড প্ৰসংগত পলাতক হৈ আছিল ৰাজমোহন ৰায় । গ্ৰেপ্তাৰৰ ভয়ত পলাতক হৈ আছিল ৰাজমোহন । যোৱা বুধবাৰে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে চি আই ডিয়ে ৰাজমোহন ৰায়ক তলব কৰিছিল । ইফালে গ্ৰেপ্তাৰৰ ভয়ত এতিয়াও পলাতক হৈ আছে দৰঙৰ অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা (Darrang ADM Ashirwad Hazarika is absconding)।

উল্লেখ্য যে, ঢেকীয়াজুলিৰ বনকৰা কিশোৰীগৰাকীৰ মৃত্যুৰ ঘটনাকলৈ ইতিমধ্যে দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে । লগতে এই ঘটনাৰ অভিযোগত ধূলা আৰক্ষী ধানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বড়া, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন আৰু তিনিগৰাকী চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (Dhula minor girl murder controversy) ।

লগতে পঢ়ক:Dhula teenager murder case: কেনেকৈ মেনেজ হৈছিল আৰক্ষী; কাৰ শ্ৰুতলিপি মতে হৈছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ?

আকৌ ঘটনাস্থলীত উপস্থিত নোহোৱাকৈয়ে আত্মহত্যা বুলি প্ৰতিবেদন দিয়া দৰঙৰ অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকালৈ চি আই ডিয়ে চমন জাৰি কৰিছে ।

উল্লেখ্য যে দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত অন্তৱৰ্তী অগ্ৰিম জামিনৰ বাবে আৱেদন কৰিছিল । যোৱা বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰা এক শুনানীত দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ে কৰা অগ্ৰিম জামিন নাকচ কৰিছিল ।অহা সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে আদালতত কেচ ডায়েৰী প্ৰদান কৰিবলৈ চি আই ডিক নিৰ্দেশ দিছে ।

ইপিনে দৰঙৰ জিলা ন্যায়িক আদালতে দুদিনৰ CID ৰ জিম্মালৈ প্ৰেৰণ কৰিছে দৰঙৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক । ৰূপম ফুকনে ডেৰ লাখ টকা উৎকোচ লৈ ঢেকীয়াজুলিৰ বনকৰা কিশোৰীৰ মৃত্যুৰ ঘটনাক বিপথে পৰিচালিত কৰাৰ অভিযোগ চি আই ডিয়ে লাভ কৰিছিল । আনহাতে, CID এ গ্ৰেপ্তাৰ কৰা ৩ চিকিৎসকক দৰঙৰ জিলা ন্যায়িক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ বাবে ইতিমধ্যে নিৰ্দেশ দিছে ।

ইপিনে ঘটনাস্থলীত উপস্থিত নোহোৱাকৈয়ে ঢেকীয়াজুলিৰ বনকৰা কিশোৰীগৰকীয়ে আত্মহত্যা কৰা বুলি প্ৰতিবেদন দিয়া অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ মঙলদৈত থকা ভাৰাঘৰ যোৱা বুধবাৰে ছীল কৰিছে CID-এ ।

লগতে পঢ়ক:Dhula Murder Case: মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনি চিকিৎসকক গ্ৰেপ্তাৰ

চি আই ডিৰ উচ্চ স্তৰীয় সূত্ৰই জনোৱা মতে, ঘটনাস্থলীত উপস্থিত নোহোৱাকৈয়ে ঢেকীয়াজুলিৰ বনকৰা কিশোৰীগৰকীয় আত্মহত্যা বুলি প্ৰতিবেদন দিয়া দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ মঙলদৈ আৰু গুৱাহাটীৰ লংকেশ্বৰত থকা ঘৰলৈ বুধবাৰে ১১ বজাত চি আই ডিৰ গুৱাহাটীৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে জাননী দিয়া হৈছিল ।

কিন্তু আশীৰ্বাদ হাজৰিকাই জাননীৰ কোনো উত্তৰ নিদিয়াৰ বাবে চি আই ডিয়ে অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ মঙলদৈত থকা ভাৰাঘৰ ছীল কৰিছিল । মন কৰিবলগীয়া যে, অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা পলাতক অৱস্থাত আছে । দৰঙৰ জিলা উপায়ুক্তই অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ ছুটি নাকচ কৰি শীঘ্ৰেই কামত যোগদান কৰাৰ নিৰ্দেশ দিছে । অন্যথা তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি দৰঙৰ জিলা উপায়ুক্তই ইতিমধ্যে সকীয়াই দিছে ।

লগতে পঢ়ক:Darrang ASP arrested: দৰঙৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details