ETV Bharat / state

আপুনিও বিচাৰে নেকি শীত-তাপ নিয়ন্ত্ৰিত বিচনাত শুই চাব ? - Air conditioned bed

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 7:46 PM IST

AC bed invented in Assam: অভাৱেই আৱিষ্কাৰৰ মূল, ৰাজ্যত প্ৰথমবাৰৰ উপলব্ধ হৈছে শীত-তাপ নিয়ন্ত্ৰিত বিচনা ৷ সুৰেণ বৰুৱাই প্ৰথমবাৰৰ বাবে উদ্ভাৱন কৰিলে এই বিশেষ বিচনাৰ ৷

AIR CONDITIONED BED
ৰাজ্যত প্ৰথমবাৰৰ বাবে উদ্ভাৱন শীত-তাপ নিয়ন্ত্ৰিত বিচনা (Etv Bharat assam)

তিনিচুকীয়া, ২৩ মে’: অত্যধিক গৰমে জ্বলা-ক'লা খুৱাইছে ৰাজ্যবাসীক ৷ গৰমৰ বাবে এতিয়া বহু লোকে বিচনাত শুব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ বিচনাত শুবলৈ গৈ গৰমৰ বাবে ছটফটাব লগা হৈছে ৷ যদিহে আপোনাৰ তেনে হৈছে তেন্তে এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই । এতিয়াৰে পৰা আপুনি গৰম নলগাকৈ শান্তিৰে টোপনি যাব পাৰিব ৷

ৰাজ্যত প্ৰথমবাৰৰ বাবে উদ্ভাৱন শীত-তাপ নিয়ন্ত্ৰিত বিচনা (Etv Bharat assam)

অসমীয়াত এষাৰ কথা আছে- অভাৱেই আৱিষ্কাৰৰ মূল ৷ কিন্তু এইক্ষেত্ৰত গৰম নহয় গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ তিনিচুকীয়া জিলাৰ পানীতোলাৰ সুৰেণ বৰুৱাই উদ্ভাৱন কৰিছে এখন বিশেষ বিচনা ৷ এই বিশেষ বিচনাখন হৈছে শীত-তাপ নিয়ন্ত্ৰিত (AC Bed) ।

চাৰিটা বছৰৰ পূৰ্বে পানীতোলাৰ ৬৪ বছৰীয়া সুৰেণ বৰুৱাই নিজে উৎকট গৰমত শুব নোৱাৰি চাহ বাগানৰ মাজত গছৰ তলত বহি থাকোতেই তেওঁৰ মনলৈ আহিছিল এই শীত-তাপ নিয়ন্ত্ৰিত বিচনাখন নিৰ্মাণ কৰাৰ কথা । তাৰ পাছতেই তেওঁ চাৰিটাকৈ বছৰৰ বহু চেষ্টা আৰু অধ্যৱসায়ৰ ফলত নিৰ্মাণ কৰিলে এইখন শীত-তাপ নিয়ন্ত্ৰিত বিচনা ৷ এই বিচনাখন বিদ্যুৎচালিত ৷ বিচনাখনত প্ৰয়োজন হয় ৩৭ ৱাট বিদ্যুতৰ ৷ যদিও এই বিচনাখন বিদ্যুতেৰে চলিত, ই কিন্তু সম্পূৰ্ণ সুৰক্ষিত ৷ বিচনাখনত ২৪ ঘণ্টাই বিদ্যুৎ পৰিবাহিত হ’লেও কোনো অসুবিধা নহয় ৷

এই শীত-তাপ নিয়ন্ত্ৰিত বিচনাখনত শুলে আপোনাৰ সম্পূৰ্ণ শৰীৰটো ক্ষন্তেকতে শীতল হৈ পৰিব আৰু কম সময়ৰ ভিতৰতেই আপুনি টোপনি যাব ৷ ইতিমধ্যে এই বিচনাখনে বিদেশত এক সুন্দৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে বুলি জনোৱাৰ লগতে ৰাজ্যবাসীয়ে বিচনাখনৰ বাবে যোগাযোগ কৰিছে বুলি বৰুৱাই জানিবলৈ দিয়ে ৷

উক্ত বিচনাখনৰ বজাৰমূল্য মাত্ৰ ৬০ হাজাৰ টকা আৰু বিচনাখন নিৰ্মাণ কৰোতে সময় লাগে ১৫ দিন ৷ ইতিমধ্যে বিগত দিনসমূহত সুৰেণ বৰুৱাই শতাধিক শীত-তাপ নিয়ন্ত্ৰিত বিচনা বিদেশলৈ ৰপ্তানি কৰিছে বুলি সদৰী কৰে ৷ অনাগত দিনসমূহত তেওঁ বিচনাখন কাৰিকৰী দিশত আৰু উন্নত কৰিবলৈ গৈ আছে বুলি জানিবলৈ দিয়ে ৷

যদিহে কোনো লোকে এই শীত-তাপ নিয়ন্ত্ৰিত বিচনাখন ক্ৰয় কৰিব বিচাৰে তেন্তে সুৰেণ বৰুৱাৰ লগত যোগাযোগ কৰিলেই পাব বুলি অৱগত কৰে সুৰেণ বৰুৱাই ৷

লক্ষণীয় যে, সুৰেণ বৰুৱাই বিগত ৩৪ বছৰ ধৰি বিভিন্ন যন্ত্ৰ-পাতি উদ্ভাৱন কৰাৰ লগতে লাভ কৰিছে বিভিন্ন সা-সন্মান ৷ ইতিমধ্যে সুৰেণ বৰুৱাই ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰিবলৈও সক্ষম হৈছে ৷ শীত-তাপ নিয়ন্ত্ৰিত বিচনাখনৰ লগতে গ্ৰীণ টী প্ৰস্তুত কৰা মেচিন, আখৈ প্ৰস্তুত কৰা মেচিন , বিভিন্ন ধৰণৰ পাংখাকে ধৰি বহুতো ন ন যন্ত্ৰ-পাতি উদ্ভাৱন কৰি আহিছে বৰুৱাই । নিজস্ব চিন্তা-চৰ্চাৰে প্ৰস্তুত কৰি অহা যন্ত্ৰ-পাতিৰ জৰিয়তে ৰাজ্যখনৰ লগতে চুবুৰীয়া ৰাজ্য তথা বিদেশতো সুকীয়া স্থান লাভ কৰিছে সুৰেণ বৰুৱাই ৷

লগতে পঢ়ক: আকৌ এবাৰ স্বপ্নভংগ বিৰাটৰ, অপেক্ষা আৰু এটা বছৰলৈ - indian premier league 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.