ETV Bharat / sports

আকৌ এবাৰ স্বপ্নভংগ বিৰাটৰ, অপেক্ষা আৰু এটা বছৰলৈ - indian premier league 2024

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 10:49 PM IST

Updated : May 23, 2024, 8:27 AM IST

RR vs RCB Eliminator : আই পি এল ২০২৪ৰ এলিমিনেটৰত ৰাজস্থানৰ হাতত পৰাস্ত বেংগালুৰু ৷ ইয়াৰ লগতে আইপিএলৰ খিতাপ দখলৰ সপোন আকৌ এবাৰ সপোন হৈয়ে ৰ’ল বিৰাটৰ ৷

RR vs RCB Eliminator
ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ যুঁজ (ETV BHARAT HINDI DESK)

স্পৰ্টছ ডেস্ক, ২২ মে’ : আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ৰ এলিমিনেটৰত সঞ্জু চেমছনৰ অধিনায়কত্বত থকা ৰাজস্থান ৰয়েলছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুক পৰাস্ত কৰে । ইয়াৰ লগে লগে বিৰাট কোহলীৰ দল বেংগালুৰুৰ আইপিএলৰ যাত্ৰা অন্ত পৰিল আৰু তেওঁৰ খিতাপ অৰ্জনৰ সপোন আকৌ এবাৰ সপোন হৈয়ে ৰ’ল । মেচখনত প্ৰথমে বেটিং কৰি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে ৮ উইকেটত ১৭২ ৰান সংগ্ৰহ কৰে । দলটোৰ হৈ ৰজত পাটিদাৰে ৩৪, লমৰ’ৰে ৩২ ৰান কৰাৰ বিপৰীতে বিৰাট কোহলীয়ে ৩৩ ৰানৰ ইনিংছ খেলে ।

ইফালে ৰাজস্থানৰ হৈ আভেশ খানে ৩টা আৰু অশ্বিনে দুটা উইকেট দখল কৰে । য়ুজবেন্দ্ৰ চাহাল, সন্দীপ শৰ্মা আৰু ট্ৰেন্ট বৌল্টে 1টাকৈ উইকেট দখল কৰে ৷ প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে কিছু উইকেট হেৰুৱাইছিল যদিও ১৯ অভাৰত ৪ উইকেটত খেলখন নিজৰ নামত কৰিবলৈ সক্ষম হয় । ১৮ অভাৰৰ অন্তিম বলত ৰভমেন পাৱেলে ছয় মাৰি দলটোৰ বিজয় নিশ্চিত কৰে ৷ পাৱেলে ২ চাৰি আৰু এটা ছয়ৰ সহায়ত ৮ বলত ১৬ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে যশস্বী জয়ছোৱালে ৪৫ ৰানৰ সৰ্বোচ্চ ইনিংছ খেলে । ৰিয়ান পৰাগে ৩৬ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ আৰু ছিমৰান হেটমায়াৰে ২৬ ৰান সংগ্ৰহ কৰে ।

এতিয়া কোৱালিফায়াৰ-২ত ৰাজস্থানে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব । এই খেলখন ২৪ মে’ত এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব, আনহাতে এই খেলখনৰ বিজয়ী দলে ২৬ মে’ত একেখন খেলপথাৰতে খিতাপ দখলৰ মেচত অৱৰ্তীণ হ’ব । ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে ৷

লগতে পঢ়ক : আই পি এলৰ এলিমিনেটৰত আৰ আৰ বনাম আৰ চি বি; কাৰ কিমান শক্তি ? - IPL 2024

Last Updated : May 23, 2024, 8:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.