Dhula teenager murder case: কেনেকৈ মেনেজ হৈছিল আৰক্ষী; কাৰ শ্ৰুতলিপি মতে হৈছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ?

author img

By

Published : Nov 8, 2022, 4:49 PM IST

Dhula teenager murder case

ধনৰ লোভত এটা হত্যাৰ ঘটনাক গাপ দিছিল দৰঙৰ কেইগৰাকীমান আৰক্ষী বিষয়া আৰু কেইগৰাকীমান চিকিৎসকে ৷ পিচে জুই জ্বলিলে ধোঁৱা ওলাবই, সেই আৰক্ষী আৰু চিকিৎসককেইজনৰ কৰ্তব্যৰ গাফিলতি তথা মিছাক সঁচা কৰা কাৰোবাৰটোও পোহৰলৈ আহিল (Teenager girl raped in Dhula)৷ আজি তেওঁলোকক লেই লেই চেই চেই কৰিছে সকলোৱে ৷

মঙলদৈ, 8 নৱেম্বৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই আৰক্ষী তথা চৰকাৰী সকলো বিভাগৰ পৰা দুৰ্নীতি নিৰ্মূল কৰাৰ কথা কৈছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma against scam) ৷ ৰাজ্যৰ আৰক্ষী বিভাগৰ প্ৰতি থকা জনসাধাৰণৰ ভয়-ভীতি বা ভুল ধাৰণাক আঁতৰাই ৰাইজৰ মাজত থাকি আৰক্ষীক কাম কৰিবলৈও নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী শৰ্মা আৰু ডিজিপি ভাস্কৰজ্যোতি মহন্তই ৷ সেই মৰ্মেই 2021 চনত ৰাজ্যৰ আৰক্ষী বিভাগত কৰা হৈছিল সৰ্ববৃহৎ ৰদ-বদল ৷ প্ৰতিখন জিলাৰেই আৰক্ষী অধীক্ষক সাল-সলনি কৰি আমূল পৰিৱৰ্তন সাধনৰ চেষ্টা চলোৱা হৈছিল ৷

ৰদ-বদল হ’ল, আৰক্ষীয়ে ড্ৰাগছ, চোৰাং কাৰোবাৰ, দুৰ্নীতি আৰু বিভিন্ন অপৰাধৰ বিৰুদ্ধে ক্ষীপ্ৰতাৰে নামিও পৰিল ৷ কিন্তু তাৰ মাজতো যেন কৰ’বাত আসোঁৱাহ ৰৈ গ’ল ৷ আইনৰ ৰক্ষক ৰূপী আৰক্ষীৰ লোক সকলৰ একাংশৰ কিন্তু আইনৰ বেচা-কিনা কৰা স্বভাৱটো সলনি নহ’ল ৷ যাৰ বাবে বহু সময়ত ন্যায়ৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছে একাংশ দুৰ্ভগীয়া জনতা আৰু ধনৰ বলেৰে বলীয়ান হৈ সমাজত দপদপাই ফুৰিব পাৰিছে একাংশ অপৰাধীয়ে ৷ কেৱল আৰক্ষী বিভাগতেই নহয়, এনে বেচা-কিনা কাৰোবাৰ ৰাজ্যৰ প্ৰায়বোৰ বিভাগতেই চলি থকাৰ খবৰ ইতিমধ্যে প্ৰচাৰ হৈছে ৷

শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত বন্দী হোৱা চৰকাৰী বিষয়াৰ তালিকাখনেই ইয়াৰ প্ৰমাণ দিয়ে ৷ দৰমহাৰ টকাৰে জেপ নভৰা এইসকল বিষয়াই অসৎ উপায়েৰে ধন লৈ জালত পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ ৷ হাত দাঙি উঠোৱা এনে বিষয়া-কৰ্মচাৰীৰ ফটোৱে চ’ছিয়েল মিডিয়াত তোলপাৰ লগাই থকা দেখা গৈছে (CM vigilance trapped Corrupt officers )৷

এনেদৰেই ধনৰ লোভত এটা হত্যাৰ ঘটনাক গাপ দিছিল দৰঙৰ কেইগৰাকীমান আৰক্ষী বিষয়া আৰু কেইগৰাকীমান চিকিৎসকে ৷ পিচে জুই জ্বলিলে ধোঁৱা ওলাবৈ, সেই আৰক্ষী আৰু চিকিৎসক কেইজনৰ কৰ্তব্যৰ গাফিলতি তথা মিছাক সঁচা কৰা কাৰোবাৰটোও পোহৰলৈ আহিল ৷ আজি তেওঁলোকক লেই লেই চেই চেই কৰিছে সকলোৱে ৷

ৰাজ্য কঁপোৱা ধূলাকাণ্ড, 11 জুনত কি হৈছিল ধূলাত ?

11 জুনৰ পুৱা ধূলা চ’কৰ নিবাসী এজন এছ এছ বি জোৱান কৃষ্ণকমল বৰুৱাৰ ভাড়াঘৰত উদ্ধাৰ হৈছিল বনকৰা কিশোৰীগৰাকীৰ মৃতদেহ (Teenager body recovered in Dhula) ৷ কোৱা হৈছিল যে, কিশোৰীগৰাকীয়ে আত্মহত্যা কৰিছে ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো প্ৰকাশ পাইছিল একেই তথ্য ৷ কিন্তু ঘটনাটো প্ৰকৃততে বেলেগ আছিল ৷

সঁচাকৈয়ে আত্মহত্যা কৰিছিল নেকি কিশোৰীগৰাকীয়ে ?

নহয়, এছ এছ বি জোৱান কৃষ্ণকমলৰ হাতত ধৰ্ষিতা হৈছিল তেওঁৰেই ঘৰত বনকৰা হিচাপে থকা 13 বছৰীয়া কিশোৰীগৰাকী (Teenager girl raped in Dhula) ৷ গোপনীয়তাৰ খাতিৰত কিশোৰীগৰাকীৰ নাম আমি উল্লেখ কৰাৰ পৰা বিৰত আছোঁ ৷ প্ৰায় 9 বছৰ বয়সৰ পৰাই এছ এছ বিৰ জোৱান কৃষ্ণকমল বৰুৱাৰ ঘৰত বনকৰা হিচাপে আছিল কিশোৰীগৰাকী ৷ কিন্তু তাই হয়তো জনা নাছিল যে, যাৰ ঘৰত বন কৰি তাই দুবেলা দুসাঁজ খাইছে, তেৱেঁই এদিন ইয়াৰ প্ৰতিদান হিচাপে তাইৰ পৰা আঁজুৰি ল’ব সতীত্ব আৰু তাইৰ জীৱন ৷

সূত্ৰ অনুসৰি, সেইদিনা পুৱা ঘৰত নাছিল কৃষ্ণকমলৰ পত্নী ৷ তাৰেই সুযোগ লৈ এছ এছ বিৰ জোৱানজন জপিয়াই পৰে জীয়াৰিৰ বয়সীয়া বনকৰা কিশোৰীগৰাকীৰ ওপৰত ৷ প্ৰথমে উপৰ্জুপৰি ধৰ্ষণ কৰাৰ পাচত হত্যা কৰে কিশোৰীগৰাকীক ৷ মৃতদেহটো ওলোমাই থৈ ৰূপ দিয়ে আত্মহত্যাৰ ৷ তাৰ পাচত খবৰ দিয়া হ’ল আৰক্ষীক ৷ ঘটনাৰ তদন্তৰ বাবে আহিল তদানীন্তন ধূলা থানাৰ অ’চি উৎপল বড়া ৷ তাৰ পাচতেই এটা হত্যাকাণ্ড কাগজে-পত্ৰই ৰূপান্তৰিত হৈছিল আত্মহত্যাৰ ঘটনালৈ (Dhula murder case updates)৷

কেনেকৈ পোহৰলৈ আহিছিল সমগ্ৰ তথ্য ?

কিশোৰীগৰাকীৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া তথা প্ৰতিবাদৰ ৷ সৰ্বত্ৰে কিশোৰীগৰাকীৰ মৃত্যুৰ উপযুক্ত তদন্তৰ দাবী উঠে ৷ তাৰ মাজতেই ঢেকীয়াজুলিত থকা কিশোৰীগৰাকীৰ ঘৰলৈ যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ তেতিয়াই পোহৰলৈ আহে ঘটনাৰ আন এটা দিশ ৷ কিশোৰীগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত ধূলা থানাত এজাহাৰ দিছিল পৰিয়ালৰ লোকে ৷ কিন্তু সেই এজাহাৰখন গ্ৰহণ কৰা নাছিল তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া উৎপল বড়াই ৷ তাৰ পাচত দুটামান দল-সংগঠনে তদানীন্তন জিলা আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক এই ঘটনাৰ বিষয়ে এখন অভিযোগ পত্ৰ প্ৰদান কৰে ৷

কিশোৰীগৰাকীৰ ঘৰৰ পৰা উভতি অহাৰ পাচতেই এই ঘটনাৰ সত্যাসত্য নিৰূপণৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ তেওঁৰ নিৰ্দেশতেই নিলম্বন কৰা হয় দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন আৰু ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বড়াক (Darrang Police officials suspended)৷ ঘটনাৰ তদন্তৰ বাবে চি আই ডিত 20/2022 নম্বৰত ৰুজু কৰা হয় এটা গোচৰ ৷ চি আই ডিৰ উপ মহাপৰিদৰ্শক দেৱৰাজ উপাধ্যায়, এছ এছ পি ইন্দ্ৰাণী বৰুৱাৰ নেতৃত্বত গঠন কৰা হয় এটা বিশেষ তদন্তকাৰী গোট ৷

এই SIT ৰ তদন্তত পোহৰলৈ আহে সমগ্ৰ ঘটনাটোক অন্য ৰূপ দিয়াৰ ভয়ংকৰ তথ্য ৷ লগে লগে পুতি থোৱা অৱস্থাৰ পৰা উলিয়াই আনি পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় কিশোৰীগৰাকীৰ মৃতদেহ ৷ এই দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে পৰ্দা উদঙাই দিয়ে কিশোৰীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ৷ পৰীক্ষাত ধৰা পৰে যে, ধৰ্ষণ কৰি হত্যা কৰা হৈছিল কিশোৰীগৰাকীক ৷

কেনেকৈ গাপ দিয়া হৈছিল হত্যাকাণ্ডটো ?

ইয়াৰ পাচতেই চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে ধূলা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া উৎপল বড়াক (CID grilled OC Utpal Bora) ৷ উৎপল বড়াৰ ভাড়াঘৰ, শহুৰৰ ঘৰ আদিত চলে চি আই ডিৰ অভিযান ৷ যোৱা 1 নৱেম্বৰত চি আই ডিয়ে মাৰাথন জেৰা চলাই উৎপল বড়াক ৷ চি আই ডিৰ জেৰাত উপায়ন্তৰ হৈ সৈ কাঢ়ে নিলম্বিত অ’চি বড়াই ৷

অভিযোগ মতে, পাঁচলাখ টকাত হৈছিল হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰ সকলো বন্দবস্ত ৷ সমগ্ৰ বিষয়টোৰ পৰা নিজকে ৰক্ষা কৰিবলৈ পোনতে ধূলা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া উৎপল বড়াক মেনেজ কৰিছিল কৃষ্ণকমল বৰুৱাই ৷ অ’চি বৰাৰ যোগেদিয়েই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সলনিৰ ঠিকা দিছিল এছএছবিৰ জোৱানজনে ।

নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক জেৰা আৰু তিনিগৰাকী চিকিৎসকক গ্ৰেপ্তাৰ :

কেৱল অ’চি উৎপল বড়াকেই নহয়, এই ঘটনাৰ বাবে নিলম্বন কৰা দৰঙৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনকো সোমবাৰে চি আই ডিয়ে জেৰা কৰে ৷ জেৰাত আন কেতবোৰ তথ্য লাভ কৰে তদন্তকাৰী দলে ৷ তাৰ পাচতেই গ্ৰেপ্তাৰ কৰা হয় মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনি গৰাকীকৈ জ্যেষ্ঠ চিকিৎসকক ৷

এই তিনিগৰাকী চিকিৎসক ক্ৰমে ডাঃ অজন্তা বৰদলৈ, ডাঃ অৰুণ ডেকা আৰু ডাঃ অনুপম শৰ্মা । ডাঃ অজন্তা বৰদলৈয়ে মঙলদৈ মহকুমা স্বাস্থ্য বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্রস্তুতিত সমগ্র বিষয়টো আৰক্ষী বিষয়াৰ ভাষ্যানুসৰি সলনি কৰা বুলি অনানুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ডাঃ অজন্তা বৰদলৈয়ে ।

এইদৰেই এক মোটা অংকৰ বিনিময়ত এগৰাকী দুৰ্ভগীয়া কিশোৰীৰ বলাৎকাৰ আৰু হত্যাৰ ঘটনাক আত্মহত্যাৰ ৰূপ এগৰাকী ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাইছিল এজন আইনৰ ৰক্ষকে ৷ যাক সহযোগিতা আগবঢ়ালে সাধাৰণ মানুহৰ বাবে ভগৱান স্বৰূপ কেইজনমান চিকিৎসকে ৷ অৱশ্য়ে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত আংশিক হ’লেও ন্যায় পালে দুৰ্ভগীয়া কিশোৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Dhula Murder Case: মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনি চিকিৎসকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.