অসম

assam

3 বজাৰ দহটা শীৰ্ষ খবৰ

By

Published : Sep 3, 2021, 2:59 PM IST

3 বজাৰ দহটা শীৰ্ষ খবৰ

3 বজাৰ দহটা শীৰ্ষ খবৰ

1. গোলাঘাট জিলা প্ৰশাসনেৰে পৰ্যালোচনা সভা মন্ত্ৰী কেশৱ মহন্তৰ

গোলাঘাটৰ বিভিন্ন দিশ সামৰি জিলা প্ৰশাসনেৰে বৈঠকত মিলিত হয় জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ বৃহস্পতিবাৰে গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যলায়ত এই সভাত মিলিত হয় মন্ত্ৰীগৰাকী ৷

2. অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে মহানগৰীত চাইকেল ৰেলী

আজি অভিৰুচি ক্ৰীড়া দিৱস ৷ বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ দিনটোতে ৰাজ্যত উদযাপন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস ৷ এইবেলি কেবিনেটত ৰাজ্য চৰকাৰে অভিৰুচি ক্ৰীড়া দিৱসটো ৰাজ্যিক ক্ৰীড়া দিৱস হিচাপে সমগ্ৰ ৰাজ্যতে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ তাৰ পৰিপ্ৰেক্ষিততে শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰাজ্যিক ক্ৰীড়া দিৱস ৷

3. ক্ৰীড়াৰ ক্ষেত্রত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক অসম অলিম্পিক সন্থাৰ ভূয়সী প্ৰশংসা

অসম অলিম্পিক সন্থাৰ বিষয়ববীয়াৰ সংবাদমেল । সন্থাৰ মতে চৰকাৰৰ সিদ্ধান্তই ক্ৰীড়াৰ যোগেদি যে ভৱিষ্যৎ সুৰক্ষিত কৰিব পাৰি তাক প্ৰতিপন্ন কৰিলে । অসম দক্ষতা বিকাশ অভিযানৰ সহায়ত ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগক প্ৰশিক্ষক উলিয়াই অনাত গুৰুত্ব দিবলৈ আহ্বান সন্থাৰ । আৰ্চাৰীৰ আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক আৰু অধিক গুৰুত্ব দিবলৈ আহ্বান ।

4. ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নামাকৰণৰ নতুন সিদ্ধান্তক আদৰণি

ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ(Orang National Park) পৰা ৰাজীৱ গান্ধীৰ(Rajiv Gandhi) নাম কৰ্তন কৰাৰ বাবে অসম চৰকাৰৰ কেবিনেটক ধন্যবাদ জ্ঞাপন অৰণ্য সুৰক্ষা সমিতি অসম(Aranya Suraksha Somitee Assam), চাহ জনগোষ্ঠী জাতীয় মহাসভা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP) আৰু অসম কুৰ্মী সমাজৰ(Asom Kurmi Samaj) । লগতে ৰাষ্ট্ৰীয় উদ্যানখন অবৈধ বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ বাবেও চৰকাৰক আহ্বান জনায় সংগঠন কেইটাই ৷

5. বিপদসংকুলভাৱে নাৱেৰে কৰ্তব্য পালন বনকৰ্মীৰ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ (Orang National Park) প্ৰায় পঞ্চাশ শতাংশ অঞ্চল ইতিমধ্যে বানপানীয়ে বুৰাই পেলাইছে ৷ উদ্যানখনৰ দক্ষিণে ব্ৰহ্মপুত্ৰ নৈ আৰু পশ্চিমে ধনশ্ৰী নৈৰ বাঢ়নি পানী উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰাত জীৱ-জন্তুৰ প্ৰতি ভাবুকি আহি পৰিছে । ইতিমধ্যে বহু জীৱ-জন্তু ওখ নিৰাপদ স্থানত আশ্ৰয় লৈছে ৷

6. কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে কাজিৰঙাৰ জীৱকূলে...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত(Kaziranga National Park)ত বান(Flood) পৰিস্থিতি কিছু পৰিমাণে উন্নত হ’লেও এতিয়াও বিপদমুক্ত নহয় জীৱ-জন্তুসমূহ ৷ খাদ্যৰ সন্ধানত তথা নিৰাপদ স্থান বিচাৰি জীৱ-জন্তুবোৰে কাৰ্বি পাহাৰৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত হৈছে ৷

7. 2017 চনৰ ড্ৰাগছৰ গোচৰ সন্দৰ্ভত EDৰ সন্মুখীন ৰাকুল প্ৰীত সিং

2017 চনৰ ড্ৰাগছ সংক্ৰান্তীয় গোচৰ সন্দৰ্ভত শুকুৰবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ৰ(ED) হায়দৰাবাদস্থিত কাৰ্যালয়ত উপস্থিত অভিনেত্ৰী ৰাকুল প্ৰীত সিং(Rakul Preet Singh) ৷ টলীউডৰ মুঠ 20 গৰাকী তাৰকাৰ বিৰুদ্ধে ইতিমধ্যে চমন জাৰি কৰিছে ইডিয়ে ৷

8. ছমাহৰ অন্তত পাঠদানৰ বাবে সাজু ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়

সুদীৰ্ঘ ছমাহৰ বিৰতিৰ অন্তত পুনৰ পাঠদানৰ বাবে সাজু হৈছে ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ অহা 6 ছেপ্তেম্বৰৰ পৰা বিদ্যালয়খনত সম্পূৰ্ণ ক'ভিড নীতি-নিয়ম মানি চলি আৰম্ভ হ'ব পাঠদান প্ৰক্ৰিয়া ৷

9. ত্ৰিপুৰাত পুনৰ তৃণমূলৰ কৰ্মীক আক্ৰমণ

ত্ৰিপুৰাত বিজেপি আৰু তৃণমূলৰ সংঘৰ্ষ অব্যাহত আছে । বৃহস্পতিবাৰে পুনৰ তৃণমূলৰ কৰ্মীক আক্ৰমণ কৰে দুৰ্বৃত্তই । তৃণমূলৰ অভিযোগ এই আক্ৰমণ বিজেপিয়ে কৰিছে ।

10. শিৱসাগৰত অভিৰুচি ক্ৰীড়া দিৱস পালন

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ(Bhogeswar Baruah) জন্মদিন উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো ‘অভিৰুচি ক্ৰীড়া দিৱস’(Abhiruchi Sports Day) পালন ৷ ৰংপুৰজ্যোতি ক্লাব আৰু ৰাইজৰ সহযোগত পালন কৰা হয় এই বিশেষ দিনটো ৷

ABOUT THE AUTHOR

...view details