ETV Bharat / state

কৃষি মন্ত্ৰীৰ সমষ্টিত ৰাইজে বন্ধ কৰিলে পথৰ নিৰ্মাণ কাৰ্য - Corruption in road construction

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 9:29 AM IST

Protest against Contractor
চেলক অঞ্চলৰ ৰাইজে কৰিলে প্ৰতিবাদ

এটা তিনি কিলোমিটাৰ পথ । বোকাখাত বিধানসভা সমষ্টিৰ এই পথটো নিৰ্মাণৰত অৱস্থাতেই এৰিছে চি চি ব্লক । সেয়েহে ৰাইজে গ্ৰহণ কৰিলে সিদ্ধান্ত । কি কৰিলে ৰাইজে ?

চেলক অঞ্চলৰ ৰাইজে কৰিলে প্ৰতিবাদ

গোলাঘাট, ১ মে': দুৰ্নীতিৰ বিৰুদ্ধে শূন্য় সহনশীল বুলি দাবী কৰি অহা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ দিনত খোদ কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিতেই পথ নিৰ্মাণত সংঘটিত হৈছে দুৰ্নীতি । এই অভিযোগ উত্থাপন কৰিছে বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঠৰী চেলক অঞ্চলৰ ৰাইজে । নিম্ন মানৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰা প্ৰত্যক্ষ কৰি ৰাইজে বন্ধ কৰিলে কাম । যেতিয়ালৈকে এইক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ব্য়ৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে ৰাইজে পথৰ কাম পুনৰ আৰম্ভ কৰিবলৈ নিদিয়ে বুলি সকীয়াই দিছে ।

এই পথটোৰ নিবিদা লাভ কৰা ঠিকাদাৰজনৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । ঠিকাদাৰৰ সৈতে বিভাগীয় কৰ্তৃপক্ষৰ গোপন বুজাবুজি থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । ৰাইজে বহু ঘাট- প্ৰতিঘাটৰ মাজেদি আবেদন নিবেদন তথা প্ৰতিবাদ কৰাৰ ফলত এই পথৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল । বোকাখাত বিধানসভা সমষ্টিৰ পাঠৰী চেলক সংযোগী পথৰ কাম আৰম্ভ কৰিছিল যদিও নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি থকা দেখি স্থানীয় ৰাইজ আৰু মিচিং ছাত্ৰ সংগঠন টি এম পি কেৰ নেতৃত্বই কালি বন্ধ কৰি দিয়ে কাম।

স্থানীয় ৰাইজে অভিযোগ অনুসৰি কেবিনেট মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত নিৰ্মাণৰত তিনি কিলো মিটাৰ পথটোত ব্যৱহাৰ হোৱা চি চি ব্লক সমূহ অতি নিম্নমানৰ হোৱাৰ বাবেই ব্লকসমূহ নিৰ্মাণৰত অৱস্থাতে ভাগি টুকুৰা টুকুৰ হৈ পৰিছে ৷ এই সমগ্ৰ বিষয়টো বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰক অৱগত কৰাৰ পিছতো নীৰৱ ভুমিকা গ্ৰহণ কৰিছে বুলি অভিযোগ তুলি ৰাইজে । পথটো যেতিয়ালৈ ভাল চি চি ব্লকৰ ব্যৱস্থা নকৰে তেতিয়ালৈকে কাম বন্ধ কৰি ৰাখিব বুলি পাঠৰী চেলেকৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি সকীয়াই দিয়ে ।

লগতে পঢ়ক:বইটামাৰীত সামান্য় শিল পেলায়েই ধন লুটিলে পঞ্চায়ত প্ৰতিনিধিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.