ETV Bharat / state

বইটামাৰীত সামান্য় শিল পেলায়েই ধন লুটিলে পঞ্চায়ত প্ৰতিনিধিয়ে

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 8:51 PM IST

Corruption in road construction: বঙাইগাঁৱৰ বৈটামাৰীত পথ নিৰ্মাণত দুৰ্নীতি । এই অভিযোগ উত্থাপন কৰিছে বইটামাৰীৰ ৰাইজে । ৰঘুনন্দনপুৰ দ্বিতীয় খণ্ডত পথ নিৰ্মাণৰ কামত ব্যপক দুৰ্নীতি হোৱাৰ অভিযোগ ৰাইজৰ ।

Corruption in road construction
বৈটামাৰীত পথ নিৰ্মাণত অনিয়ম
বৈটামাৰীত পথ নিৰ্মাণত অনিয়ম

বঙাইগাঁও, ২ফেব্ৰুৱাৰী: বঙাইগাঁও জিলাৰ বৈটামাৰীত পথ নিৰ্মাণত ব্য়াপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । নামমাত্ৰ চেণ্ড গ্ৰেভেল পেলাই পথৰ বাবে আৱন্টিত ধন উদৰস্থ কৰিলে স্বয়ং আঞ্চলিক পঞ্চায়ত সদস্যাই । এই লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বঙাইগাঁও জিলাৰ বইটামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰঘুনন্দনপুৰ দ্বিতীয় খণ্ডত পথ নিৰ্মাণৰ কামত ব্যপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে ৷ পথ নিৰ্মাণৰ কামত বইটামাৰী আঞ্চলিক পঞ্চায়ত সদস্যা জুতিকা দাসে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে ৷ এই অনিয়মৰ বিৰুদ্ধে শেহতীয়াকৈ ক্ষোভ উজাৰিছে ৰাইজে ৷

ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি বইটামাৰী আঞ্চলিক পঞ্চায়ত সদস্যা জুতিকা দাসে নামমাত্ৰ চেণ্ড গ্ৰেভেল পেলাই ধন আত্মসাত কৰিছে । উল্লেখ্য যে বঙাইগাঁও জিলাৰ বইটামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰঘুনন্দনপুৰ ২য় খণ্ডত এটা পথ নিৰ্মাণত নিম্নমানৰ কাম কৰাৰ স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰাৰ পিচতেই ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে । আঞ্চলিক পঞ্চায়ত সদস্যাৰ পূঁজিৰ ধনেৰে নিৰ্মাণ হৈ থকা পথটোৰ কামত কিমান ধন আবণ্টন হৈছে নাজানে স্থানীয় ৰাইজে । তদুপৰি কোনো তথ্য ফলক নোহোৱাকৈ দুই ডাম্পাৰ চেণ্ড গ্ৰেভেল পেলায়ে আবণ্টিত ধন আত্মসাত কৰাৰ অভিযোগ কৰিছে ৰাইজে ।

আঞ্চলিক পঞ্চায়ত সদস্যা জুতিকা দাসে দুই ডাম্পাৰ চেণ্ড গ্ৰেভেল পেলায়ে কাম সম্পূৰ্ণ হোৱা দেখুৱাই দায়িত্ব সামৰৰ অভিযোগ স্থানীয় ৰাইজৰ । এই পথটোৰ নিৰ্মাণৰ কাম তথ্য ফলকসহ কৰিবলৈ ৰাইজে দাবী জনাইছে । ইয়াৰ অন্য়থা জিলা আয়ুক্তলৈ অভিযোগ দাখিল কৰাৰ হুংকাৰ দিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:দৰং মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.